ETV Bharat / sukhibhava

National Epilepsy Day 2023: মৃগীৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস জিএনআৰচি হাস্পতালৰ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:31 PM IST

Updated : Nov 15, 2023, 6:08 PM IST

বিশ্বত ৫০ নিযুততকৈ অধিক ব্যক্তি মৃগীৰোগত আক্রান্ত হৈছে, তদুপৰি কেৱল মাত্ৰ ভাৰতত ১০ নিযুততকৈ অধিক মৃগীৰোগী আছে । ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ লগত সংগতি ৰাখি জনসাধাৰণক মৃগীৰোগৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালৰ এক সংবাদমেলৰ সম্বোধন ।

National Epilepsy Day 2023
ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস

জ্যেষ্ঠ শল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মন

গুৱাহাটী, 15 নৱেম্বৰ: 17 নৱেম্বৰৰ দিনটোত সমগ্ৰ ভাৰততে পালন কৰা হয় ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস ৷ সেয়ে ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত মৃগীৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বুধবাৰে জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাত এখন সংবাদমেলৰ আয়োজন কৰা হয় ৷ এই বছৰৰ ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ মূল বিষয়বস্তু হ'ল 'Step Up Against Stigma' ৷ যিকোনো বয়সৰ ব্যক্তিয়ে মৃগীৰোগত আক্ৰান্ত হ'ব পাৰে ৷ প্ৰতিটো বয়সৰ ব্যক্তিৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসাও বেলেগ বেলেগ ধৰণৰ হয় ৷

মৃগীৰোগ কোনো অভিশাপ নহয়, সৰহ সংখ্যক মৃগীৰোগীৰে চিকিৎসা সম্ভৱ ৷ মৃগীৰোগ হ'ল মগজুৰ এক ৰোগ ৷ আমাৰ প্ৰায় অধিকসংখ্যক লোকেই মৃগীৰোগ বুলিলে কেবল ফিট হোৱাটোকে একমাত্র লক্ষণ বুলি ভাবে ৷ কিন্তু প্রকৃতাৰ্থত মৃগীৰোগ মানে কেৱল এগৰাকী ব্যক্তি ফিট হোৱাতেই সীমাবদ্ধ নহয় ৷ আমাৰ ৰাজ্যত প্রায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্রান্ত ৷ কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ'ল বৰ্তমানো অধিকসংখ্যক ৰোগীয়ে অচিনাক্ত অৱস্থাত আছে ৷ যাৰ ফলত তেওঁলোক চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে ৷ এগৰাকী মৃগীৰোগীয়ে অন্য ১০ জন লোকৰ দৰে চাকৰি কৰিব পাৰে, খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে তথা বিয়া-বাৰু কৰাই সুস্থ জীৱন যাপন কৰিব পাৰে ৷

সংবাদমেলত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ শল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মনে জনায় যে "মগজু একেটা অংশৰ পৰা বাৰে বাৰে চিজাৰৰ (মৃগীৰোগৰ) এক লক্ষণ উৎপত্তি হৈ থকা বুলি প্ৰমাণিত হ'লে অস্ত্ৰোপচাৰৰ দ্বাৰা সেই অংশটো কাটি পেলোৱা হয় ৷ অস্ত্ৰোপচাবৰ দ্বাৰা মৃগীৰোগটো বহু ক্ষেত্ৰত নিৰাময় বা নিণত ৰাখিব পৰা যায় ৷ মৃগীৰোগৰ প্ৰকৃত উৎপত্তিস্থল আৰু কাৰণ সঠিক ৰূপত চিনাক্ত কৰিব পাৰিলেহে ৰোগী বিশেষে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয় ৷"

বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা আমি অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ হৈ উঠিব পৰা ৰোগীসকলক চিনাক্ত কৰিব পাবো ৷ অস্ত্ৰোপচাৰৰ দ্বাৰা ১৫ শতাংশ মৃগীৰোগীক সুস্থ কৰি তুলিব পৰা যায় ৷ মৃগীৰোগত আক্রান্ত শিশুৰ ক্ষেত্ৰত সময়োপযোগী চিকিৎসাৰ অভাৱত শিশু এটি মানসিক বিকাশ বাধাগ্রস্ত হ'ব পাৰে ৷

জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ মুখ্য কাৰ্যকৰী বিষয়া ডাঃ মইনুলাৰ ৰহমানে কয় “ ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিএনআৰচি হাস্পতালে ছয়মাইল শাখাত প্রতি বুধবাৰে এখনি মৃগীৰোগ চিকিৎসা ক্লিনিক আৰু এটি বিশেষ মৃগীৰোগ পেকেজৰো ঘোষণা কৰা হৈছে ৷ এই পেকেজটোত মাথোঁ ২৭০০ টকাতে ৰোগীয়ে ইইজি (নিয়মিত), আৰবিএছ, হিম'গ্লবিন, ক্রিয়েটিনাইন পৰীক্ষা কৰাৰ লগতে পঞ্জীয়ন আৰু স্নায়ুৰোগ চিকিৎসকৰ পৰামৰ্শও লাভ কৰিব ৷ উক্ত পেকেজটো ১৫ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ উপলব্ধ হ'ব ৷ জনসাধাৰণৰ মাজত মৃগীৰোগৰ চিকিৎসা সহজলভ্য কৰি তুলিবলৈ এটি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে ৷ এই হেল্পলাইন নম্বৰটো হ'ল- ৬৯০১২২৪৫৬২

এই হেল্পলাইন নম্বৰটোৰ সহায়ত মৃগীৰোগত আক্ৰান্ত ব্যক্তিসকলে জিএনআৰচি ছয়মাইলত উপলব্ধ মৃগীৰোগ সম্বন্ধীয় চিকিৎসা আৰু জৰুৰীকালীন সেৱাসমূহো তৎকালীনভাবে লাভ কৰিব পাৰিব ৷”

লগতে পঢ়ক: Steam Benefits: বৃদ্ধি পোৱা প্ৰদূষণত নিতৌ মুখত লওক ভাপ আৰু তৎক্ষণাত সকাহ পাওক এইসমূহ সমস্যাৰ পৰা

Last Updated : Nov 15, 2023, 6:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.