ETV Bharat / sukhibhava

ঘৰতে থকা এইবোৰ সামগ্ৰীৰ দ্বাৰা কৰক কাঁহ-চৰ্দিৰ চিকিৎসা

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 1:17 PM IST

These home remedies are good for a cold and runny nose
ঘৰতে থকা এইবোৰ সামগ্ৰীৰ দ্বাৰা কৰক কাঁহ-চৰ্দিৰ চিকিৎসা

Health Tips: ডাঙৰ-সৰু উভয়ে কাহ, চৰ্দি বা নাক বোৱা আদি সমস্যাত ভোগে ৷ এনে ক্ষেত্ৰত চিন্তাৰ কৰাৰ পৰিৱৰ্তে কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি এই সমস্যাৰ সমাধান অতি সহজে কৰিব পাৰে ৷ ই এনেধৰণৰ এক প্ৰতিকাৰ যিয়ে আপোনাক নাকৰ সমস্যাৰ পৰা সহজেই সকাহ পাব পাৰে ৷

নাকৰ পৰা পানী ওলোৱাটোৱেও শীতকালত ভাইৰাছৰ সংক্ৰমণৰ দৰেই অসুবিধাৰ সৃষ্টি কৰে ৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত এই সমস্যাই অধিক হোৱা দেখা যায় ৷ তাপমাত্ৰা অলপ কম হোৱাৰ লগে লগে তেওঁলোকৰ নাকটো ববলৈ আৰম্ভ কৰে ৷ ইয়াৰ লগতে চৰ্দি আৰু কাহেও শিশুৰ শৰীৰত সমস্যাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে ৷ ডাঙৰ-সৰু উভয়ে এই সমস্যাত ভোগে ৷ এনে পৰিস্থিতিত অনুভৱ হয় যে কেনেকৈ সোনকালে সকাহ পাব পাৰি ৷ যাৰ বাবে ডাক্তৰৰ ওচৰলৈ যাতে যাবলগীয়া নহয় ৷ কিন্তু এনে পৰিস্থিতিত চিন্তাৰ কৰাৰ পৰিৱৰ্তে কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি এই সমস্যাৰ সমাধান অতি সহজে কৰিব পাৰে ৷ ই এনেধৰণৰ এক প্ৰতিকাৰ যিয়ে আপোনাক নাকৰ সমস্যাৰ পৰা সহজেই সকাহ পাব পাৰে ৷

  • মৌ আৰু আদা

মৌ আৰু আদা অতীজৰে আয়ুৰ্বেদত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে৷ ইয়াৰ বাবে আদা পিচি তাৰ ৰস চামুচত লওক৷ তাত অলপ মৌ মিহলাই লওক ৷ এই মিশ্ৰণ নিয়মীয়াকৈ খাওক৷ ই আপোনাৰ চৰ্দি, কাঁহৰ দৰে সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ ৷

  • কুহুমীয়া সৰিয়হৰ তেল

সৰিয়হৰ তেল গৰম কৰক ৷ তাত নহৰু আৰু জিৰা অলপ দিব ৷ এই তেলেৰে বুকু, পিঠি আৰু মূৰ মালিচ কৰক ৷ সৰিয়হৰ তেলে শৰীৰক উষ্ণতা প্ৰদান কৰে ৷ বহুতে নাকত সৰিয়হৰ তেলো লগায় ৷ কিন্তু এই ঔষধ তেতিয়াহে ব্যৱহাৰ কৰক যদিহে ইয়াৰ পৰা আপোনাৰ কোনো এলাৰ্জী বা সমস্যা নাথাকে ৷

  • জাইফল

জাইফল পিহি বা তাৰ গুড়ি বনাই গাখীৰত মিহলাই লওক ৷ গাখীৰখিনি ভালদৰে উতলাই লওক ৷ এই গাখীৰ কেইদিনমান খাওক৷ ঋতুভিত্তিক সমস্যাৰ পৰা আপুনি সহজে সকাহ পাব ৷

  • তুলসীৰ চাহ

তুলসীৰ চাহ শৰীৰৰ সঠিক উষ্ণতা বজাই ৰখাৰ লগতে নাকৰ পানী ওলোৱা ৰোধ কৰাত উপযোগী ৷ চাহত তুলসী দি ভালদৰে উতলাই লওক ৷ এই চাহ অলপ গৰম কৰি খাব ৷ ইয়াৰ লগে লগে জমা হোৱা চৰ্দিও ভাল হ’বলৈ আৰম্ভ কৰিব ৷

  • ভাপ লওক

নাক বা কাহৰ ক্ষেত্ৰত ভাপ ল’লে দুয়োটা সমস্যাতে অতি উপকাৰী ৷ ইয়াৰ ফলত সমগ্ৰ নজেল ট্ৰেকটো পৰিষ্কাৰ হয় ৷ ৰাতি শুবলৈ যোৱাৰ আগতে ভাপ ল’বলৈ চেষ্টা কৰক৷ ইয়াৰ পিছত বুকুত সৰিয়হৰ তেল লগাই শুব । কেইদিনমানৰ পিছত আপুনি নিজাববীয়াকৈ সকাহ পাব ৷

লগতে পঢ়ক: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত উপকাৰী এইকেইবিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.