কাকপথাৰত অৰুণাচলী সুৰাসহ চুলাই বনোৱা পাছ নষ্ট

author img

By

Published : Aug 25, 2021, 7:45 AM IST

wine-and-heech-made-paas-seized-at-kakopathar

মঙলবাৰে কাকপথাৰত অভিযান চলাই অৰুণাচলী সুৰা(Wine) আৰু চুলাই(Heech) বনোৱা পাছ নষ্ট কৰে আৰক্ষী তথা আবকাৰী বিভাগে(Exise Department) ৷ অৱশ্যে এই চুলাই ঘাটিৰ সৈতে জড়িত কোনো ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল আবকাৰী বিভাগ ৷

শদিয়া, 25 আগষ্ট : তিনিচুকীয়াৰ কাকপথাৰত মঙলবাৰে আৰক্ষী আৰু আবকাৰী বিভাগৰ(Exise Department) অভিযান ৷ অভিযানকালত অবৈধ অৰুণাচলী সুৰাৰ(Wine) লগতে 1000 লিটাৰ চুলাই(Heech) বনোৱা পাছ নষ্ট কৰা হয় ৷ কাকপথাৰৰ লগতে তালাপ আৰু আন কেইবাখনো ঠাইত চুলাইৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষী আৰু বিভাগটোৱে ৷

wine-and-heech-made-paas-seized-at-kakopathar
অৰুণাচলী সুৰাসহ চুলাই বনোৱা পাছ নষ্ট

আবকাৰী বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে, বিভাগটোৱে তালাপৰ তামুলী, বেতনি, কাকপথাৰৰ চেলেংগুৰিকে ধৰি বিভিন্ন ঠাইত অভিযান অব্যাহত ৰাখিছে ৷ অধিক তথ্যৰ বাবে বিভাগে কেইবাজনো লোকক জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷ অৱশ্যে তেওঁলোকে এই পৰ্যন্ত কোনো অবৈধ সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: আৰক্ষীৰ জালত মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িওৱা মাষ্টাৰমাইণ্ড হাছিম আলী

সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ দেশীয় সুৰা, ড্ৰাগছ, চুলাই আদিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে(Assam Police) । অভিযানৰ সময়ত আৰক্ষী, আবকাৰী বিভাগে অবৈধ দেশীয় সুৰাৰ ঘাটি উচ্ছেদ, সুৰা নষ্ট কৰিছে ঠিকেই, কিন্তু তাৰ মাজতো এই নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা চলাই নিছে একাংশই ।

সুৰা নষ্ট কৰিলেও সুৰা প্ৰস্তুতৰ সামগ্ৰী সহজলভ্য হোৱাৰ বাবে ব্যৱসায় চলাই গৈছে সুৰা ব্যৱসায়ীয়ে । ইফালে এই বেহাৰ সৈতে জড়িত দুষ্ট চক্ৰ ৰাজ্যৰ বিভিন্ন স্থানত সক্ৰিয় হৈ আছে । লালিগুড়ৰ পৰা তৈয়াৰ কৰা চুলাই সেৱন কৰি বহু লোকৰ জীৱন ধ্বংসৰ গৰাহলৈ যোৱাৰ লগতে বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ।

লগতে পঢ়ক: নিকাহ কৰাই গ্ৰেপ্তাৰ হ’ল এজন কাজী: কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.