ETV Bharat / sukhibhava

ডায়বেটিছ আৰু জ্ঞানেন্দ্ৰিয় ক্ষমতা কম থকা লোকসকলৰ হৃদৰোগৰ আশংকা অধিক

author img

By

Published : Apr 22, 2022, 5:17 PM IST

Updated : Apr 22, 2022, 5:57 PM IST

এণ্ডোক্ৰাইন চ’ছাইটিৰ জাৰ্নেল অফ ক্লিনিকেল এণ্ডোক্ৰিন’লজি এণ্ড মেটাব’লিজমত প্ৰকাশিত এক নতুন অধ্যয়নে কৈছে কেৱল ডায়েবেটিছ থকা লোকসকলৰ তুলনাত দ্বিতীয় প্ৰকাৰৰ ডায়বেটিছ থকা লোকসকল যাৰ জ্ঞান আহৰণৰ ক্ষমতা কম ষ্ট্ৰোক, হাৰ্ট এটেক বা মৃত্যুৰ আশংকা অধিক (Individuals with diabetes cognitive decline should keep in mind of heart attack) হ'ব পাৰে ।

heart disease risk
হৃদৰোগৰ আশংকা

এটা নতুন অধ্যয়ন অনুসৰি দ্বিতীয় প্ৰকাৰৰ ডায়বেটিছ থকা লোকসকল যাৰ জ্ঞানগত বিকাৰ আছে তেওঁলোকৰ কেৱল ডায়েবেটিছত আক্ৰান্ত ব্যক্তিসকলৰ তুলনাত ষ্ট্ৰোক, হৃদআক্ৰমণ বা মৃত্যুৰ আশংকা অধিক হ'ব পাৰে (Individuals with diabetes cognitive decline should keep in mind of heart attack) । ফলাফলবোৰ এণ্ডোক্ৰাইন চ’ছাইটিৰ জাৰ্নেল অফ ক্লিনিকেল এণ্ডোক্ৰিন’লজি এণ্ড মেটাব’লিজমত প্ৰকাশ হৈছিল ।

যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা নতুন বস্তু মনত ৰখাত অসুবিধা পাই, শিকাত কষ্ট অনুভৱ কৰে, মনোযোগ দিয়া বা সিদ্ধান্ত লোৱাত সমস্যাৰ সন্মুখীন হয় তেতিয়া তাক জ্ঞানগত বিকাৰ বুলি কোৱা হয় (Cognitive decline) । আমেৰিকা যুক্তৰাষ্ট্ৰত 16 নিযুতৰো অধিক লোক জ্ঞানগত বিকাৰৰ সৈতে জীয়াই আছে ৷ বয়স হৈছে আটাইতকৈ ডাঙৰ বিপদাশংকাৰ কাৰক, কিয়নো এই ৰোগৰ ফলত পিছলৈ এলঝেইমাৰ, ডায়েবেটিচ, হৃদৰোগ, ষ্ট্ৰোক বা মৃত্যু হ'ব পাৰে ।

কানাডাৰ হেমিল্টনৰ মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ সহ-লেখক হাৰ্টজেল চি. গেৰষ্টাইনে কৈছিল, "আমাৰ এই অধ্যয়নটোত জ্ঞানেন্দ্ৰিয় পৰীক্ষাত কম নম্বৰ পোৱা লোকসকল যি ডায়বেটিছত আক্ৰান্ত, তেনে লোকৰ ক্ষেত্ৰত হৃদৰোগৰ আশংকা অধিক থাকে বুলি প্ৰমাণ হৈছে ৷ অৱশ্যে এতিয়াও ইয়াক নিশ্চিত ৰূপত একেবাৰে সঁচা বুলি ক’ব নোৱাৰি, যদিও এনে ৰোগীৰ ভৱিষ্যতৰ হৃগৰোগৰ আশংকা দূৰ কৰিবলৈ ঔষধ প্ৰদান কৰা উচিত" ৷

গৱেষকসকলে পাঁচ বছৰত ৰিৱাইণ্ড পৰীক্ষণৰ জৰিয়তে টাইপ 2 ডায়েবেটিচ থকা 8,772 জন লোকৰ ওপৰত অধ্যয়নটো চলাইছিল ৷ তেওঁলোকে দেখিলে যে নিম্নখাপৰ জ্ঞানেন্দ্ৰিয় ক্ষমতা থকা লোকসকলৰ হৃদআক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকা উচ্চ স্তৰৰ জ্ঞানেন্দ্ৰিয় ক্ষমতা লোকসকলৰ তুলনাত অধিক আছিল ।

লগতে পঢক: Fourth COVID wave in India: ক’ভিড-19 ৰ চতুৰ্থ ঢৌৰ দিশে আগবাঢ়িছে নেকি ভাৰত

Last Updated :Apr 22, 2022, 5:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.