ETV Bharat / sukhibhava

দ্ৰুতগতিত বৃদ্ধি পাইছে Covid 19 JN1ৰ ৰোগী; ইয়াৰ পৰা শিশুক কেনেকৈ দিব সুৰক্ষা ?

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 11:25 AM IST

Updated : Jan 10, 2024, 11:31 AM IST

cases-of-covid-19-jn-dot-1-are-increasing-rapidly-know-its-symptoms-and-prevention-measures-in-children
দ্ৰুতগতিত বৃদ্ধি পাইছে Covid 19 JN.1ৰ ৰোগী; ইয়াৰ পৰা শিশুক কেনেকৈ দিব সুৰক্ষা ?

Covid variant JN1: ভাৰতত ক’ভিড-১৯ৰ নতুন ভেৰিয়েন্ট JN1ত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত আমি কেনেকৈ সৰু ল’ৰা-ছোৱালী এই মাৰাত্মক ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰো জানি লওক -

ভাৰতত ক’ভিড-১৯ৰ পঞ্চম ঢৌৱে লগত লৈ আহিছে JN1 নামৰ এটি নতুন ভেৰিয়েন্ট ৷ যিটো সমগ্ৰ দেশতে দ্ৰুতগতিত বিয়পি পৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতৰ ১২খন ৰাজ্যত JN1 ভেৰিয়েণ্টৰ ফলত হোৱা ক’ভিড আক্ৰান্তৰ সংখ্যা ৬৮২ টা ধৰা পৰিছে ৷ ইয়াৰে কৰ্ণাটকৰ পৰা ১৯৯ জন, কেৰালাৰ ১৪৮ জন, মহাৰাষ্ট্ৰ আৰু গোৱা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, দিল্লী, ওড়িশা, তেলেংগানা আৰু হাৰিয়ানাৰ ১৩৯ জন আক্ৰান্ত হৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কৰ’ণাৰ এই নতুন উপ-ভেৰিয়েণ্টটোক Variant of Interest হিচাপে ঘোষণা কৰিছে ৷ ইয়াক Coronaৰ অন্যান্য ভেৰিয়েন্টতকৈ অধিক সংক্ৰামক বুলি ধৰা হয় ৷

বিশেষজ্ঞসকলৰ মতে, এই ভেৰিয়েন্ট যিমান বেগেৰে বিয়পি পৰিছে তাৰ বাবে বৃদ্ধ আৰু শিশুসকল এই ভেৰিয়েন্টৰ পৰা অধিক বিপদত পৰিছে ৷ শিশুৰ দেহত দেখা পোৱা ক’ভিডৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থাসমূহ জানো আহক-

ক’ভিড ৰোগীৰ ক্ষেত্ৰত দেখা পোৱা লক্ষণসমূহৰ ভিতৰত-

  • শ্বাস-প্ৰশ্বাসত অসুবিধা
  • ভাগৰ
  • শৰীৰৰ বিষ
  • মূৰৰ বিষ
  • ডিঙি বিষ
  • নাক বন্ধ বা বৈ যোৱা
  • ভোক কমি যোৱা
  • ডায়েৰিয়া
  • ধাৰাবাহিক কাঁহ
  • গোন্ধ বা ৰুচি হেৰুওৱা

কিন্তু মন কৰিবলগীয়া যে এই লক্ষণসমূহ ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে ৷

COVID-19 JN1 ভেৰিয়েন্টৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব ?

Covid JN1ৰ ক্ৰমবৰ্ধমান ৰোগীৰ পৰিপ্ৰেক্ষিতত নিজৰ লগতে আনৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ ৷ তলত দিয়া ব্যৱস্থাসমূহ পালন কৰিলে সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি :

  • শিশুক টিকাকৰণ কৰা-

ভেকচিন গুৰুতৰ ৰোগ প্ৰতিৰোধ আৰু Covid সংক্ৰমণ হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ৷ এনে পৰিস্থিতিত শিশুক টিকাকৰণ কৰাটো প্ৰয়োজনীয় ৷

  • পৰিষ্কাৰ-পৰিচ্ছন্নতা-

নিয়মিতভাৱে চাবোন আৰু পানীৰে কমেও ২০ ছেকেণ্ডৰ বাবে হাত ধুলে, বা কমেও ৬০% এলক’হলযুক্ত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিলে হাতৰ পৰা ভাইৰাছ আঁতৰোৱাত সহায় হয় আৰু সংক্ৰমণৰ সম্ভাৱনা কম হয় ৷

  • মাস্ক পৰিধান কৰক-

বিশেষকৈ জনবহুল ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিলে শ্বাস-প্ৰশ্বাসৰ দ্বাৰা ভাইৰাছৰ প্ৰৱেশ ৰোধ কৰাৰ লগতে সংক্ৰমণৰ আশংকা হ্ৰাস পায় ৷

  • সামাজিক দূৰত্ব বজাই ৰাখক-

বিশেষকৈ বন্ধ ঠাইত আনৰ পৰা কমেও ছয় ফুট দূৰত্ব বজাই ৰাখিলে ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি যায় ৷

  • ভিৰ থকা ঠাই আৰু কম বায়ু চলাচল কৰা ঠাই পৰিহাৰ কৰক-

ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থাকি ঘৰৰ ভিতৰৰ ঠাইত সঠিক বায়ু চলাচল নিশ্চিত কৰিলে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷

  • কাঁহ বা হাঁচিৰ সময়ত মুখত ৰুমাল ৰাখক

কাঁহ বা হাঁচিৰ সময়ত মুখ আৰু নাক টিচু বা ৰুমালেৰে ঢাকি ৰাখিলে ভাইৰাছ আনলৈ বিয়পাটো ৰোধ কৰিব পৰা যায় ৷

লগতে পঢ়ক: ক’ভিডৰ পিচত এইবাৰ আহি আছে বিপজ্জনক ভাইৰাছ 'WEE'

Last Updated :Jan 10, 2024, 11:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.