Flu Prevention Tips: শীতকালত ফ্লুৰ পৰা হাত সাৰিবলৈ মনত ৰাখক এইসমূহ কথা

author img

By

Published : Jan 25, 2023, 2:08 PM IST

Keep these things in mind to avoid flu in winter

শীতকালত চৰ্দি, কাহৰ দৰে সমস্যাই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷ লগতে ই আপোনাৰ শৰীৰকো দূৰ্বল কৰি তোলে ৷ সেয়ে কেনেকৈ শীতকালত ফ্লু, ভাইৰাছ আদিৰ পৰা নিজৰ লগতে নিজৰ পৰিয়ালক ৰক্ষা কৰিব এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ৷

শীতকাল আৰম্ভ হোৱাৰ লগে লগে ফ্লুৰ বতৰো আৰম্ভ হয় । বিশ্বজুৰি ‘ইমিউনিটি ডেফিচিয়েন্সি’ৰ পৰিস্থিতি চিন্তনীয় হোৱাৰ বাবে এই বতৰত অধিক লোক ফ্লুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে ।

শীতকালত সংক্ৰমণৰ সংখ্যা একৰ পৰা চাৰিগুণ বৃদ্ধি পাব পাৰে । ২০২২ চনত ভাৰতৰ মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু, কৰ্ণাটক, পশ্চিমবংগ, পঞ্জাৱ আদি বহু ঠাইৰ পৰা সংগ্ৰহ কৰা তথ্যই দেখুৱাইছে যে, এই ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

সাধাৰণ ভাইৰাছৰ সংস্পৰ্শৰ অভাৱৰ বাবেই এনে হৈছে, কিয়নো বিগত দুবছৰ ধৰি মানুহে মাস্ক পৰিধান কৰি সামাজিক দূৰত্বৰ অভ্যাস কৰিছিল । কিন্তু এতিয়া মহামাৰী বিজ্ঞানৰ নিষেধাজ্ঞা শিথিল হোৱাৰ লগে লগে ইনফ্লুৱেঞ্জাৰ সংক্ৰমণৰ সম্ভাৱনা ১০ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে(precaution from flu and cold)।

চিকিৎসকে কয় যে, ইনফ্লুৱেঞ্জা হৈছে ভেকচিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগ আৰু মানুহে নিজকে আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

এই গৱেষণাৰ সৈতে জড়িত মেছাচুচেটছ আই এণ্ড ইয়াৰৰ অটোলেৰিংগ’লজীৰ সঞ্চালক তথা হাৰ্ভাৰ্ড মেডিকেলৰ সহযোগী অধ্যাপক ৰাইন’লজিষ্ট ডাঃ বেঞ্জামিন ব্লেয়াৰ আৰু তেওঁৰ দলটোৱে কয় যে, ঠাণ্ডা বতাহৰ সৈতে ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰক্ৰিয়াৰ প্ৰবল সম্পৰ্ক আছে । এই ঠাণ্ডা বতাহবোৰে উষ্ণতা অলপ কমাই দিয়াৰ লগে লগে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ আধা অংশ নষ্ট হৈ যায়(precaution from flu and cold)।

গৱেষণাৰ পৰা দেখা গৈছে যে, যেতিয়া কোনো চৰ্দি কাহৰ ভাইৰাছে নাকত আক্ৰমণ কৰে প্ৰৱেশ কৰাৰ চেষ্টা কৰে তেতিয়া নাকৰ বাহিৰৰ কোষৰ উৎপাদন ১৬০% পৰ্যন্ত বৃদ্ধি পায়(cold and flu symptoms)। এই কোষবোৰে যাতে ভাইৰাছটোক ভিতৰলৈ যাবলৈ নোৱনা বাবে যৎপৰোনাস্তি চেষ্টা কৰে । কিন্তু, ঠাণ্ডা বতাহ বোৱাৰ লগে লগে এই প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু আন ঋতুৰ দৰে সুৰক্ষামূলক কোষ উৎপন্ন কৰিব নোৱাৰে ।

ফ্লু প্ৰতিৰোধৰ বাবে এই ৩টা ব্যৱস্থা কৰক

১/ শিশুক সঠিক সময়ত টিকাকৰণ কৰা আৰু লগতে বছৰি নিজেও টিকাকৰণ কৰা(cold and flu treatment for babies)। টিকাকৰণ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ বিভিন্ন ধৰণৰ ফ্লুৰ বিকাশ ঘটি থাকে আৰু বিশ্ব স্বাস্থ্য সংস্থাই (WHO) চিনাক্ত কৰা শেহতীয়া প্ৰজাতি অনুসৰি ফ্লুৰ ভেকচিন তৈয়াৰ কৰা হয়(cold and flu treatment) ।

২/ নিয়মিতভাৱে চাবোন আৰু পানী বা এলক’হল ভিত্তিক চেনিটাইজাৰেৰে হাত ধুব লাগে । চকু, নাক বা মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব আৰু সঘনাই স্পৰ্শ কৰা বস্তুবোৰ বীজাণুমুক্ত কৰক ।

৩/ কোনো বেমাৰত ঘনিষ্ঠ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে কোঠাবোৰত শুদ্ধ বতাহ সোমাবলৈ নিশ্চিত হওক আৰু ভিৰ কৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰক । এই ব্যৱস্থাসমূহে আপোনাৰ ফ্লু হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে । ইয়াৰ পিছতো যদি কোনো ফ্লুৰ লক্ষণ যেনে জ্বৰ, ঠাণ্ডা, কাহ, নাকত পানী ওলোৱা/ডাঙি যোৱা, শৰীৰৰ বিষ কিছুদিনতকৈ অধিক সময় থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ।

লগতে পঢ়ক: International Day of Education: আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ বিষয়ে জানিবলগীয়া কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.