ETV Bharat / sukhibhava

Sawan 2023 Monday Fast Recipe: শাওন মাহত ব্ৰতৰ সময়ত খাবৰ বাবে এনেদৰে ঘৰতে তৈয়াৰ কৰক কেঁচা কলৰ চিপছ

author img

By

Published : Jul 24, 2023, 9:12 PM IST

ইতিমধ্যে আৰম্ভ হৈছে পবিত্ৰ শাওন মাহ ৷ ভোলানাথৰ ভক্তসকলে এই দিনটোত ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰত পালন কৰে । এনে পৰিস্থিতিত শাওনৰ তৃতীয়টো সোমবাৰে ব্ৰতৰ সময়ত কলৰ চিপছ তৈয়াৰ কৰিব পাৰি । ইয়াৰ উপৰিও ই শৰীৰক শক্তি প্ৰদান কৰিব আৰু ইয়াক বনোৱাটো অতি সহজ । ৰেচিপি জানো আহক...

Fasting Recipe
শাওন মাহত ব্ৰতৰ সময়ত খাবৰ বাবে এনেদৰে ঘৰতে তৈয়াৰ কৰক কেঁচা কলৰ চিপছ

আৰম্ভ হৈছে ভগৱান শিৱৰ বিশেষ মাহ শাওন মাহ । আজিৰ দিনটো ভক্তই মহাদেৱ আৰু বিষ্ণুৰ বাবে ব্ৰত ৰাখিছে ৷ এনে পৰিস্থিতিত ভক্তসকলে শিৱৰ ভক্তিত মগ্ন হৈ তেওঁৰ পূজা-অৰ্চনা কৰে । কিছুমানে উপবাসৰ এটা সময়ত ফল-মূল খায়, আনহাতে কিছুমানে এটা সময়ত খাদ্য খায় । এনে পৰিস্থিতিত আমি আপোনাৰ বাবে আমি লৈ আহিছো এবিধ সুস্বাদু স্নেকৰ ৰেচিপি যাৰ সহায়ত আপুনি অতি সহজে তৈয়াৰ কৰিব পাৰে, যিটো আপুনি ঘৰতে অতি সহজে তৈয়াৰ কৰিব পাৰে ।

এইটো কেঁচা কলৰ চিপচ । খাবলৈ বৰ সোৱাদযুক্ত । কলৰ চিপচ বনাবলৈ বেছি সময় নালাগে । লগতে, ইয়াক অতি কম সামগ্ৰীৰে বনাব পাৰি । সন্ধিয়া চাহৰ সৈতে খাবলৈ কলৰ চিপছ এক উত্তম বিকল্প । ইয়াক বনোৱাৰ পদ্ধতি শিকি লওক...

কেঁচা কলৰ চিপছ বনাবলৈ আপোনাৰ প্ৰয়োজন হ’ব-

  • ৪টা কেঁচা কল
  • ২ কাপ ঘিউ বা ৰিফাইন
  • সেন্ধা নিমখ
  • জালুকৰ গুড়ি
  • শুকান আমৰ গুড়ি

কলৰ চিপছ বনোৱাৰ পদ্ধতি-

১) কলৰ চিপচ বনাবলৈ প্ৰথমে কেঁচা কল খিনি বাকলি গুচাই লওক । তাৰ পিছত কিছু সময় পানীত তিয়াই ৰাখক ।

২) এতিয়া সকলো কল পানীৰে পৰিষ্কাৰকৈ ধুই চিপচকাটাৰেৰে চিপচৰ আকৃতিত কাটি লওক ।

৩) ইয়াৰ পিছত কটা চিপচখিনি কপাহী কাপোৰত ৰাখি ১০ মিনিট ৰাখিব ।

৪) এতিয়া কেৰাহীত ঘিউ বা ৰিফাইন দি গৰম কৰি লওক, তাৰ পিছত তাত কটা কলৰ চিপচখিনি ভাজি লওক । পাতল ৰঙা হোৱালৈকে ভাজিব ।

৫) ভজা হোৱাৰ পিছত প্লেট এখনত উলিয়াই আনিব ।

৬) এতিয়া চিপচৰ ওপৰত ৰক ছল্ট, জালুকৰ গুড়ি আৰু শুকান আমৰ গুড়ি দিয়ক ।

৭) মাত্ৰ আপোনাৰ সোৱাদযুক্ত চিপচ ৰেডি হৈ আছে, উপবাসৰ সময়ত চাহৰ লগত খাবলৈ ই এক উত্তম বিকল্প ।

লগতে পঢ়ক: Hemoglobin: শৰীৰৰ বাবে অতি জৰুৰী হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব এই ৪বিধ খাদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.