ETV Bharat / state

তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

author img

By

Published : Nov 20, 2020, 8:12 PM IST

as_sadiya_wood_recovery_img_ASC10010
তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

প্ৰশাসনৰ চকুত ধুলি দি তিনিচুকীয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে ডাঙৰীৰ মেগেলা গাঁৱত AS-01DC-4651 নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ এই পৰ্যন্ত ট্ৰাক খনৰ গৰাকী কোন জানিব পৰা হোৱা নাই ৷

শদিয়া,20 নৱেম্বৰ : তিনিচুকীয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ প্ৰশাসনৰ চকুত ধুলি দি একাংশই চলাই আছে কাঠৰ বেহা ৷ বিভিন্ন সময়ত অঞ্চলতোৰ দল সংগঠন তথা ৰাইজৰ সহযোগত প্ৰশাসনে চোৰাং কাঠৰ গাড়ী জব্দ কৰিছে যদিও বৰ্তমানেও তিনিচুকীয়াত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ বহু মূল্যবান কাঠৰ বেহাৰে কোনোবাই চলাই গৈছে কোটি টকীয়া ব্যৱসায় ৷

as_sadiya_wood_recovery_img_ASC10010
তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

শুকুৰবাৰে পুনৰ ডাঙৰীৰ মেগেলা গাঁৱত ৰাইজৰ সহযোগত AS-01DC-4651 নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ বৃহৎ পৰিমাণৰ কাঠ ভৰ্তি ট্ৰাক খনৰ গৰাকী কোন এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও চালকজনে সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,অৰুণাচল প্ৰদেশৰ পৰা কাকপথাৰ মাইঠং হৈ মৃদংপৰা পথেদি মেগেলাহৈ দীৰ্ঘদিনে চোৰাং কাঠৰ সৰবৰাহ চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও আজিকোপতি প্ৰশাসনে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.