ETV Bharat / sukhibhava

XBB Covid variant: নতুনকৈ প্ৰকট হোৱা ক'ভিডৰ এই XBB ভেৰিয়েন্টক লৈ কিয় বৃদ্ধি পাইছে উদ্বিগ্নতা

author img

By

Published : Oct 20, 2022, 12:47 PM IST

XBBৰ ভয়াৱহতাৰ বিষয়ত কিমান সতৰ্ক আপুনি ? বৰ্তমান দেশবাসীৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে Covid-19 ৰ এই নতুন ভেৰিয়েন্ট XBB । ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগ । ৰাজ্যত বিগত সপ্তাহৰ তুলনাত ১০ অক্টোবৰৰ পৰা ১৬ অক্টোবৰৰ ভিতৰত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৭.৭ শতাংশলৈ বৃদ্ধি পাইছে আৰু উৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে এই ভাইৰাছৰ সংক্ৰমণৰ আশংকাও দিনক দিনে বৃদ্ধি পাইছে ৷ জানক কি হয় এই XBB আৰু ইয়াৰ উৎপত্তি ক'ৰ পৰা হৈছিল...

XBB variant of Covid What is it and why it poses danger
নতুনকৈ প্ৰকট হোৱা ক'ভিডৰ এই XBB ভেৰিয়েন্টক লৈ কিয় বৃদ্ধি পাইছে উদ্দিগ্নতা

বৰ্তমান দেশবাসীৰ বাবে Covid-19 ৰ নতুন ভেৰিয়েন্ট XBB এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগ । ৰাজ্যত বিগত সপ্তাহৰ তুলনাত ১০ অক্টোবৰৰ পৰা ১৬ অক্টোবৰৰ ভিতৰত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৭.৭ শতাংশলৈ বৃদ্ধি পাইছে আৰু উৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে এই ভাইৰাছৰ সংক্ৰমণৰ আশংকাও দিনক দিনে বৃদ্ধি পাইছে ৷

XBB ভেৰিয়েন্টটো কি ?(WHAT IS XBB VARIANT)

আগষ্ট মাহত ছিংগাপুৰত ধৰা পৰিছিল ক'ভিড ভেৰিয়েন্ট XXB । ই অমিক্ৰ'নৰ BA.2.75 আৰু BJ.1ৰ চাবভেৰিয়েন্ট । এতিয়ালৈকে এই ভাইৰাছ বিশ্বৰ ১৭খন দেশত ধৰা পৰিছে । XBB সংস্কৰণত BA.2.75 ৰ তুলনাত "বৃদ্ধিৰ সুবিধা" আৰু প্ৰতিৰোধ ক্ষমতাৰ অৱক্ষয়ী গুণ আছে বুলি বিশ্বাস কৰা হৈছে।

এ*ষ্টাৰৰ বায়’ইনফৰ্মেটিক্স ইনষ্টিটিউটৰ(A*Star’s Bioinformatics Institute) সঞ্চালক ডাঃ চেবাষ্টিয়ান মাউৰেৰ-ষ্ট্ৰ’হে জনোৱা মতে, এই নতুন ভেৰিয়েণ্টটো ভাইৰাছৰ স্পাইক ছাৰ্ফেচ প্ৰ’টিনত হোৱা পৰিৱৰ্তনৰ সঞ্চয়ৰ ফল(know about XBB) ।

জিন’ম ক্ৰমবিন্যাসৰ সৈতে জড়িত বিজ্ঞানীসকলে ভাৰতৰ প্ৰায় ৮৮% নতুন সংক্ৰমণৰ কাৰণ BA.2.75 ৰ ফলত হোৱাৰ বিপৰীতে XBB ৭% হোৱা জানিবলৈ দিয়ে । ছিংগাপুৰত XBB প্ৰধান আৰু শেহতীয়াকৈ দ্বীপ দেশখনত নতুনকৈ Covid ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হ’ব পাৰে । থাইলেণ্ডে নিজৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে ইতিমধ্যে চেক মাউণ্ট কৰিছে । ইউৰোপৰ কৰ্তৃপক্ষইও সমগ্ৰ পৰিস্থিতি অতি নিখুটভাৱে নিৰীক্ষণ কৰি আছে ।

ই বিপজ্জনক নেকি ?(IS IT DANGEROUS)

XBBৰ স্পাইক প্ৰ'টিনৰ ওপৰত সাতটা মিউটেচন আছে । ৰোগ প্ৰতিৰোধ ক্ষমতাই XBB চিনাক্ত কৰিবলৈ সময় লয় । ই প্ৰতিৰোধ কোষক ট্ৰিক্স কৰি ডজ কৰে আৰু আমাৰ শৰীৰৰ কোষবোৰত অধিক সহজে প্ৰৱেশ কৰি সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে ।

একাংশ বিশেষজ্ঞৰ মতে, XBB হৈছে Covidৰ আটাইতকৈ সংক্ৰামক ভেৰিয়েন্ট । জনছ হপকিন্স চেণ্টাৰ ফৰ হেল্থ ছিকিউৰিটিৰ(Johns Hopkins Center for Health Security) আমেছ আদালজাই আঙুলিয়াই দিয়ে যে, “ই সম্ভৱতঃ আটাইতকৈ বেছি ইমিউন-এভেচিভ আৰু বৰ্তমানৰ মনোক্ল’নেল এন্টিব’ডি ভিত্তিক চিকিৎসা আৰু প্ৰতিৰোধ কৌশলৰ বাবে সমস্যাৰ সৃষ্টি কৰে ।” কিছুমান গৱেষকৰ মতে Covid ভেকচিনে মানুহক এই ভেৰিয়েন্টৰ পৰা ৰক্ষা কৰিব নোৱাৰিব; আৰু সেইবোৰ অকাৰ্যকৰী কৰা হ’ব । XBBৰ ফলত পুনৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলিও ইংগিত পোৱা গৈছে ।

মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগে সকীয়াই দিছে যে, XBB ভেৰিয়েণ্টে নৱেম্বৰৰ মাজভাগত, উৎসৱৰ বতৰ শেষ হোৱাৰ পিছত শীৰ্ষত উপনীত হ’ব । চৰকাৰে লগতে আঙুলিয়াই দিয়ে যে শেহতীয়াকৈ হোৱা এই বৃদ্ধি বহুলাংশে মুম্বাই, থানে, ৰায়গাডৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলত লক্ষ্য কৰা হৈছে ।

একাংশ বিশেষজ্ঞই কয় যে আপাত দৃষ্টিত জৰুৰীকালীন ক্ষেত্ৰতহে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ’ব । কিন্তু বৃদ্ধ আৰু কোমৰবিডিটিত আক্ৰান্তসকলে অধিক সাৱধান হ’ব লাগে আৰু নিজকে সুৰক্ষিত কৰিবলৈ মাস্ক পিন্ধিব লাগে বুলি একমত হৈছে। লগতে যিমান পাৰি সোনকালে সাৱধানতামূলক বা বুষ্টাৰ ড’জ গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক: World Osteoporosis Day 2022: দ্ৰুত গতিত বৃদ্ধি পাইছে অষ্টিঅ’পৰ’ছিছ ৰোগীৰ সংখ্যা!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.