ETV Bharat / state

Rupjyoti Kurmi slams Bhupen Bora: ভূপেন বৰাৰ নামেই পাহৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:42 PM IST

Rupjyoti Kurmi
upjyoti Kurmi slams congress pr programs

মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা যায় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ ভূপেন বৰা সভাপতি হোৱাৰ পিচতেই দলটোৰ অৱস্থা শোচনীয় হোৱা বুলি মন্তব্য প্ৰায় আঢ়ৈ বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

ভূপেন বৰাক সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ

ৰৌতা, 17 অক্টোবৰ: ‘‘ভূপেন বৰা এজন কুফা মানুহ । তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে ।’’ আগন্তুক 2026 ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই য’তেই নিৰ্বাচন খেলিব তাতে ভূপেন বৰাই প্ৰতিদ্বন্দিতা কৰিব বুলি কোৱাৰ পিছতে ওদালগুৰিৰ মাজবাটত উপস্থিত হৈ এইদৰে ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভূপেন বৰা নিজেই বিহপুৰীয়া সমষ্টিত এবাৰ নহয়, দুবাৰকৈ হাৰিলে । লোকসভা নিৰ্বাচনতো হাৰিলে ৷ তেওঁ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব !

অৱশ্যে কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য দিওঁতে হেনো মনত বেয়াও লাগে বিধায়ক ৰূপজ্যোতিৰ । আঢ়ৈ বছৰ আগলৈকে তেওঁ কংগ্ৰেছত আছিল বুলি উল্লেখ কৰি বিধায়ক কুৰ্মীয়ে কয় যে কংগ্ৰেছৰ বিৰুদ্ধে কওঁতে মনত আঘাত লাগে ।

ইফালে কংগ্ৰেছক আগন্তুক 20 বছৰলৈকে কুম্ভকৰ্ণৰ দৰে নিদ্ৰা যাবলৈ পৰামৰ্শ ৰূপজ্যোতি কুৰ্মীৰ । তেওঁৰ মতে আগন্তুক 25 বছৰলৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব অসমত । 20 বছৰ পিছত টোপনিৰ পৰা সাৰ পাই আকৌ ফিল্ডত নামিবলৈ কংগ্ৰেছক পৰামৰ্শ বিধায়কগৰাকীৰ ।

এতিয়া স্বৰ্গ যাত্ৰা, আকাশ যাত্ৰা, পাতাল যাত্ৰা কৰিলেও একো লাভ নাই বুলি কংগ্ৰেছক কটাক্ষ ৰূপজ্যোতি কুৰ্মীৰ । মঙলবাৰে মাজবাটত পাচনৈ ছেৰফাং মণ্ডলৰ বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এইদৰে কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমতো ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ বিজেপিয়ে যদি অমৃত বৃক্ষ, অমৃত কলহ যাত্ৰা আদিৰে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা চলাইছে, কংগ্ৰেছে আকৌ বাগানে বাগানে, চাঙে চাঙে গৈ চেষ্টা কৰিছে ৰাইজক নিজৰ ফলীয়া কৰাৰ ৷ তাৰ মাজতেই মিচিঙৰ চাং ঘৰত উঠি ৰিবি গাচেং গচকি বিতৰ্কৰ সন্মুখীনো হৈছে ভূপেন বৰা ৷ এইবাৰ প্ৰাক্তন সতীৰ্থই ভূপেন বৰাক কটাক্ষ কৰিলে এইদৰে ৷

লগতে পঢ়ক: Ribi Gacheng controversy : বিতৰ্কৰ ওৰ পেলাই মিচিং জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিলে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.