ETV Bharat / sukhibhava

Tiger-3ত একশ্যন দৃশ্যৰ বাবে কেটৰিণা কাইফে কেনেদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ? চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:02 PM IST

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত কেটৰিণাক বিভিন্ন ৱৰ্কআউট কৰা আৰু একশ্যন দৃশ্যৰ বাবে আখৰা কৰা দেখা গৈছে । ইয়াৰ লগতে তেওঁ ছবিখনৰ বহু চৰ্চিত যুঁজৰ দৃশ্য এটাৰ ফটোও শ্বেয়াৰ কৰে ।

How did Katrina Kaif train herself to do action scenes in Tiger-3? The actress shared the information in the video
Tiger-3ত একচন দৃশ্যৰ বাবে কেটৰিণা কাইফে কেনেদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ? চাওক ভিডিঅ’

বলীউডৰ সুপৰিচিত অভিনেত্ৰী কেটৰিণা কাইফে নিজৰ প্ৰত্যেকটি চৰিত্ৰৰ বাবে সকলো ফালৰ পৰা প্ৰস্তুত থাকে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ সৈতে অভিনীত তেওঁৰ আগন্তুক ছবি টাইগাৰ ৩ৰ বাবে কেনেদৰে প্ৰশিক্ষণ লৈছিল সেই বিষয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে এটি পোষ্ট শ্বেয়াৰ কৰে ৷ কেটৰিণাই শেহতীয়কৈ তেওঁৰ পূৰ্বতকৈ অধিক গতিশীল একশ্যন আৰু জিমত প্ৰশিক্ষণ লোৱাৰ ভিডিঅ’ পোষ্ট কৰিছিল ৷ ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে বিভিন্ন ৱৰ্কআউট ৰুটিন অতি নিখুঁটভাৱে কৰা দেখা গৈছে ৷ নিজকে ফিট ৰাখিবলৈ অভিনেত্ৰীগৰাকীয়ে কঠোৰ পৰিশ্ৰমৰ লগতে সঠিক ডায়েট মানি চলে ৷

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত কেটৰিণাক বিভিন্ন ভংগিমাত ৱৰ্কআউট কৰা আৰু একচন দৃশ্যৰ বাবে আখৰা কৰা দেখা গৈছে ৷ ইয়াৰ লগতে তেওঁ তুৰস্কৰ হামামত শ্বুট কৰা বহু চৰ্চিত যুঁজৰ দৃশ্যৰ ফটোও শ্বেয়াৰ কৰে ৷

অভিনেত্ৰীগৰাকীয়ে এটি দীঘলীয়া টোকাৰ সৈতে নিজৰ পোষ্টটো শ্বেয়াৰ কৰে, য’ত তেওঁ প্ৰশিক্ষণ লৈ থকা সময়ৰ কিছু ভিডিঅ’ শ্বেয়াৰ কৰে য’ত নিজৰ আগন্তুক ছবিখনৰ বাবে তেওঁক সম্পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখা গৈছে ৷

ভিডিঅ’ কেইটিৰ সৈতে তেওঁ লিখিছে যে, "যেতিয়া টাইগাৰৰ সময় আহে তেতিয়া মোৰ বাবে সীমাক আৰু আগুৱাই লৈ যোৱা, মোৰ ধৈয্যৰ পৰীক্ষা কৰা আৰু মোৰ আভ্যন্তৰীণ শক্তি বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ হৈ পৰে ৷ কোনোবাই এবাৰ মোক কৈছিল যে বিষ মাথোঁ এটা অনুভূতি ৷ ভয় নকৰিবা, বিষৰ পৰা পলাই নাযাব ৷ বেছিভাগ দিনলৈকে মই বৰ ভাগৰুৱা হৈ পৰিছিলো যদিও এইবাৰ বেলেগ অনুভৱ হৈছিল ৷"

কেটৰিণাই আগলৈ কয়, "মোৰ সৰ্ব শৰীৰত বিষ হৈছিল, কিন্তু মই নিজকে ক’লোঁ যে ইয়াক প্ৰত্যাহ্বান হিচাপে লৈ আজি মই কিমান মোকাবিলা কৰিব পাৰিম চাওঁ ৷ প্ৰশিক্ষণৰ সময়ত আমি এটা অলটাৰ ইগো সৃষ্টি কৰিলোঁ ৷ গতিকে মই ভাগৰি পৰিলেও তাই ভাগৰি পৰা নাছিল ৷ আপোনাৰ শৰীৰৰ বহু আগতেই আপোনাৰ মনটোৱে আপোনাক ৰখাই দিব ৷ কিন্তু এবাৰ সিদ্ধান্ত ল’লেই প্ৰতিশ্ৰুতি দিয়ক আৰু যিয়েই নহওক কিয় কৰক ৷ কৰ্ম সদায় মূল্যৱান ৷ মই ভাবো আমি পূৰ্বৰ তুলনাত অধিক গতিশীল কাৰ্য আগবঢ়াবলৈ সক্ষম হৈছিলো আৰু সদায় ভাল হোৱাটোৱেই আমাৰ উদ্দেশ্য ৷ এতিয়া টাইগাৰ-৩ক সমগ্ৰ বিশ্বৰ সৈতে শ্বেয়াৰ কৰিবলৈ মাথো অপেক্ষা ৷"

ভিডিঅ’টোত কেটৰিণাই কেনেধৰণৰ ৱৰ্কআউট কৰিছিল ?

ইফালে পোষ্টটোৰ প্ৰথম ক্লিপটোত কেটৰিণাই কেটলবেলৰ সহায়ত স্কোৱাট কৰা দেখা গৈছে ৷ দ্বিতীয় ক্লিপটোত অভিনেতাজনে নিজৰ দলৰ সৈতে একচন ছিকুৱেন্সৰ আখৰা কৰি আছে ৷ তৃতীয় আৰু চতুৰ্থ ক্লিপত তেওঁ সম্পূৰ্ণ শৰীৰ আৰু শৰীৰৰ তলৰ অংশ শক্তিশালী আৰু ষ্ট্ৰেচিং ব্যায়াম কৰা দেখা গৈছে ৷

লগতে পঢ়ক: Katrina kaif: ৰশ্মিকা মন্দন্নাৰ পিচত এইবাৰ কেটৰিণাৰ ফটো ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.