ETV Bharat / sukhibhava

ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত ৭৬১ গৰাকী; ১২ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:03 PM IST

COVID surge: India registers 761 fresh cases, 12 deaths
ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত ৭৬১ গৰাকী; ১২ জনৰ মৃত্যু

Covid Surge: স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াসকলে কয় যে, যদিও দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু জেএন.১ উপ-ভেৰিয়েণ্ট ধৰা পৰিছে ৷ সেয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আগবঢ়োৱা ক’ভিড-১৯ৰ নিয়মাৱলীসমূহ সূচাৰুৰূপে পালন কৰিবলৈ ইতিমধ্যে ৰাজ্যসমূহক নিৰ্দেশনাৱলী জাৰী কৰা হৈছে ৷

নিউজ ডেস্ক, 5 জানুৱাৰী: শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত বিগত 24 ঘন্টাত ৭৬১ গৰাকী ক’ভিড-১৯ আক্ৰান্ত হোৱাৰ বিপৰীতে ভাইৰাছজনিত ৰোগৰ বাবে ১২ জন লোকৰ মৃত্যু হৈছে ৷

পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আপডেট কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে দেশত সক্ৰিয় ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৪,৪২৩ৰ পৰা ৪,৩৩৪জনলৈ সামান্য হ্ৰাস পাইছে ৷ ইফালে, কেৰালাত সৰ্বাধিক সক্ৰিয় ৰোগীৰ সংখ্যা ১,২৪৯, তাৰ পিছতে কৰ্ণাটকত ১২৪০, মহাৰাষ্ট্ৰত ৯১৪, তামিলনাডুত ১৯০, আৰু ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশত ১২৮ জন ৷

তথ্য অনুসৰি ১২ জনৰ নতুনকৈ মৃত্যু হোৱা লোকৰ ভিতৰত ৫ জন কেৰালাৰ, ৪ জন কৰ্ণাটকৰ, ২ জন মহাৰাষ্ট্ৰৰ আৰু এজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷ ৫ ডিচেম্বৰলৈকে দৈনিক আক্ৰান্তৰ সংখ্যা দুটা সংখ্যাৰ ঘৰত আহিছিল যদিও ঠাণ্ডা বতৰৰ মাজত আৰু নতুন ক’ভিড-১৯ ভেৰিয়েণ্টৰ উত্থানৰ পিছত পুনৰ এই সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিলে ৷

শুকুৰবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৪ জানুৱাৰীলৈকে ১২খন ৰাজ্যৰ পৰা ক’ভিড-১৯ৰ উপ-ভেৰিয়েণ্ট জেএন.১ত আক্ৰান্তৰ সংখ্যা ৬১৯লৈ বৃদ্ধি পাইছে ৷ কৰ্ণাটকৰ পৰা ১৯৯ জন, কেৰালাৰ ১৪৮ জন, মহাৰাষ্ট্ৰৰ ১১০ জন, গোৱাৰ ৪৭ জন, গুজৰাটৰ ৩৬ জন, অন্ধ্ৰ প্ৰদেশৰ পৰা ৩০ জন, তামিলনাডুৰ ২৬ জন, দিল্লীৰ ১৫ জন, ৰাজস্থানৰ পৰা ৪ জন, তেলেংগানাৰ পৰা ২ জন আৰু ওড়িশা আৰু হাৰিয়ানাৰ পৰা এজনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ৷

দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু জেএন.১ উপ-ভেৰিয়েণ্টত আক্ৰান্ত ৰোগী ধৰা পৰাৰ মাজতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অহৰহ সতৰ্কতা বজাই ৰাখিবলৈ কেন্দ্ৰই ইতিমধ্যে সকিয়াই দিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আগবঢ়োৱা ক’ভিড-১৯ৰ নিয়মাৱলীসমূহ সূচাৰুৰূপে পালন কৰিবলৈ ইতিমধ্যে ৰাজ্যসমূহক নিৰ্দেশনাৱলী জাৰি কৰা হৈছে ৷

লগতে পঢ়ক: শীতকালত শিশুক সুৰক্ষা প্ৰদান কৰে প্ৰকৃতিৰ অমূল্য উপহাৰ মাতৃদুগ্ধই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.