ETV Bharat / sukhibhava

ভাৰতত ৫০ শতাংশ লোক এই কাৰণতে আক্ৰান্ত হয় কৰ্কট ৰোগত

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 11:06 AM IST

Updated : Jan 4, 2024, 11:44 AM IST

Cancer: ভাৰতৰ কৰ্কট ৰোগ সন্দৰ্ভত প্ৰকাশ পোৱা এক প্ৰতিবেদনত পোহৰলৈ আহিছে বহু আচৰিত তথ্য ৷ ভাৰতত এবছৰত কৰ্কট ৰোগত ৯.৩ লাখ লোকৰ মৃত্যু হয় ইয়াৰে ৫০ শতাংশ লোক তলত উল্লেখিত এই কাৰণতে আক্ৰান্ত হয় কৰ্কট ৰোগত ৷

In India, 9.3 lakh people died due to cancer in one year, 50 percent of people suffer from this deadly disease
ভাৰতত ৫০ শতাংশ লোক এক কাৰণতে আক্ৰান্ত হয় কৰ্কট ৰোগত

২০১৯ চনত ভাৰতত ১২ লাখ নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ একে সময়তে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৯.৩ লাখ লোকৰ ৷ আচৰিত কথাটো হ’ল যে এইসকল লোকৰ ৫০ শতাংশতকৈ অধিক লোক ধঁপাতৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু বহুলোকে ইয়াৰ ফলত নিজৰ প্ৰাণো হেৰুওৱাবলগীয়া হৈছিল ৷

শেহতীয়াকৈ ‘দ্য লেন্সেট ৰিজিঅ’নেল হেল্থ চাউথইষ্ট এছিয়া’ নামৰ আলোচনীখনত প্ৰকাশিত এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে ৷ গৱেষকসকলে এই কথা জানিব পাৰিছে যে এছিয়াত চীন আৰু জাপান কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ পিছ পৰি থকা নাই ৷

গৱেষকসকলৰ মতে, ২০১৯ চনত এছিয়াত কেন্সাৰ জনস্বাস্থ্যৰ প্ৰতি এক উল্লেখযোগ্য ভাবুকি হৈ পৰিছিল, য’ত ৯৪ লাখ নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৫৬ লাখ লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰে চীনত সৰ্বাধিক ৪৮ লাখ নতুন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে ২৭ লাখ লোকৰ মৃত্যু হৈছে ৷

জাপানত প্ৰায় ৯ লাখ নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৪.৪ লাখ লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ দলটোত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কুৰুক্ষেত্ৰ আৰু অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স যোধপুৰ আৰু বাথিণ্ডাৰ গৱেষকসকলো অন্তৰ্ভুক্ত কৰা হৈছিল ৷ তেওঁলোকে তেওঁলোকৰ অধ্যয়নত লিখিছে, “আমি ১৯৯০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত এছিয়াৰ ৪৯খন দেশত ২৯ প্ৰকাৰৰ কৰ্কট ৰোগৰ টেম্প’ৰেল পেটাৰ্ণ পৰীক্ষা কৰিলোঁ ৷”

গৱেষকসকলৰ মতে, এছিয়াত কেন্সাৰ বেছিকৈ শ্বাসনলী, ব্ৰংকাছ আৰু হাওঁফাওঁ (TBL)ত দেখা গৈছিল ৷ আনুমানিক ১৩ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে ১২ লাখ লোকৰ এই ৰোগত মৃত্যু হৈছে ৷ এই অংগসমূহৰ কৰ্কট ৰোগৰ বেছিভাগেই পুৰুষৰ ক্ষেত্ৰত পোৱা গৈছিল ৷

গৱেষকসকলে কয় যে, বিশেষকৈ মহিলাৰ মাজত ছাৰ্ভাইকেল কেন্সাৰৰ ৰোগীয়ে দ্বিতীয় স্থান আৰু এছিয়াৰ বহু দেশত শীৰ্ষ পাঁচটা স্থানত আছে ৷ ২০০৬ চনত প্ৰৱৰ্তন কৰা হিউমেন পেপিলোমা ভাইৰাছ (HPV) ভেকচিন ৰোগ প্ৰতিৰোধ আৰু এইচ পি ভি সম্পৰ্কীয় মৃত্যু হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ৷

তেওঁ কয় যে, কৰ্কট ৰোগৰ বাবে দায়ী ৩৪টা কাৰকৰ ভিতৰত ধূমপান, মদ্যপান আৰু প্ৰদূষক পদাৰ্থ প্ৰধান কাৰক হিচাপে পোৱা গৈছে ৷ তেওঁ নিজৰ অধ্যয়নত কয়, “এছিয়াত পৰিৱেশৰ বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ বাবে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ খুবেই চিন্তনীয় ৷”

গৱেষকসকলৰ মতে, ভাৰত, বাংলাদেশ আৰু নেপালৰ দৰে দক্ষিণ এছিয়াৰ দেশত খৈনী, গুটখা, পান মছলা ৰূপত ধঁপাত সেৱন কৰাটো চিন্তাৰ বিষয় ৷ ২০১৯ চনত বিশ্বৰ মুঠ মৃত্যুৰ ভিতৰত ভাৰতত ৩২.৯ শতাংশ মৃত্যু হোৱাৰ বিপৰীতে ২৮.১ শতাংশ নতুনকৈ ওঁঠ আৰু মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ তেওঁ কয় যে, ‘মুখৰ কৰ্কট ৰোগৰ ৫০ শতাংশতকৈ অধিক ৰোগী ধঁপাত সেৱনৰ সৈতে জড়িত ৷ শেহতীয়াকৈ ভাৰতকে ধৰি দক্ষিণ এছিয়াত ইয়াৰ ধাৰা বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: দেশত Covidৰ লগতে ইনফ্লুৱেঞ্জা ফ্লুৰ আশংকা বৃদ্ধি; ইয়াৰ লক্ষণ তথা নিদান জানি লওক

Last Updated :Jan 4, 2024, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.