ETV Bharat / state

Congress joining program: "বিধান সভাৰ সমষ্টিসমূহ মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি?"- ভূপেন বৰা

author img

By

Published : Jun 26, 2023, 8:26 PM IST

Bhupen Bora slams BJP GOVT
"বিধান সভাৰ সমষ্টিসমূহ মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি?"- ভূপেন বৰা

"সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত সমষ্টি কমালে কেনেকৈ? সমষ্টি মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি? মন গ’লেই কমাব ৷ আৰক্ষীৰ ৰঙা চকু দেখি অসমৰ লোকে ভয় কৰিব ভাবিছে তেনেহ’লে মুখ্যমন্ত্ৰীগৰাকীয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ৷" - ভূপেন বৰা

"বিধান সভাৰ সমষ্টিসমূহ মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি?"- ভূপেন বৰা

ৰৌতা, 26 জুন: "অসমৰ ৰাইজৰ অৰ্থনৈতিক বিকাশ হ'বলৈ,অসমৰ ভৱিষ্যত প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ হ'লে বিজেপিৰ পদুম ফুলক ব্ৰহ্মপুত্ৰত উটুৱাব লাগিব । যেতিয়ালৈকে বিজেপি দিছপুৰত থাকিব মদৰ দোকান বাঢ়িব, নিবনুৱাৰ সংখ্যা বাঢ়িয়েই থাকিব ৷" সোমবাৰে ওদালগুৰিত বিজেপিৰ বিৰুদ্ধে এনেদৰেই আক্ৰমণাত্মক হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ৷

আজি ওদালগুৰি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত বিশাল যোগদান কাৰ্যসূচীত উপস্থিত হৈ অসম চৰকাৰ, বিটিচি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় ভূপেন বৰাক ৷ বৰাই সংবাদমাধ্যমক কয়, "মুখ্যমন্ত্ৰীয়ে এক প্ৰচাৰমুখী চিন্তা চৰ্চাৰে ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে ৷ বিজেপিৰ লগত থাকিলে সকলো ভাল, কিন্তু নাথাকিলেই সকলো বেয়া ৷ আপোনালোকে চাই থাকক ৰাজস্থানত কি হ’ব, মধ্যপ্ৰদেশত কি হ’ব? এইবাৰ বিজেপিৰ পদুম ফুল আমি ব্ৰহ্মপুত্ৰত উটুৱাবই লাগিব, যেতিয়া দিছপুৰত বিজেপি থাকিব তেতিয়ালৈকে মদৰ দোকানৰ সংখ্যা বাঢ়িব ৷ নিৱনুৱাৰ সংখ্যা বাঢ়িব ৷ তেওঁলোকৰ লক্ষ্যই হৈছে, যিসকল শিক্ষিত নিবনুৱাক চাকৰি দিব পৰাই নাই সেইসকলক গাঁৱো গাঁৱে অলিয়ে গলিয়ে মদৰ দোকান খুলিব ৷ আপোনালোকে এনেকুৱা চৰকাৰৰ কথা আগতে কৰবাত শুনিছে নেকি, এবছৰত 200 খন বিদ্যালয়খন বন্ধ হোৱাৰ পৰিৱৰ্তে, 2000 খন মদৰ দোকান বৃদ্ধি হৈছে ৷ আমি আগতে শুনিছো বিদ্যালয় খোলে ৷ এই চৰকাৰ অসমৰ জনসাধাৰণে বিদায় দিয়াৰ যদি সংকল্প নলয়, আমাৰ ভৱিষ্যতটো বাদেই আমাৰ ভৱিষ্যতৰো ভৱিষ্যত প্ৰজন্ম ধ্বংস কৰি থৈ যাব ৷"

লগতে তেওঁ চৰকাৰক কটু ভাষাৰে সমালোচনা কৰি কয়,"ভয় ভাবুকিৰে বিজেপিয়ে চৰকাৰ চলাম বুলি ভাবিছিলে ৷ মণিপুৰত এই ভয় ভাবুকি দেখুৱাইছিলে, তাৰ পৰিণাম আজি মণিপুৰত ভুগি আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত সমষ্টি কমালে কেনেকৈ? সমষ্টি মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি? মন গ’লেই কমাব ৷ আৰক্ষীৰ ৰঙা চকু দেখি অসমৰ লোকে ভয় কৰিব ভাবিছে তেনেহ’লে মুখ্যমন্ত্ৰীগৰাকীয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ৷"

সমান্তৰালকৈ বিগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই সভাই-সমিতিয়ে কৈ ফুৰিছিল , বিটিচিৰ উন্নয়নৰ বাবে অহা ধন হাগ্ৰামা মহিলাৰীয়ে খালে , কিন্তু তাৰ প্ৰত্যুত্তৰত ওলোটাই হাগ্ৰামা মহিলাৰীয়েও হিমন্ত বিশ্ব শৰ্মাৰে ভগাই খোৱা বুলিও কৈছিল ৷

ইফালে আজিৰ এই জিলা কংগ্ৰেছ কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত তিনিশৰো অধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷ এই বিশাল যোগদান কাৰ্যসূচীত মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীকে আদি কৰি বহুকেইজন নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: Protest against delimitation: মাণিকপুৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.