ETV Bharat / sukhibhava

শীতকালত শিশুক সুৰক্ষা প্ৰদান কৰে প্ৰকৃতিৰ অমূল্য উপহাৰ মাতৃদুগ্ধই

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 2:08 PM IST

Breastfeeding Benefits : মাতৃদুগ্ধ প্ৰকৃতিয়ে দিয়া এক অতি সুন্দৰ উপহাৰ আৰু দুগ্ধপান কৰোৱাৰ সময়ত সন্তানটিক বুকুৰ মাজত ৰখা এই পদ্ধতি মাতৃ-সন্তান উভয়ৰে বাবে অতি উপকাৰী ৷ কিন্তু শীতকালত এয়া আৰু অধিক জৰুৰী হৈ পৰে ৷ সেয়ে আজি আমি এনে পাঁচটা পদ্ধতিৰ বিষয়ে জানিম যাৰ দ্বাৰা আপুনি আপোনাৰ কণমানিটিক মাতৃদুগ্ধৰ দ্বাৰা প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰিব পাৰে-

Mother's milk protects the newborn from cold and gets these 5 amazing benefits
শীতকালত শিশুক সুৰক্ষা প্ৰদান কৰে প্ৰকৃতিৰ অমূল্য উপহাৰ মাতৃদুগ্ধই

ঠাণ্ডা বতৰ অভিভাৱকৰ বাবে অতি প্ৰত্যাহ্বানজনক ৷ এই বতৰত সকলো অভিভাৱকে নিজৰ সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ পৰে, বিশেষকৈ নৱজাতকক ঠাণ্ডাৰ পৰা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত ৷ এনে পৰিস্থিতিত মাতৃদুগ্ধ প্ৰকৃতিয়ে দিয়া এক অতি সুন্দৰ উপহাৰ আৰু দুগ্ধপান কৰোৱাৰ সময়ত সন্তানটিক বুকুৰ মাজত ৰখা এই পদ্ধতি মাতৃ-সন্তান উভয়ৰে বাবে অতি উপকাৰী ৷

কিন্তু শীতকালত এয়া আৰু অধিক জৰুৰী হৈ পৰে ৷ সেয়ে আজি আমি বিশেষজ্ঞৰ পৰা এনে পাঁচটা পদ্ধতিৰ বিষয়ে জানিম যাৰ দ্বাৰা আপুনি আপোনাৰ কণমানিটিক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰিব পাৰে -

ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয় :

মাতৃদুগ্ধত প্ৰচুৰ পৰিমাণে এন্টিব’ডি, জীৱিত কোষ আৰু এনজাইম থাকে যিয়ে আপোনাৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে ৷ শীতকালত যেতিয়া চৰ্দি আৰু ফ্লুৰ সম্ভাৱনা অতি বেছি হয়, তেতিয়া ই আপোনাৰ নৱজাতকক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ইমিউনিটি বুষ্টাৰৰ দৰে কাম কৰে ৷ মাক আৰু সন্তানৰ এই সংস্পৰ্শই মাতৃৰ পৰা সন্তানলৈ এন্টিব’ডিবোৰ পাৰ হৈ যোৱাত সহায় কৰে ৷

অত্যাৱশ্যকীয় পুষ্টি :

মাতৃদুগ্ধত এনে উপাদান থাকে যিবোৰ শিশুৰ প্ৰয়োজন অনুসৰি নিজে সলনি হয় ৷ ইয়াত প্ৰ’টিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ সঠিক ভাৰসাম্য থাকে ৷ ইয়াৰ দ্বাৰা শিশুৱে কঠোৰ শীতকালতো গৰম হৈ থাকিবলৈ প্ৰয়োজনীয় শক্তিলাভ কৰে ৷ মাতৃদুগ্ধৰ পুষ্টিয়ে শিশুৰ সঠিক বিকাশ আৰু বৃদ্ধিত সহায় কৰে ৷

শুকান বতৰত আৰ্দ্ৰতা :

শীতকালত ঘৰৰ বাহিৰৰ আৰু ভিতৰৰ বতাহ শুকান হৈ পৰে, যাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে ৷ সেয়ে এনে পৰিস্থিতিত মাতৃদুগ্ধই শিশুটিৰ ডিঙি আৰ্দ্ৰ কৰি ৰখাই নহয় বৰঞ্চ ডিহাইড্ৰেচনৰ পৰাও হাত সাৰিবলৈ প্ৰয়োজনীয় তৰল পদাৰ্থ শিশুটিৰ দেহত যোগান ধৰে ৷ ইফালে, ছালৰ পৰা ছালৰ সংস্পৰ্শই শিশুৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ডিহাইড্ৰেচনৰ সম্ভাৱনাও হ্ৰাস কৰে ৷

উষ্ণতা ভিতৰৰ পৰা আহে :

মাতৃদুগ্ধ সহজে হজম হয় আৰু ই শিশুৰ শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰাখে ৷ বাহিৰৰ উষ্ণতা অতি কম হোৱা সময়ত এই ভিতৰৰ উষ্ণতা অতি গুৰুত্বপূৰ্ণ ৷ ছালৰ পৰা ছালৰ সংস্পৰ্শৰ বাবে স্তনপানৰ এই সময়খিনি শিশুটিৰ বাবে অধিক উপকাৰী হৈ পৰে ৷ ইয়াৰ ফলত আপোনাৰ শিশুৱে নিৰাপত্তা আৰু উষ্ণতা অনুভৱ কৰে ৷

এন্টিঅক্সিডেন্ট সুৰক্ষা :

মাতৃদুগ্ধত থকা এন্টিঅক্সিডেন্টসমূহে আপোনাৰ শিশুটিক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ মাতৃদুগ্ধত থকা এন্টিঅক্সিডেন্ট গুণে ফ্ৰী ৰেডিকেল স্বাভাৱিক কৰাত সহায় কৰে, যাৰ ফলত শিশুৰ স্বাস্থ্য ভালে থকাত সহায় হয় ৷

লগতে পঢ়ক: মাহেকীয়াৰ পিছতো আপোনাৰ পেটৰ বিষ হয় নেকি ? তেন্তে হ’ব পাৰে এই সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.