ETV Bharat / sukhibhava

এইবাৰ ভোগালী বিহুত অতি সহজে তৈয়াৰ কৰক এইকেইবিধ পিঠা; জানি লওক ৰেচিপি

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 12:28 PM IST

Bhogali Bihu 2024 Special Pitha Recipe: ব্যস্ততাৰে ভৰা জীৱনত ঘৰত পিঠা বনোৱাতকৈ বজাৰত কিনিবলৈ পোৱা পিঠা বহুতে ব্যৱহাৰ কৰে । কিন্তু আজি আমি আপোনালোকৰ বাবে এনে কেইবিধমান পিঠাৰ ৰেচিপি লৈ আহিছো যাক আপুনি অতি সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰিব-

Bhogali Bihu 2024 Special Pitha Recipe
এইবাৰ ভোগালী বিহুত তৈয়াৰ কৰক এইকেইবিধ পিঠা; ৰেচিপি জানি লওক

চাওতে চাওতে পদুলিমুখ পালেহি হেপাঁহৰ ভোগালী বিহু ৷ বিহু বুলি ক’লেই যেন প্ৰত্যেকগৰাকী অসমীয়াৰ মন সাতখন-আঠখন হৈ উঠে ৷ ইফালে, বিহুক আদৰিবলৈ বৃদ্ধা-বণিতালৈকে সকলো ব্যস্ত হৈ পৰে পিঠাপনা, লাৰু আদি প্ৰস্তুত কৰাত ৷ গাৱে-ভূঞে আলহী-অতিথিক আদৰিবৰ বাবেও চিৰা-দৈ-গুড় আদিও যোগাৰ কৰা হয় ৷

বিহু বুলি ক’লেই প্ৰথমেই আমাৰ মনলৈ আহে পিঠাৰ কথা ৷ আমাৰ অসমীয়া সমাজত পিঠা হৈছে চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা এবিধ পাৰম্পৰিক অসমীয়া খাদ্য । পিঠাৰ বিভিন্ন প্ৰকাৰ আছে আৰু অসমীয়া জনজীৱনত ইয়াৰ বিশেষ গুৰুত্ব আছে । অসমীয়া ৰঙালী আৰু ভোগালী বিহুত বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে অন্যান্য বিভিন্ন উৎসৱ বা ঘৰুৱা অনুষ্ঠানটো পিঠা পৰিৱেশন কৰা হয় । ই এক স্বাস্থসন্মত খাদ্য আৰু অসমীয়া সমাজ আৰু সামাজিক প্ৰথাত ইয়াৰ এক বিশেষ ভূমিকা আছে । অৱশ্যে বৰ্তমানৰ ব্যস্ততাৰে ভৰা জীৱনত ঘৰত পিঠা বনোৱাতকৈ বজাৰত কিনিবলৈ পোৱা পিঠা বহুতে ব্যৱহাৰ কৰে । কিন্তু আজি আমি আপোনালোকৰ বাবে এনে কেইবিধমান পিঠাৰ ৰেচিপি লৈ আহিছো যাক আপুনি অতি সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰিব ৷ তেন্তে জানো আহক এই পিঠাসমূহৰ ৰেচিপি-

ভাপত দিয়া পিঠা

এটা বাটিত পিঠাগুড়ি লৈ তাত সোৱাদ অনুসৰি চেনি অকণমান নিমখ মিহলাই ভালদৰে সানি লওক ৷ মাজে মাজে অলপ পানী দি সানি লওক ৷ ভালদৰে সনাৰ পিছত সেই পিঠাগুড়িৰে লাৰু বান্ধি চাওক যদি পিঠাগুড়িখিনিৰ লাৰু হৈছে তেন্তে আপোনাৰ পিঠাগুড়ি খিনি তৈয়াৰ হৈ গৈছে ৷ এতিয়া এই পিঠাগুড়িখিনি ভালদৰে চালনি এখেনেৰে চেকি লওক ৷ এতিয়া কেইটামান সৰু কাগজৰ কাপ লৈ তাৰ তলত অংশ ফুটা কৰি লওক ৷ এতিয়া কাপ কেইটাত সামান্য তেল লগাই তাত পিঠাগুড়িখিনি ঢালি মাজত ইচ্ছা কৰিলে অলপ গুড়ো দি পাৰে ৷ এতিয়া এটা প্ৰেচাৰ কুকাৰত পানী দি ঢাকন লগাই তাৰ হুইচেলটো আঁতৰাই দিয়ক এতিয়া এই পিঠাগুড়িৰে ভৰা কাপকেইটা কাগজৰ কাপ কেইটাৰ ফুঁটা অংশখিনি হুইচেলৰ অংশত বহাই দি 1ৰ পৰা 2 মিনিট সময় ঢাকনিৰে কাপ কেইটা ঢাকি ৰাখক ৷ এতিয়া গৰমা গৰমে আপোনাৰ ভাপত দিয়া পিঠা পৰিৱেশন কৰক ৷

খোলা চাপৰি পিঠা

খোলা চাপৰি পিঠাৰ আন এটি নাম হৈছে হাজাৰমুখী পিঠা । এইবিধ পিঠাৰ যিকোনো চাউলৰ গুড়িৰে তৈয়াৰ কৰিব পৰা যায় । পিঠাগুড়িখিনি পানীৰে গুলি লোৰ কেৰাহী অথবা মাটিৰ বাচনত জুইৰ ওপৰত তুলি লৈ ভালদৰে ভাজি লওক । পিঠাখন লাগি নধৰিবৰ বাবে বহুতে কেৰাহীখনত সামান্য মিঠাতেল ব্যৱহাৰ কৰে । সৰহকৈ তেল দি ভজা পিঠা মচমচীয়া হ’লে খাবলৈ অতি সোৱাদযুক্ত হয় । পিঠা পোৰোঁতে বহুতে মাটি অথবা ধাতুৰ ঢাকনিও ব্যৱহাৰ কৰে । এতিয়া পিঠাখন দুয়োফালৰ পৰা তৈয়াৰ কৰাৰ পিছত গৰমা গৰমে ইয়াক পৰিৱেশন কৰক ৷

পাতি চাপটা

এখন কেৰাহীত বাটাৰ দি তাত গাখীৰ, মিল্ক পাউদাৰ দি ভালদৰে গাঢ় হ’বলৈ দিয়ক ৷ এতিয়া মিশ্ৰণখিনি গাঢ় হ’লে তাত অলপ জুলীয়া গুড় যোগ দিয়ক ৷ এতিয়া এই মিশ্ৰণখিনি ঠাণ্ডা কৰি হাতত অলপ লৈ ৰোল কৰি লওক ৷ এতিয়া এটা বাটিত মৈদা, পিঠাগুড়ি একাপ লৈ লওক অকণমাণ নিমখ আৰু চেনি, গাখীৰ মিহলাই বেটাৰ তৈয়াৰ কৰি লওক বেটাৰটো অধিক গাঢ় হ’লে প্ৰয়োজন অনুসৰি অলপ পানী মিহলাব পাৰে ৷ এতিয়া এই মিশ্ৰণখিনি এখন নন ষ্টিক কেৰাহী বা তাৱাত অলপ অলপ কৰি দি পিঠাৰ দৰে ঘূৰাই লওক এতিয়া এই পিঠাখনৰ মাজত গাখীৰেৰে তৈয়াৰী ক্ষীৰ খিনি দি ৰোল কৰি লওক এনেদৰে বাকীখিনি পিঠাও তৈয়াৰ কৰি লওক ৷

ঘিলা পিঠা

এই পিঠাৰ আকৃতি ঘিলাটোৰ দৰে হোৱাৰ বাবে ইয়াক ঘিলা পিঠা বোলে । সাধাৰণতে এই পিঠা প্ৰস্তুত কৰিবলৈ আৰৈ চাউলৰ পিঠাগুড়িৰ লগত বৰা চাউলৰ পিঠাগুড়ি মিহলি কৰি লোৱা হয় । ইয়াত গুড়, চেনি বা নিমখ মিহলি কৰি পানী সানি লাৰু কৰি ঘিলাৰ দৰে চেপেটা কৰি মিঠাতেলত ভাজি পৰিৱেশন কৰক ।

লগতে পঢ়ক: নৱবৰ্ষত আপোনাৰ মেন্যুত অন্তৰ্ভুক্ত কৰক অসমৰ এইকেইবিধ পৰম্পৰাগত খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.