Protest against delimitation: মাণিকপুৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

By

Published : Jun 26, 2023, 7:04 PM IST

thumbnail

বঙাইগাঁও, 26 জুন : কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাণিকপুৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে । বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টি দুটা কৰ্তন কৰি নতুনকৈ মাণিকপুৰ নামেৰে এখন নতুন সমষ্টিৰ সৃষ্টি কৰাক কেন্দ্ৰ কৰি সোমবাৰে স্থানীয় বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

পূৰ্বৰ উত্তৰ অভয়াপুৰী সমষ্টিটো থান-বান কৰি নতুনকৈ সৃষ্টি কৰা মাণিকপুৰ সমষ্টিত নাই মাণিকপুৰ ৰাজহ চক্ৰৰ বহু গাঁও পঞ্চায়ত । মানিকপুৰ গাঁও পঞ্চায়ত, ঝাওবাৰী গাঁও পঞ্চায়ত, নোৱাপাৰা গাঁও পঞ্চায়ত আৰু পাতিলাদহা গাঁও পঞ্চায়ত আঁতৰাই নি বঙাইগাঁও সমষ্টিৰ লগত সংযোগ কৰাত ক্ষুব্ধ হৈ পৰিছে সমষ্টিবাসী ৰাইজ । মাণিকপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, উন্নয়ন খণ্ডৰ কাৰ্যালয়, শিক্ষা বিষয়াৰ কাৰ্যালয়, আদৰ্শ চিকিৎসালয়, স্কুল-কলেজ আদি সকলো বঙাইগাঁও সমষ্টিৰ অন্তৰ্ভূক্ত কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় তেওঁলোকে । মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সকলো গাঁও মাণিকপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি মাণিকপুৰ সমষ্টি সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Constituency Delimitation: শিৱসাগৰত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সংবাদ মেল; প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.