Price hike in Assam : ১ এপ্ৰিলৰ পৰা ৮০০ বিধ ঔষধত ১০.০৮ % কৈ হ’ব মূল্যবৃদ্ধি

By

Published : Mar 29, 2022, 12:11 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

বৰ্তমান মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসীক (Price hike in Assam) ৷ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্যও (Petrol price hike in Assam) ৷ এনে সময়তে পুনৰ বৃদ্ধি হ’বলৈ গৈ আছে জীৱন দায়িনী ঔষধৰ মূল্য । নতুন নিৰিখত প্ৰায় আঠশ বিধ বিভিন্ন প্ৰকাৰৰ ঔষধ বজাৰলৈ আহিব এক এপ্ৰিলৰ পৰা । ১০.০৮% কৈ ঔষধৰ মূল্যবৃদ্ধিৰ ফলত প্ৰায় আঠশ বিধতকৈও অধিক ঔষধৰ দাম বৃদ্ধি পাব (Price hike of Essential Drugs)। যাৰ ফলত গ্ৰাহকে বহুকেইবিধ ঔষধ পূৰ্বতকৈ অধিক মূল্যত ক্ৰয় কৰিব লগীয়া হ’ব । এই ঔষধসমূহৰ ভিতৰত আছে মধুমেহ, উচ্চ ৰক্ত চাপ, জ্বৰ ইত্যাদিৰ ঔষধ । উল্লেখ্য যে, ঔষধৰ মূল্য নিৰ্ধাৰণ কৰা সংস্থাটো হৈছে নেছনেল ফাৰ্মাছিটিকেল প্ৰাইজিং অথ’ৰিটি বা চমুকৈ এন পি পি এ । এই সন্থাটোৱে ধাৰ্য কৰিছে প্ৰায় আঠশ বিধতকৈও অধিক ঔষধৰ মূল্য ৷ এই মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণে যে, পুনৰাই অসুবিধাৰ সন্মুখীন হ’ব, সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.