ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Sep 30, 2021, 7:00 PM IST

পৰ্যটক সকলৰ বাবে ভাল খবৰ ৷ বৃহস্পতিবাৰৰ পৰা মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ সকলো পৰ্যটক তথা দৰ্শনাৰ্থীক আমন্ত্ৰণ সাংসদ দিলীপ শইকীয়াৰ ।

orang-national-park-reopened
পুনৰ মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওদালগুৰি, ৩০ চেপ্তেম্বৰ : পৰ্যটক সকলৰ বাবে ভাল খবৰ ৷ বৃহস্পতিবাৰৰে পৰা মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰি দিয়া হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই । ইতিমধ্যে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখনক ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হৈছে ।

পুনৰ মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃহস্পতিবাৰৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিচিত হ'ল । ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰা সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই । ক’ভিডে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ পিছতে সম্পূৰ্ণ দুটা বছৰৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয় ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ সকলো পৰ্যটক তথা দৰ্শনাৰ্থীক আমন্ত্ৰণ সাংসদ দিলীপ শইকীয়াৰ । ৰাষ্ট্ৰীয় উদ্যান খনৰ আন্তঃগাথনিৰ নিৰ্মাণ কাম ইতিমধ্যে আৰম্ভ হৈছে । মন কৰিব লগীয়া যে, এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ বাঘৰ সাংখ্যিক ঘনত্ব বেছি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্প পৰ্যটনৰ এক নতুন সম্ভাৱনা । তাৰ বাবে অসম চৰকাৰে লৈছে বিশেষ পদক্ষেপ । আনহাতে ছিপাঝাৰৰ ধলপুৰ উচ্ছেদ কাণ্ডক লৈ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিস্ফোৰক মন্তব্যৰ প্ৰতিক্ৰিয়াত আলীক মস্তিস্কৰ বিভ্ৰান্তি থকা লোক আখ্যা দিয়ে সাংসদ গৰাকীয়ে ৷ লগতে সাংসদ গৰাকীয়ে উদ্যান খনৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰ চৰকাৰী মাটি বেদখল কৰি থকা লোক সকলক অচিৰেই মাটি খিনি খালী কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.