ETV Bharat / sukhibhava

Monsoon skin care tips:বাৰিষাৰ সময়ত ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

author img

By

Published : Jun 23, 2022, 6:31 AM IST

বাৰিষাই যদি এফালে কিছু সকাহ দিয়ে আনফালে আকৌ ই যথেষ্ট সমস্যাও সৃষ্টি কৰে । বাৰিষাৰ সময়ত বৰষুণ আৰু আৰ্দ্ৰতাই আমাৰ ছালৰ বিভিন্ন সমস্যা সৃষ্টি কৰে ৷ এই সময়ছৱাত উফি, একজিমা, খজুৱতি, চোকোৰাকে ধৰি ছালৰ বিভিন্ন সমস্যা বৃদ্ধি পাই । সেয়ে কিছু সাৱধানতামূলক পৰামৰ্শ আপোনালোকলৈ আগবঢ়ালো (Monsoon skin care tips) ৷

monsoon
বাৰিষাৰ সময়ত ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

দেশৰ বেছিভাগ ঠাইতে বাৰিষা ঋতু আৰম্ভ হৈছে ৷ মানুহে অৱশেষত প্ৰচণ্ড গৰমৰ পৰা সকাহ অনুভৱ কৰিছে । অৱশ্যে বাৰিষা ঋতুৰ সময়ত আৰ্দ্ৰতাৰ বাবে ছালৰ সংক্ৰমণ, এলাৰ্জি, ভেঁকুৰৰ সংক্ৰমণ ইত্যাদি হ'ব পাৰে ।

উত্তৰাখণ্ডস্থিত এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ ডাঃ আশা চাক্লানিয়ে এই ঋতুত সচৰাচৰ দেখা দিয়া ছালৰ কিছুমান সমস্যাৰ কথা উল্লেখ কৰিছে, যাৰ ভিতৰত আছে ৰিংৱৰ্ম, একজিমা, খজুৱতি, চোকোৰা ইত্যাদি ।

কি কি সাৱধানতা অৱলম্বন কৰিব পাৰি?

বাৰিষা ঋতুত ছালৰ সমস্যাৰ হাত সাৰিবলৈ ডাঃ আশাই নিম্নলিখিত পৰামৰ্শবোৰ (Monsoon skin care tips) উল্লেখ কৰিছে:

1.নিয়মীয়া ব্যৱধানত আপোনাৰ হাত ভালদৰে পৰিষ্কাৰ কৰক ।

2. সদায় পৰিষ্কাৰ আৰু শুকান কাপোৰ, জোতা পিন্ধিব ।

3. আপোনাৰ চুলি আৰু শৰীৰ দীঘলীয়া সময়ৰ বাবে তিয়াই নাৰাখিব ৷ বিশেষকৈ বৰষুণত ভিজাৰ পিছত সোনকালে গা ধুব ।

4. যদি এজন ব্যক্তিৰ খজুৱতি বা ছাল সম্পৰ্কীয় আন কোনো সমস্যা আছে, তেন্তে তেওঁৰ বস্তু ব্যৱহাৰ কৰা পৰিহাৰ কৰক ।

5. বৰষুণৰ দিনবোৰত ঘৰলৈ অহাৰ পিছত গা ধুব, যাতে আপোনাৰ শৰীৰত জমা হোৱা সকলো ঘাম, লেতেৰা আৰু বেক্টেৰিয়া আঁতৰি যায় ।

6. সোনকালে শুকোৱা আৰু ঢিলা কাপোৰ পৰিধান কৰিব ৷

7. এই ঋতুত আৰ্দ্ৰতাৰ বাবে ছাল কেতিয়াবা খহটা আৰু আঠাযুক্ত হৈ পৰে ৷ এই অৱস্থাত লেতেৰা আৰু মৃত কোষবোৰ ইয়াত জমা হ'বলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত এক্সফলিয়েচন অতি উপকাৰী । আপুনি আপোনাৰ ছাল এক্সফলিয়েট কৰাৰ পিছত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে ছালৰ সংক্ৰমণ বা ছালৰ অন্য স্থিতিলৈ চাই সেই বিশেষ স্থানত এক্সফলিয়েট কৰাটো পৰিহাৰ কৰিব, কিয়নো ই সংক্ৰমণ বিয়পি পৰাৰ আশংকা বৃদ্ধি কৰে ।

8. বৰষুণৰ বতৰত আৰ্দ্ৰতাৰ ফলত অত্যাধিক ঘাম ওলায়, যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায় ৷ ইয়াৰ ফলত ডিহাইড্ৰেচন হয় । গতিকে নিশ্চিত কৰিব যে আপুনি প্ৰতিদিনে যাতে কমেও 6-8 গিলাচ পানী খায় ।

9. যিসকল লোক ইতিমধ্যে ঋতুগত এলাৰ্জিত ভুগি আছে বা যাৰ ছাল সংবেদনশীল তেওঁলোক অতিৰিক্ত সতৰ্ক হোৱা উচিত ।

10. ইয়াৰ উপৰিও দীঘলীয়া সময়ৰ বাবে পানীত ভিজি থকা জোতা আৰু মোজা পিন্ধিলে আঙুলি, ছাল ফাটি যোৱা বা খেলুৱৈৰ ভৰিৰ মাজত ভেঁকুৰৰ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি হয় । সেয়েহে আপোনাৰ জোতা খোলাৰ পিছত আপোনাৰ ভৰি চাবোন আৰু পৰিষ্কাৰ পানীৰে ধুব । ভৰিৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ বডীলোচন প্ৰয়োগ কৰিব ।

চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক

ডাঃ আশাই কয় যে বহুসময়ত যেতিয়া মানুহে খজুৱতি, দাগ বা অন্যান্য মৃদু সংক্ৰমণৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে ঘৰতে চিকিৎসা আৰম্ভ কৰে যিটো একেবাৰেই উচিত নহয় ৷ ছালৰ সংক্ৰমণ আৰু এলাৰ্জি কেইবাটাও কাৰণত হ'ব পাৰে আৰু সেইবোৰৰ চিকিৎসা পৃথক হয় । যদি সঠিক চিকিৎসা অনুসৰণ কৰা নহয়, পৰিস্থিতি অধিক বেয়া হোৱাৰ আশংকা যাকে । সেয়েহে এনে কোনো ছাল সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া ঔষধ, মলম বা পাউডাৰ ব্যৱহাৰ কৰক ।

লগতে পঢ়ক: মাজে মাজে কৰা উপবাসে সঁচাকৈয়ে কৰে নেকি ওজন হ্ৰাস ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.