ETV Bharat / sukhibhava

Iodine Deficiency: আয়’ডিন আমাৰ বাবে কিয় প্ৰয়োজনীয়; আয়’ডিনৰ অভাৱ হ’লে শৰীৰত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ?

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 3:37 PM IST

টিভি, বিজ্ঞাপনত হয়তো আপুনি নিশ্চয় বহুবাৰ শুনিছে যে আয়’ডিন আমাৰ শৰীৰৰ বাবে কিমান জৰুৰী ৷ ইয়াৰ অভাৱৰ ফলত শৰীৰত কিমান গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে এই বিষয়ে জানি লও আহক...

Iodine deficiency can cause miscarriage, stillbirth, and mental retardation in young children
আয়ডিন আমাৰ বাবে কিয় প্ৰয়োজনীয়; আয়ডিনৰ অভাৱ হ’লে শৰীৰত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ?

আপুনি জানেনে যে শৰীৰত আয়’ডিনৰ অভাৱ হ’লে থাইৰয়ডৰ কাম-কাজ আৰু বিপাকীয় ক্ৰিয়াত সমস্যাৰ সৃষ্টি হয় আৰু বহুতো ৰোগ আৰু বিকাৰৰ সৃষ্টি হ’ব পাৰে! কেৱল এয়াই নহয়, শিশুৰ মানসিক অক্ষমতা বা গৰ্ভৱতী মহিলাৰ গৰ্ভপাত বা মৃত শিশুৰো জন্ম হ’ব পাৰে ৷

খাদ্যৰ পৰা পোৱা অন্যতম গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আয়’ডিন, যাৰ অভাৱত শৰীৰত বহুতো বিকাৰ আৰু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ যদিও ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে আয়’ডিনৰ অভাৱত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে সজাগতা বিয়পাই দিয়াৰ লগতে আয়’ডিন সমৃদ্ধ খাদ্য প্রয়োজনীয় পৰিমাণত সেৱন কৰিবলৈ প্রেৰণা যোগোৱাৰ বাবে বহু অভিযান চলোৱা হৈছে, কিন্তু তথাপিও বিশ্ব পর্যায়ত এই দিশত কোনো অগ্রগতি হোৱা নাই ৷ অধিক সজাগতা বিয়পোৱাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন ৷

আয়’ডিন কি আৰু ই কিয় গুৰুত্বপূৰ্ণ ?

আয়’ডিন হৈছে খাদ্যৰ খনিজ পদাৰ্থ যিয়ে থাইৰয়ড গ্ৰন্থিত উৎপাদিত হৰম’ন উৎপাদনত আৰু গ্ৰন্থিৰ কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ থাইৰয়ড গ্ৰন্থিয়ে আচলতে আমাৰ শৰীৰৰ উষ্ণতা, ভোক, বৃদ্ধি আৰু শক্তিৰ মাত্ৰা নিয়ন্ত্ৰণকে ধৰি আন বহুতো কাম নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় হৰম’ন উৎপন্ন কৰে ৷ এইবোৰত খাদ্যৰ যোগেদি পোৱা আয়’ডিনৰ পৰা থাইৰয়ড হৰম’ন থাইৰ’ক্সিন (T4) আৰু ট্ৰাইঅ’ড’থাইৰ’নিন (T3) উৎপন্ন হয় ৷

এনে পৰিস্থিতিত যেতিয়া শৰীৰে প্ৰয়োজনীয় পৰিমাণৰ আয়’ডিন লাভ নকৰে তেতিয়া থাইৰয়ড হৰম’নৰ উৎপাদন আৰু ইয়াৰ কাৰ্য্যক্ষমতাত ব্যাঘাত জন্মাবলৈ আৰম্ভ কৰে ৷ যাৰ বাবে ভুক্তভোগীৰ বহু স্বাস্থ্য সম্পৰ্কীয় বা শৰীৰৰ বিকাশৰ লগত জড়িত বিকাৰ বা সমস্যাৰ আশংকা বৃদ্ধি পায় ৷

বিশেষকৈ প্ৰাথমিক শৈশৱত আয়’ডিনৰ অভাৱত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি হয় আৰু শিক্ষণ ক্ষমতা হ্ৰাস বা মানসিক মন্থৰতা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ আয়’ডিনৰ অভাৱেও গৰ্ভৱতী মহিলাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে আৰু কেতিয়াবা মৃত শিশুৰ জন্ম বা গৰ্ভপাতৰ সৃষ্টি কৰিব পাৰে ৷

এইবোৰৰ বাহিৰেও আয়’ডিনৰ অভাৱত গ’ইটাৰ, হাইপ’থাইৰয়ডিজম বা ওজন বৃদ্ধিকে ধৰি আন বহুতো সমস্যাও হ’ব পাৰে ৷

পৰিসংখ্যাই কি কয় ?

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ প্ৰায় ২০০ কোটি লোকে প্ৰয়োজনীয় পৰিমাণত আয়’ডিন সেৱন কৰিব পৰা নাই ৷ যাৰ বাবে আয়’ডিনৰ অভাৱত ১৩০খন দেশত স্বাস্থ্যজনিত যথেষ্ট সমস্যা আৰু বিকাৰৰ সৃষ্টি হয় ৷

পৰিসংখ্যা অনুসৰি বিশ্বৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ অৰ্থাৎ প্ৰায় ৩৩% লোক আয়’ডিন ডেফিচিয়েন্সি ডিছঅৰ্ডাৰ (IDD) ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে ৷ ভাৰতত ৬.১ কোটিতকৈ অধিক লোক আয়’ডিনৰ অভাৱৰ ফলত হোৱা স্থানীয় গ’ইটাৰ ৰোগত আক্ৰান্ত আৰু প্ৰায় ৮৮ লাখ লোক মানসিক/শাৰীৰিক অক্ষমতাত ভুগি আছে ৷

লগতে পঢ়ক: Mental Health: আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব এইসমূহ কামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.