ETV Bharat / state

কৰ'ণাৰ কৱলত এইবাৰ ওদালগুৰি জিলা কাৰাগাৰ

author img

By

Published : Jul 11, 2020, 12:44 PM IST

COVID 19 patient at Udalguri district jail
কৰ'ণাৰ কৱলত এইবাৰ ওদালগুৰি জিলা কাৰাগাৰ

ওদালগুৰি জিলা কাৰাগাৰত দুজনকৈ কাৰাবন্দীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা সংক্ৰমণ ৷ ২৪ জন নতুন কাৰাবান্দীৰ লগতে স্বাৱ সংগ্ৰহ কৰা হ'ব কাৰাগাৰৰ কৰ্মচাৰীসকলৰ ৷

দৰং,11জুলাইঃ ওদালগুৰি জিলা কাৰাগাৰত দুজন কাৰাবন্দীৰ শৰীৰত কৰ'ণা সংক্ৰমণ ৷ যোৱা ৩০ জুন আৰু ৫ জুলাইত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল কাৰাবন্দী দুজনক ৷ ৩০ জুনত কাৰাগাৰলৈ অহা কাৰাবন্দীজন আছিল পশ্চিম বংগৰ। কোৱাৰেন্টাইনত ৱাৰ্ডত সুকীয়াকৈ ৰখা হৈছিল কাৰাবন্দী দুজনক ৷

COVID 19 patient at Udalguri district jail
কৰ'ণাৰ কৱলত এইবাৰ ওদালগুৰি জিলা কাৰাগাৰ
যোৱা ৫ জুলাইত স্বাৱ সংগ্ৰহ কৰা হৈছিল কাৰাবন্দী কেইজনৰ। কৰ'ণাৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰখনত নতুন কাৰাবন্দীৰ বাবে পূৰ্বৰে পৰা স্থাপন কৰা হৈছিল কোৱাৰেন্টাইন ৱাৰ্ড ৷ এই ৱাৰ্ডতে আছিল কাৰাবন্দী দুজন ৷ তেওঁলোকৰ সৈতে একেটা ৱাৰ্ডত আছে আন ২৪ জন নতুন কাৰাবন্দী ৷ পুনৰ স্বাৱ সংগ্ৰহ কৰা হ'ব ৱাৰ্ডটোত থকা এই কাৰাবন্দী কেইজনৰ লগতে কাৰাগাৰৰ কৰ্মচাৰীসকলৰ ৷ উল্লেখ্য যে, বৰ্তমান জিলা কাৰাগাৰখনত আছে ২১২ জন কাৰাবন্দী। জানিব পৰা মতে, অন্য কাৰাবন্দীৰ সংস্পৰ্শলৈ অহা নাছিল পজিটিভ কাৰাবন্দী দুজন ৷

লগতে পঢ়কঃঅৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.