ETV Bharat / sukhibhava

Vastu tips: এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি কি হ'ব পাৰে ?

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:43 PM IST

আপোনাৰ ঘৰতো বাস্তুদোষ আছে নে নাই আপুনি কেনেকৈ জানিব পাৰিব ? বাস্তুদোষৰ প্ৰতিকাৰ সমূহ কি কি ? এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি কি হ'ব পাৰে এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই ।

Vastu tips
এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি কি হ'ব পাৰে ?

এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি কি হ'ব পাৰে ?

যদিহে কোনো এখন ঘৰত বাস্তুদোষ থাকে তেন্তে সেই ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিগ এনাৰ্জী আহিব পাৰে । নিগেটিভ এনাৰ্জী যেনে-একেৰাহে ঘৰৰ সদস্যৰ কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ হৈ থাকিব পাৰে, আৰ্থিক ভাৱে ক্ষতি হোৱা,আয়ত কৈ বেছি ব্যয় বৃদ্ধি হয়, বিভিন্ন ক্ষেত্ৰত ধনহানিৰ যোগ দেখা যায়, কাজিয়া-পেঁচাল, পৰিয়ালৰ সদস্য সকলৰ মাজত মনোমালিন্য হৈ থকা দেখা যায় । এইবোৰ বহু ক্ষেত্রত বাস্তুদোষৰ প্ৰভাৱত হোৱা দেখা যায় । বাস্তুদোষৰ ফলত বিশেষকৈ কেৰিয়াৰত বাধা জন্মা দেখা যায় ।

আনহাতে ঘৰত বাস্তু যদি সঠিক দিশত থাকে তেন্তে নিগেটিভ এনাৰ্জিৰ ওলোটাটো হোৱা দেখা যায় । যেনেকৈ ৰোগ ব্যাধি কমে, টকা-পইচাৰ অভাৱ নোহোৱা হয়, পৰিয়াল সকলোৰে মাজত মিলা-প্ৰীতি থাকে ।

বাস্তুদোষৰ প্ৰতিকাৰ সমূহ কি কি ?

ঘৰৰ পৰা বাস্তুদোষ আঁতৰাবলৈ সাধাৰণতে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে । কাৰণ প্ৰতিটো বাস্তু দোষৰ প্ৰতিকাৰ বেলেগ বেলেগ ধৰণৰ হয় । ইয়াৰোপৰি আপুনি যদি আপোনাৰ ঘৰৰ বাস্তু দোষ নিজে পৰীক্ষা কৰিব বিচাৰে তেন্তে-প্ৰথমে আপুনি মন কৰিব আপোনাৰ ঘৰৰ উত্তৰ-পূৱ কোণটো চাফা আছে নে নাই বা কোনো ডাস্টবিন পৰি আছে নেকি? ঘৰৰ সদায় উত্তৰ-পূৱ কোণতো সদায় চাফা ৰাখিব লাগে, বন্ধ কৰি ৰাখিব নালাগে । উত্তৰ-পূৱত গধুৰ যান-বাহন ৰাখিব নালাগে । উত্তৰ-পূৱ দিশে পানী ৰখাটো ভাল ।

ইয়াৰোপৰি পাকঘৰ সদায় অগ্নিকোণৰ বাহিৰে যদি অন্য দিশ যেনে উত্তৰ-পূৱ দিশে হয় তেন্তে সেই ঘৰটো বাস্তু দোষ থকা দেখা যায় । যাৰ ফলত ৰোগ ব্যাধি বৃদ্ধি পোৱা, আৰ্থিক অনাটন আদি দেখা পোৱা যায় ।

বাস্তুদোষৰ প্ৰতিকাৰ প্ৰতিখন ঘৰৰ বাবে বেলেগ বেলেগ ধৰণৰ হয় । সেয়েহে পাৰিলে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক: Cardiac Surgery: হৃদৰোগক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? জ্যেষ্ঠ হৃদশৈল্য বিশেষজ্ঞ ডাঃ জ্যোতিপ্ৰসাদ কলিতাৰ পৰা জানি লওক

লগতে পঢ়ক: Panshakrma Treatment: মানসিক চাপ, উৎকন্ঠা, মূৰৰ বিষ, নিদ্রাহীনতাত ভুগিছে নেকি ? তেন্তে আপোনাৰ কামত আহিব এই থেৰাপী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.