ETV Bharat / sukhibhava

শিশুৰ শৰীৰৰ গোন্ধৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

author img

By

Published : Apr 28, 2022, 7:14 PM IST

গ্ৰীষ্মকালত ঘামৰ পৰা শৰীৰৰ গোন্ধ পোৱাটো স্বাভাৱিক । শিশুৰ ক্ষেত্ৰতো ই সচৰাচৰ হোৱা দেখা যায় (Body odour in kids)। কিন্তু যদি শিশুৰ ঘামৰ গোন্ধ বৃদ্ধি হয়, তেন্তে বহুসময়ত ই বেমাৰৰ লক্ষণো হ'ব পাৰে ।

Body odour in kids
শিশুৰ শৰীৰৰ গোন্ধ

শৰীৰৰ পৰা ঘাম ওলোৱা আৰু ঘামৰ পৰা দুৰ্গন্ধ বাহিৰ হোৱা এটা সাধাৰণ কথা । কিন্তু যদি এই দুৰ্গন্ধ অত্যাধিক বৃদ্ধি হয়, কেতিয়াবা ই ৰোগৰ লক্ষণো হ'ব পাৰে (Body odor in kids) ।

অৱশ্যে, বেছিভাগ গোন্ধযুক্ত ঘামৰ কাৰণ হৈছে শৰীৰত পানীৰ অভাৱ, অস্বাস্থ্যকৰ আহাৰ আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱ ( What causes body odor in kids)। কিন্তু বহুসময়ত এই সমস্যাটো বেক্টেৰিয়াৰ সংক্ৰমণ বা স্বাস্থ্য়জনিত কাৰণতো হ'ব পাৰে । গোন্ধযুক্ত ঘামৰ বেছিভাগ সমস্যা প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত দেখা যায়, কিন্তু যদি এই সমস্যাটো শিশুৰ ক্ষেত্ৰত অধিক দৃশ্যমান হয়, তেনেহ'লে চিকিৎসাৰ প্ৰয়োজন আহি পৰে (Body odor problem in children) ৷

দুৰ্গন্ধযুক্ত ঘামৰ কাৰণ

হাৰিয়ানাৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ অনুজা ডাগৰে উল্লেখ কৰে যে সাধাৰণতে, খোৱা খাদ্য অস্বাস্থ্যকৰ হ'লে ঘামৰ গোন্ধ হয় আৰু গৰম বতৰ বা অন্যান্য কাৰণত বেক্টেৰিয়াই শৰীৰৰ ঘাম গ্ৰন্থি প্ৰভাৱিত কৰা আৰম্ভ কৰে । তেওঁ বৰ্ণনা কৰে যে বেছিভাগ সৰু শিশুৰ শৰীৰৰ ঘামৰ গোন্ধ নাথাকেই বা থাকিলেও খুব কম হয় । কিন্তু সাধাৰণতে, সাত বা আঠ বছৰতকৈ ডাঙৰ শিশুৰ ক্ষেত্ৰত ঘামত গোন্ধৰ সমস্যা আৰম্ভণি হ’ব পাৰে ।

তেওঁ বৰ্ণনা কৰে যে গ্ৰীষ্মকালত, অত্যাধিক খেলা বা ব্যায়াম কৰা আৰু অত্যাধিক দৌৰাৰ ফলত শিশুসকলৰ ঘাম ওলায় । বহুসময়ত, অত্যাধিক খাদ্য খোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবেও তেওঁলোকৰ ঘামত গোন্ধ ওলোৱা পৰিলক্ষিত হয় । কিন্তু যদি ঘামৰ গোন্ধ অত্যাধিক হয় আৰু ঘাম ওলোৱা ঠাইবোৰত খজুৱতি আৰু জ্বলা-পোৰা হয়, তেনেহ'লে আপুনি এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

ডাঃ অনুজাই বৰ্ণনা কৰে যে শিশুৰ ঘামত অত্যাধিক গোন্ধ পোৱাৰ বহুতো কাৰণ থাকিব পাৰে, যাৰ কিছুমান নিম্নলিখিত ধৰণৰ ( Smelly sweat reasons)-

পৰিচ্ছন্নতাৰ অভাৱ আৰু বেক্টেৰিয়াৰ প্ৰভাৱ

বহুসময়ত, শৰীৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ বা আন কোনো কাৰণত ঘাম ওলোৱা ঠাইবোৰত বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা বৃদ্ধি হয় । ইয়াৰ উপৰিও, তেওঁলোকৰ কোঠা বা বাসস্থান সমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱৰ ফলত, প্ৰতিদিনে ভালদৰে গা নোধোৱা আৰু লেতেৰা কাপোৰ পিন্ধাৰ অভ্যাসৰ ফলতো তেওঁলোকৰ ঘামৰ গোন্ধ তীব্ৰ হ’ব পাৰে ।

অস্বাস্থ্যকৰ খাদ্য

বেছিভাগ শিশুৱে ভাল পাই যথেষ্ট ভজা, মচলাযুক্ত আহাৰ । য'ত বহুগুণে নিমখ, পিয়াজ, নহৰু আৰু শৰীৰৰ ক্ষতি কৰা উপাদান অধিক পৰিমাণ থাকে । এনে প্ৰকাৰৰ আহাৰ অত্যাধিক গ্ৰহণ কৰিলে শৰীৰত প্ৰতিক্ৰিয়া হয়, যাৰ ফলত উশাহ দুৰ্গন্ধযুক্ত হোৱাৰ লগতে ঘাম ওলায় । ইয়াৰ বাহিৰেও, যদি শিশুৰ আহাৰত আঁহৰ অভাৱ থাকে আৰু হজমৰ বাবে উপকাৰী অন্যান্য পুষ্টি কমকৈ থাকে, ইয়ো ঘাম দুৰ্গন্ধযুক্ত কৰিব পাৰে ।

হৰ্ম’নেল পৰিৱৰ্তন

বহুসময়ত শৈশৱৰ পৰা যৌৱনপ্ৰাপ্তিত প্ৰৱেশ কৰা শিশু, অৰ্থাৎ যৌৱনৰ মাজেৰে যোৱা শিশুৰ শৰীৰত কিছু হৰমন আৰু অন্যান্য পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে । যাৰ ফলত ঘাম ওলোৱা সমস্যাটো এই পৰ্যায়ত বহুগুণে বৃদ্ধি পাব পাৰে ।

ডাঃ অনুজাই বৰ্ণনা কৰে যে বহুবাৰ বিভিন্ন ৰোগৰ বাবে ঘামত অত্যাধিক গোন্ধৰ সমস্যা হ'ব পাৰে । তেওঁ লগতে কয় যে আজিকালি ডায়েবেটিছৰ সমস্যা বহু সংখ্যক শিশুৰ ক্ষেত্ৰত দেখা যায় । ডায়েবেটিছৰ উপৰিও, বহুসময়ত যদি যকৃত বা বৃক্কত কোনো ধৰণৰ সংক্ৰমণ হয় আৰু হাইপাৰহিড্ৰোচিছৰ দৰে সমস্যা হয়, ঘামত অধিক দুৰ্গন্ধ উৎপত্তি হয় ।

এই সমস্যাৰ পৰা কেনেদৰে বাচিব (Tips for reducing body odour )

1.যিসকল শিশুৰ যথেষ্ট দুৰ্গন্ধযুক্ত ঘাম ওলাই তেওঁলোকে তেওঁলোকৰ আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে । তেওঁলোকৰ আহাৰত মাংস আৰু উচ্চ তেলযুক্ত খাদ্য আৰু মচলাৰ পৰিমাণ কম হ'ব লাগে ৷ ফল, পাচলি, মাহজাতীয় শস্য আৰু খাদ্যশস্যৰ পৰিমাণ অধিক হ'ব লাগে । তেওঁলোকক যথেষ্ট পৰিমাণে পানী আৰু অন্যান্য তৰল খাব লাগে । যাতে শৰীৰত পানীৰ অভাৱ নহয় ।

2.শিশুসকলক নিয়মীয়াকৈ গা ধুবলৈ আৰু দৈনিক পৰিষ্কাৰ ধুই ৰখা কাপোৰ পিন্ধিবলৈ অনুপ্ৰাণিত কৰিব লাগে । যদি ঘাম অত্যাধিক হয়, ঘাম ওলোৱা ঠাইবোৰ দিনত কমেও দুবাৰকৈ পৰিষ্কাৰ কৰিব লাগে, সেই ঠাইবোৰত এণ্টিবেক্টেৰিয়েল পাউডাৰ ব্যৱহাৰ কৰিব লাগে । ইয়াৰ উপৰিও, চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঘাম ওলোৱা ঠাইত এণ্টি-বেক্টেৰিয়া ক্ৰীম ব্যৱহাৰ কৰি সুফল পাব পাৰি ।

3.শিশুৰ গা ধোৱা পানীত কেইটোপালমান নেমুৰ ৰস বা নিম পাত যোগ দিব পাৰি । ই কেৱল শৰীৰৰ গোন্ধ দূৰ নকৰে বৰঞ্চ বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰে ।

চিকিৎসকৰ পৰা পৰামৰ্শ লওক

ডাঃ অনুজাই বৰ্ণনা কৰে যে যদি সচৰাচৰ সাৱধানতা অৱলম্বন কৰা স্বত্বেও, ঘাম ওলোৱা, লগতে খজুৱতি, চোকোৰা পৰা, ঘাম ওলোৱা স্থানত ছালৰ ৰং সলনি হোৱা বা শিশুৰ জ্বৰ হোৱা আদিৰ দৰে সমস্যা থাকে, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক । ইয়াৰ বাহিৰেও, যদি এনে শিশু যাৰ ইতিমধ্যে ডায়েবেটিছ বা আন কোনো ধৰণৰ ৰোগ আছে, তেনেহ'লে তেওঁলোকে আহাৰ আৰু ঔষধ সম্পৰ্কে চিকিৎসকৰ নিৰ্দেশনাক কঠোৰভাৱে অনুসৰণ কৰা উচিত ।

লগতে পঢ়ক: গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.