ETV Bharat / sukhibhava

Navratri 2023: নৱৰাত্ৰিৰ বাবে ব্ৰত পালিবলৈ গৈ আছে নেকি ? তেন্তে দিনটো কি খালে আপোনাৰ শৰীৰে শক্তিলাভ কৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:21 PM IST

Navratri 2023: If you are observing Navratri fast, then know what food will keep you energetic throughout the day
নৱৰাত্ৰিৰ বাবে ব্ৰত পালিবলৈ গৈ আছে নেকি ? তেন্তে দিনটো কি খালে আপোনাৰ শৰীৰে শক্তিলাভ কৰিব জানি লওক

মা দূৰ্গাক উৎসৰ্গিত নৱৰাত্ৰি উৎসৱ মাত্ৰ কেইদিনমানৰ ভিতৰতে আৰম্ভ হ'বলৈ গৈ আছে ৷ বিশ্বাস কৰা হয় যে সত্য হৃদয়েৰে মাতৃ দেৱীক পূজা কৰিলে সকলো মনোকামনা পূৰণ হয় ৷ ইয়াৰ বাবে বহুলোকে এই ন দিন উপবাসে থাকে ৷ এনে পৰিস্থিতিত আজি আমি আপোনালোকক ক'বলৈ ওলাইছো শৰীৰত শক্তি বজাই ৰাখিবলৈ আপুনি এই সময়ত আপুনি কি খাদ্য গ্ৰহণ কৰিব লাগে ৷

হিন্দু ধৰ্মত নৱৰাত্ৰি উৎসৱৰ বিশেষ তাৎপৰ্য আছে ৷ এইবাৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এই উৎসৱ ৷ এই উৎসৱত দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় ৷ নৱৰাত্ৰিৰ সময়ত ভক্তসকলেও দেৱীক সন্তুষ্ট কৰিবলৈ ৯ দিন উপবাস পালন কৰে ৷

যদিও কিছুমানে ব্ৰতৰ সময়ত কেৱল পানীহে খায়, তথাপিও বহুতে ফল-মূলো খায় ৷ কেৱল এয়াই নহয়, একাংশলোকে দিনটোত এবাৰকৈ খাদ্য খায় ৷ গতিকে নৱৰাত্ৰি ব্ৰতৰ সময়ত কোনবোৰ বস্তু খালে অধিক উপকাৰী হ’ব পাৰে জানি লওক ৷

কুট্টুৰ আটা

নৱৰাত্ৰি ব্ৰতৰ সময়ত ঘেঁহু, চাউলৰ দৰে শস্য খোৱা নহয় ৷ এনে পৰিস্থিতিত কুট্টুৰ আটা (Buckwheat Flour)ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াক ব্যৱহাৰ কৰি ৰুটি বা পৰঠা বনাব পাৰে ৷ ইয়াক খালে আপোনাৰ পেটটো ভৰি থাকিব আৰু আপুনি শক্তি লাভ কৰিব ৷

চাগু

চাগু কল গাখীৰ, বা চাগুৰ খিচিৰি, লাড়ু আদি ব্ৰতৰ সময়ত খোৱা জনপ্ৰিয় ব্যঞ্জন ৷ ইয়াক অতি সহজে হজম কৰিব পৰা যায় ৷ ইচ্ছা কৰিলে মিঠা বা নিমখীয়া ৰূপতো খাব পাৰে ৷

শুকান ফল

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ শুকান ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ উপবাসৰ সময়ত শৰীৰক শক্তিৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত শুকান ফল খাব লাগিব ৷ শুকান ফল খোৱাৰ ফলত পেটটো দীৰ্ঘসময়লৈকে ভৰি থাকিব আৰু ভোক অনুভৱ নহয় ৷

দৈ

উপবাসৰ সময়ত দৈ খালে শৰীৰৰ শক্তি বজাই ৰাখে ৷ ই তৎক্ষণাত শক্তিৰ খাদ্য হিচাপে কাম কৰে ৷ দৈ খালে হজম শক্তি সুস্থ হৈ থাকে আৰু লগতে শৰীৰৰ বিষমুক্ত হয় ৷ উপবাসৰ সময়ত দৈ ব্যৱহাৰ কৰি বহু ধৰণৰ ৰেচিপি তৈয়াৰ কৰিব পাৰে ৷

ফল-মূল আৰু শাক-পাচলি

নৱৰাত্ৰীৰ উপবাসত শক্তিশালী হৈ থাকিবলৈ ফলমূল আৰু শাক-পাচলি খাব পাৰে ৷ ইয়াৰ ফলত শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ দূৰ হয় ৷ ইয়াৰ উপৰিও ই ওজন কমোৱাতো সহায় কৰে ৷ আপোনাৰ উপবাসৰ থালত পানীলাউ, তিয়ঁহ, বিলাহী, কমলা, অমিতা, বিট আদি নিশ্চয়কৈ ৰাখিব ৷

লগতে পঢ়ক: Durga Puja outfit ideas: দুৰ্গাপূজা-নৱৰাত্ৰিৰ বাবে পাৰ্ফেক্ট লুক বিচাৰিছে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.