ETV Bharat / state

ড্ৰাগছসহ কাকপথাৰত আটক যুৱক

author img

By

Published : Aug 8, 2020, 3:16 AM IST

youth arrested with drugs in kakopathar
youth arrested with drugs in kakopathar

কাকপথাৰত ব্ৰাউন ছুগাৰ, টেবলেট, টকাসহ আটক এজনক ৷ মৰাণ ছাত্ৰ সন্থাই আটক কৰে যুৱকজনক ৷ ব্ৰাউন ছুগাৰ সৰবৰাহত টঙনা আৰক্ষী চকীৰ গোহাঁই উপাধিৰ এজন বিষয়াও জড়িত থকাৰ অভিযোগ কৰিছে মৰাণ ছাত্ৰ সন্থাই কৰ্মকতাই ৷

শদিয়া, 7 আগষ্ট : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ খেৰজানত মৰাণ ছাত্ৰ সন্থাই ব্ৰাউন ছুগাৰ, বহু পৰিমানৰ নিচা জাতীয় টেবলেট, টকাসহ আটক কৰে এজন যুৱকক ৷ আটক কৰা যুৱজনক আৰক্ষীক চমজাই দিয়ে ছাত্ৰসন্থাৰ সদস্যই ৷ আটকাধীন যুৱকজন টঙনা থানাৰ অন্তগত খেৰজানৰ মানস বৰুৱা বুলি জানিব পৰা গৈছে ৷

ড্ৰাগছসহ কাকপথাৰত আটক যুৱক

সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি সদস্যসকলে মানস বৰুৱাক নিজ বাসগৃহৰ পৰা অবৈধ সামগ্ৰীসহ আটক কৰে ৷ ব্ৰাউন ছুগাৰ সৰবৰাহত টঙনা আৰক্ষী চকীৰ গোহাঁই উপাধিৰ এজন বিষয়াও জড়িত থকাৰ অভিযোগ কৰিছে মৰাণ ছাত্ৰ সন্থাই কৰ্মকতাই ৷ উল্লেখ্য যে মৰাণ ছাত্ৰ সন্থাই বিগত কেইবাদিনত কাকপথাৰ অঞ্চলত অবৈধভাবে গঢ়ি উঠা মদ, ভাং, কানি, ড্ৰাগছ ইত্যাদি মাদক দ্ৰব্যৰ বিৰুধে অভিযান অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে এই অভিযানৰ অংশ হিচাপে ব্যক্তিজনক আটক কৰে যুৱকজনক ৷

লগতে পঢ়ক : মহানগৰীত পেকেটে পেকেটে উদ্ধাৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.