ETV Bharat / entertainment

Katrina kaif: ৰশ্মিকা মন্দন্নাৰ পিচত এইবাৰ কেটৰিণাৰ ফটো ভাইৰেল

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 7:00 PM IST

টাইগাৰ ৩ ৰ ট্ৰেইলাৰত কেটৰিণা কাইফক টাৱেল পৰিধান কৰি ফাইট কৰা দেখা গৈছিল ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এই দৃশ্যৰ এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ৷ কিন্তু এই ফটোখন AI ৰ সহায়ত সম্পূৰ্ণ ৰূপে সলনি কৰা হয় ৷ যিখন ফটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

After Rashmika mandanna tiger 3 actress Katrina kaifs towel scene gets morphed using deepfake
কেটৰিণা কাইফ ডিপফেক ফটো

চিটাৰা ডেস্ক, 7 নৱেম্বৰ: দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দন্নাৰ পিচত এইবাৰ ডিপফেকৰ কবলত পৰিছে বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফ । AI ৰ প্ৰযুক্তিৰ দ্বাৰা কোনো অচিনাকি লোকে তেওঁক টাৱেলৰ সলনি অন্তৰ্বাস পিন্ধাই দিয়ে । এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এই ছবিখন ।

আচলতে ‘টাইগাৰ ৩’ৰ ট্ৰেইলাৰত কেটৰিণা কাইফক টাৱেল পৰিধান কৰি ফাইট কৰা দেখা গৈছিল । এই দৃশ্যত কেটৰিণাক অতি আকৰ্ষণীয় লাগিছিল । টাৱেল পৰিধান কৰি আন এগৰাকী যুৱতীৰ সৈতে যুঁজিছিল অভিনেত্ৰীগৰাকীয়ে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত টাৱেল ফাইটৰ দৃশ্যটোৰ শ্বুটিঙৰ আঁৰৰ এখন ফটো পোষ্ট কৰিছিল, যিখন ফটো এতিয়া অপব্যৱহাৰ কৰা হৈছে ।

কেটৰিণাই পৰিধান কৰিছিল ডিপ প্লাংগিং নেকলাইন টপ

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ‘টাইগাৰ ৩’ৰ ‘টাৱেল দৃশ্য’ৰ পৰা কেটৰিণা কাইফৰ ডিপফেক ফটোখনত কেটৰিণাই বগা ডিপ প্লাংগিং নেকলাইন টপ পৰিধান কৰা দেখা গৈছে । য’ত অভিনেত্ৰীগৰাকীক অতি বেয়া দেখা গৈছিল ৷ কিন্তু কেটৰিণাই পোষ্ট কৰা ফটোখনত তেওঁক টাৱেল পৰিধান কৰি থকা দেখা পোৱা গৈছিল, য’ত অভিনেত্ৰীগৰাকীৰ শৰীৰ ঢাকি থোৱা দেখা গৈছিল ।

কেটৰিণাৰ আগত ভাইৰেল হৈছিল ৰশ্মিকাৰ ডিপফেক ভিডিঅ’

উল্লেখ্য যে, কেটৰিণাৰ আগতে ৰশ্মিকাৰ এটা ডিপফেক ভিডিঅ’ প্ৰকাশ পাইছিল ছ’চিয়েল মিডিয়াত । যিটো ভিডিঅ’ অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল ৷ য’ত অভিনেত্ৰীগৰাকীয়ে অতিৰিক্ত ৰিভিলিং ড্ৰেছ পৰিধান লিফ্টত প্ৰৱেশ কৰা দেখা গৈছিল । আচলতে এই ভিডিঅ’টো আছিল এগৰাকী ব্ৰিটিছ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী জাৰা পেটেলৰ, য’ত ৰশ্মিকাৰ মুখখন লগাই দিয়া হৈছিল । ইফালে ভিডিঅ’টো ওলোৱাৰ পিচতে জাৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিলে যে এই বিষয়ত তেওঁৰ কোনো হাত নাই ।

লগতে পঢ়ক: Rashmika Mandanna Video: ৰশ্মিকাৰ FAKE ভিডিঅ’ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মৃণাল ঠাকুৰৰ, ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.