ETV Bharat / sukhibhava

Hypothalamus: মানসিক চাপে হ্ৰাস কৰিব পাৰে যৌন ক্ষমতা

author img

By

Published : Jan 25, 2023, 9:24 PM IST

ছুইডেনৰ এক গৱেষণাত পোহৰলৈ আহিছে যে, কৈশোৰ কালত যিসকলে সঠিক পৰিমানে টোপনি গ্ৰহণ নকৰে তেনে লোক মাল্টিপল স্ক্লেৰোচিছত ভোগাৰ আশংকা অধিক হয় ৷ লগতে মানসিক চাপত ভুগিলে হ্ৰাস পাব পাৰে আপোনাৰ যৌন ক্ষমতা ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Gyan Netra: If you lose sleep in adolescence, you will have multiple sclerosis!
মানসিক চাপ চপাই নল'ব, আন ঋণাত্মক প্ৰভাৱৰ লগতে হ্ৰাস পাব যৌন ক্ষমতা

কৈশোৰ কালত টোপনি ক্ষতি কৰিলে ভুগিব পাৰে মাল্টিপল স্ক্লেৰোচিছত: কৈশোৰ কাল অৰ্থাৎ ১৫-১৯ বছৰৰ ভিতৰত যিসকলে দিনটোত কমেও সাত ঘণ্টা ভাল টোপনি নলয়, তেওঁলোকৰ ক্ৰমবৰ্ধমান বয়সৰ লগে লগে মাল্টিপল স্ক্লেৰ’ছিছ (MS) ৰোগ হোৱাৰ সম্ভাৱনা বেছি বুলি ছুইডেনত কৰা গৱেষণাত পোহৰলৈ আহিছে ৷

সাত ঘন্টাতকৈ কম হ'লে লঘু নিদ্ৰাৰ শাৰীত অন্তৰ্ভুক্ত কৰা হয় । ৭ৰ পৰা ৯ ঘণ্টা টোপনিক সুখ নিদ্ৰা বুলি সংজ্ঞায়িত কৰা হয়, আৰু ১০ ঘণ্টা আৰু তাতকৈ অধিক হ'লে তাক দীৰ্ঘ নিদ্ৰা বুলি সংজ্ঞায়িত কৰা হয়(multiple sclerosis) । বন্ধ আৰু ছুটীৰ দিনত দীঘলীয়া টোপনিৰ ফলত MS অৰ্থাৎ Multiple sclerosis নহয় যি ৰোগত ৰোগ প্ৰতিৰোধ ক্ষমতাই মগজুত স্নায়ুৰ আৱৰণৰ নষ্ট কৰে । ভালদৰে শুব নোৱাৰাটো এটা সমস্যা । ৰক্তবাহী নলীৰ এই কঠিনতাই মগজু, মেৰুদণ্ড, আৰু চকুৰ স্নায়ুৰ ক্ষতি কৰিব পাৰে । কম বয়সতে কামৰ অধিক চাপৰ ফলতো MS হ’ব পাৰে ৷

হাইপ’থেলামাছ হৈছে মানসিক চাপৰ এক উৎস: দীৰ্ঘদিনীয়া মানসিক চাপে হতাশা, পূৰ্বতে উপভোগ্য কাম-কাজৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলোৱা আৰু পোষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD)ৰ সৃষ্টি কৰিব পাৰে । আমেৰিকাৰ আগাষ্টা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছে যে, মানসিক চাপে এজন ব্যক্তিৰ আচৰণত চৰম পৰিৱৰ্তন ঘটাব পাৰে ৷

মগজুৰ হাইপ’থেলামাছ নামৰ এটা অংশই আৱেগ সৃষ্টি কৰা হৰম’ন নিৰ্গত কৰে । টোপনি, খাদ্য, ভয়ৰ লগতে ৰোমান্টিক ইচ্ছাৰ দৰে অনুভৱৰ ই এক কেন্দ্ৰবিন্দু(Hypothalamus) । এই বিশ্ববিদ্যালয়ত মতা আৰু মাইকী এন্দুৰৰ ওপৰত কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে, ১০ দিন ধৰি অবিৰত, অভাৱনীয় মানসিক চাপৰ সন্মুখীন হ’লে হতাশা, যৌন ইচ্ছা কমি যোৱা আৰু যৌন সম্পৰ্কৰ সময়ত আনন্দদায়ক মুহূৰ্ত উপভোগ কৰিব নোৱাৰা হয় । বিজ্ঞানীসকলৰ গৱেষণাত প্ৰকাশ কৰা হৈছে যে, হাইপ’থেলামাছত থকা এজিআৰপি নিউৰনে দীৰ্ঘদিনীয়া মানসিক চাপ আৰু হতাশাৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে ৷

গৰ্ভত থকা শিশুৰ ওপৰতো পৰিব পাৰে Covidৰ প্ৰভাৱ: ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাৰ প্ৰাৰম্ভিক পৰ্যায়ত শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে, ভ্ৰূণৰ লগতে প্লেচেণ্টাও গুৰুতৰভাৱে প্ৰভাৱিত হয়, আৰু ভ্ৰূণৰ বৃদ্ধি, মগজু, আৰু অন্যান্য অংগসমূহ ভাবুকিৰ সন্মুখীন হয়(The impact of covid on pregnant babies too)৷

অমিক্ৰণৰ পূৰ্বে অহা ক'ভিডৰ উপভেৰিয়েন্ট সমূহ বিশেষভাৱে ক্ষতিৰ সন্মুখীন হ’বলগীয়া আছিল । ‘দ্য লেন্সেট ৰিজিঅ’নেল হেল্থ-ইউৰোপ মেগাজিন’ত(The Lancet Regional) প্ৰকাশিত গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, প্লেচেণ্টাৰ বিচ্ছেদৰ বাবে গৰ্ভত থকা শিশুৰ বৃদ্ধি আৰু স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে । অষ্ট্ৰিয়াৰ ভিয়েনা মেডিকেল ইউনিভাৰ্চিটিৰ গৱেষকসকলে ৭৬ গৰাকী গৰ্ভৱতী মহিলাৰ ৭৬ টা ভ্ৰূণ আৰু প্লেচেণ্টাৰ আটাইকেইটাকে এম আৰ আই কৰিছিল । ইয়াৰে ৩৮ জন Covid-19ত আক্ৰান্ত আৰু বাকী ৩৮ জন সুস্থ । গৱেষণাৰ নেতৃত্ব দিয়া পেট্ৰিক কিয়নাষ্টে কয় যে, ডেল্টাৰ দৰে ক'ভিড ভেৰিয়েন্টত আক্ৰান্ত ভ্ৰূণৰ ৰক্তবাহী নলীত তেজ জমা হোৱাৰ সমস্যাই দেখা দিয়ে ৷

ভেজাল ঔষধৰ ক্ষেত্ৰত WHOৰ জৰুৰী সতৰ্কবাণী: বিশ্ব স্বাস্থ্য সংস্থাই দেশসমূহক ভেজাল ঔষধ চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ জৰুৰী সতৰ্কবাণী জাৰি কৰিছে(In the case of contaminated drugs)। বিগত চাৰি মাহত সংঘটিত বিভিন্ন ঘটনাত WHO য়ে কয় যে, শিশুক দিয়া কাহৰ চিৰাপ অৰ্থাৎ কফ চিৰপাত ডাইইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল অধিক মাত্ৰাত পোৱা গৈছে । প্ৰকাশ পাইছে যে, মাত্ৰ তিনিখন দেশতে পাঁচ বছৰৰ তলৰ ৩০০ শিশু এই ঔষধৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: Flu Prevention Tips: শীতকালত ফ্লুৰ পৰা হাত সাৰিবলৈ মনত ৰাখক এইসমূহ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.