ETV Bharat / sukhibhava

Cervical Cancer: ভাৰতত প্ৰতি বছৰে ৭৭ হাজাৰ মহিলাৰ মৃত্যু হয় ছাৰ্ভাইকেল কেন্সাৰত

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:14 PM IST

Cervical cancer is killing 77 thousands of women every year in India, know the initial symptoms and causes
ছাৰ্ভাইকেল কেন্সাৰ

ছাৰ্ভাইকেল কেন্সাৰ এবিধ মাৰাত্মক ৰোগ । ভাৰতত প্ৰতি বছৰে ১ লাখ ২৩ হাজাৰতকৈ অধিক মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ ধৰা পৰে । ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ আৰু কাৰণসমূহ জানি লওক...

স্তন কেন্সাৰৰ পিছত মহিলাৰ ক্ষেত্ৰত ছাৰ্ভাইকেল কেন্সাৰ আটাইতকৈ বেছি দেখা যায় ৷ শৰীৰৰ অতি সুক্ষ্ম অংশত আক্ৰান্ত এই কেন্সাৰটোও অতি মাৰাত্মক হ’ব পাৰে ৷ সাধাৰণতে ছাৰ্ভাইকেল কেন্সাৰৰ স্পষ্ট লক্ষণ দেখা নাযায় ৷ ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণসমূহ সাধাৰণ নহয় ৷ তথাপিও ছাৰ্ভাইকেল কেন্সাৰত দেখা পোৱা এটা সাধাৰণ লক্ষণ হ’ল যোনিৰ পৰা অনিয়মিত ৰক্তক্ষৰণ ৷ ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানো আহক...

ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ

আপুনি জানে যে ছাৰ্ভাইকেল কেন্সাৰৰ এটা সাধাৰণ লক্ষণ হ’ল যোনিৰ পৰা অস্বাভাৱিক ৰক্তক্ষৰণ ৷ ৰজোনিবৃত্তিৰ পিছতো যোনিৰ পৰা ৰক্তক্ষৰণ, যৌন সম্পৰ্কৰ সময়ত বা নিয়মীয়া ঋতুস্ৰাৱৰ মাজত যোনিৰ পৰা তেজ ওলোৱাও ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ হ’ব পাৰে ৷ ইয়াৰ উপৰিও যোনিৰ স্ৰাৱৰ পৰিৱৰ্তন, যৌন সম্পৰ্কৰ সময়ত বিষ বা অস্বস্তি অনুভৱ কৰা, কঁকালৰ তলৰ অংশ আৰু শ্ৰোণী অংশত অস্পষ্ট বিষ হোৱা আদিও ছাৰ্ভাইকেল কেন্সাৰৰ ফলত হ’ব পাৰে ৷

ছাৰ্ভাইকেল কেন্সাৰৰ কাৰণ

ছাৰ্ভাইকেল কেন্সাৰৰ মূল কাৰণ হ’ল হিউমেন পেপিলোমা ভাইৰাছ (HPV) ৷ উল্লেখ্য যে, এইচ পি ভি এটা অতি সাধাৰণ সমস্যা আৰু সাধাৰণতে কোনো সমস্যা নোহোৱাকৈ নিজাববীয়াকৈ আৰোগ্য লাভ কৰিব পৰা যায় ৷ কিন্তু কেতিয়াবা ইয়াৰ ফলত ছাৰ্ভাইক্সৰ কোষবোৰত ডাঙৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হ’বলৈ আৰম্ভ কৰে ৷ এই প্ৰক্ৰিয়াটো অতি লেহেমীয়া আৰু এইচ পি ভিৰ বাবে ছাৰ্ভাইকেল কেন্সাৰ হ’বলৈ ৫ৰ পৰা ২০ বছৰ সময় লাগিব পাৰে ৷

গৰ্ভনিৰোধক বড়িৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হ’ব পাৰে

এইচ পি ভিৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হ’ব পাৰে ৷ ইয়াৰ উপৰিও কিছুমান কাৰক আছে যিয়ে ছাৰ্ভাইকেল কেন্সাৰৰ সৃষ্টি কৰিব পাৰে ৷ যদি আপুনি ধূমপান কৰে বা ধূমপান কৰা লোকৰ আশে-পাশে থাকে তেন্তে আপুনিও ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হ’ব পাৰে ৷ কেৱল এয়াই নহয়, যিসকল মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকৰো ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি ৷ মৌখিক গৰ্ভনিৰোধক বড়ি আৰু ডাইথাইলষ্টিলবেষ্ট্ৰল (DES) গ্ৰহণ কৰা মহিলাসকলৰ ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি ৷ উল্লেখ্য যে, ১৯৩৮ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত গৰ্ভপাতৰ ইতিহাস থকা গৰ্ভৱতী মহিলাক ডাইথাইলষ্টিলবেষ্ট্ৰল দিয়া হৈছিল ৷

গৱেষকৰ মতে এইচ পি ভি ভেকচিন নোলোৱা মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ আশংকা সদায় থাকে ৷ যিসকল মহিলা কেতিয়াও ছাৰ্ভাইকেল স্ক্ৰীনিঙৰ বাবে নাযায়, তেওঁলোকো গোটেই জীৱন ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ আশংকা থাকে ৷ এয়া কম বিপদৰ কথা নহয়, কাৰণ এই পৰিসংখ্যা ২ৰ পৰা ১০০ শতাংশলৈকে হ’ব পাৰে ৷

ভাৰতত এইচ পি ভি সম্পৰ্কীয় কৰ্কট ৰোগী

কৰ্কট ৰোগৰ প্ৰকাৰ পুৰুষ মহিলা
ছাৰ্ভাইকেল কেন্সাৰ ১৮.৭
ভলভা কেন্সাৰ ০.৫২
পায়ুপথৰ কৰ্কট ৰোগ ০.৪৩০.৩৫
যোনিৰ কৰ্কট ৰোগ ০.৮৩
লিংগ কেন্সাৰ ১.৪৯
অৰ’ফেৰিঞ্জিয়াল কেন্সাৰ২.৪০০.৫২
মুখগহ্বৰৰ কৰ্কট ৰোগ১৪.৬৪.৭২
লেৰিঞ্জিয়াল কেন্সাৰ ৪.২১০.৬৮

ছাৰ্ভাইকেল কেন্সাৰ কেনেকৈ ধৰা পৰে ?

ছাৰ্ভাইকেল স্ক্ৰীনিঙত নমুনা লৈ উচ্চ বিপদজনক এইচ পি ভি পৰীক্ষা কৰা হয় ৷ যদি ভাইৰাছ পোৱা যায়, তেন্তে নমুনা লোৱা হয় যাতে ইয়াৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ কোষত কিবা পৰিৱৰ্তন হৈছে নে নাই ৷ যদিহে ছাৰ্ভাইক্সৰ কোষত কোনো পৰিৱৰ্তন দেখা নাযায়, তেন্তে এবছৰৰ ভিতৰত মহিলাগৰাকীক পুনৰ ছাৰ্ভাইকেল স্ক্ৰীনিঙৰ বাবে মাতি অনা হয় ৷ যাতে এইচ পি ভি নাইকিয়া হোৱাটো নিশ্চিত কৰিব পৰা যায় ৷ যদি কোনো মহিলাৰ জৰায়ুৰ মুখত এইচ পি ভি পোৱা যায় আৰু কোষত পৰিৱৰ্তন দেখা যায়, তেন্তে কলপস্কপি কৰা হয় ৷ কলপস্কপিৰ বাবে মাইক্ৰস্কোপৰ জৰিয়তে জৰায়ুৰ মুখখন ভালদৰে চাই ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা হয় ৷

প্ৰতি বছৰে ১.২৫ লাখ ৰোগীৰ ছাৰ্ভাইকেল কেন্সাৰ

Human Papillomavirus and Related Cancers, Fact Sheet 2023ৰ তথ্য অনুসৰি ভাৰতত ১৫ বছৰৰ ওপৰৰ মহিলাৰ জনসংখ্যা ৫১ কোটিতকৈও অধিক ৷ এই আটাইকেইগৰাকী মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ আশংকা থাকে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ কথা যদি কওঁ, প্ৰতি বছৰে ১ লাখ, ২৩ হাজাৰ, ৯০৭ গৰাকী মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ কৰ্কট ৰোগ ধৰা পৰে ৷ কেৱল এয়াই নহয়, প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে এই মাৰাত্মক কৰ্কট ৰোগৰ বাবে ৭৭ হাজাৰ ৩৪৮ গৰাকী মহিলাৰ অকাল মৃত্যু হয় ৷

HPV ভেকচিনে কৰিব সহায়

দৰাচলতে বহু ধৰণৰ HPVৰ ভিতৰত কিছুমানক ‘কম বিপদজনক’ আৰু কিছুমানক ‘অধিক বিপদজনকৰ' শ্ৰেণীত ৰখা হয় । এইবোৰৰ উচ্চ বিপদজনক প্ৰকাৰৰ বাবে কেন্সাৰকে ধৰি আন বিভিন্ন ধৰণৰ গুৰুতৰ ৰোগত ভোগাৰ আশংকা থাকে । HPV ভেকচিনে বিপদজনক এই প্ৰকাৰৰ বিৰুদ্ধে ৰক্ষাকৱচ হিচাপে কাম কৰে, যিটো বহুলাংশে সফল হয় ।

কেৱল ছাৰ্ভাইকেল কেন্সাৰেই নহয়, ভলভাৰ বা অন্যান্য যৌনাংগ আৰু আন কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত HPV ভেকচিন উপকাৰী বুলি গণ্য কৰা হয় । এই ভেকচিনে এই কেন্সাৰ সৃষ্টি কৰা HPVৰ প্ৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়ে । এতিয়ালৈকে ভাৰতত ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে দুটা বিশ্বব্যাপী অনুজ্ঞাপত্ৰপ্ৰাপ্ত কোম্পানী (Gardasil, GlaxoSmithKline)ৰ ভেকচিন (Gardasil 9 আৰু Cervarix) উপলব্ধ হৈছে। যাৰ সফলতাৰ পৰিসংখ্যা ৭০% পৰ্যন্ত বুলি বিবেচিত হৈছে । এই ভেকচিনসমূহ স্বাভাৱিক অৱস্থাত ৯ বছৰৰ পৰা ২৬ বছৰলৈ গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক: National Epilepsy Day 2023: মৃগীৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস জিএনআৰচি হাস্পতালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.