ETV Bharat / state

নিকাহ কৰাই গ্ৰেপ্তাৰ হ’ল এজন কাজী: কিন্তু কিয় ?

author img

By

Published : Aug 24, 2021, 10:36 PM IST

a-kazi-arrested-for-his-involvement-in-child-marriage-case-in-howley
হাউলীত বিয়া পাতি গ্ৰেপ্তাৰ এজন কাজী

কিছুদিনৰ পূৰ্বে পতা এখন বিয়াৰ বাবে থানাৰ আলহী হ'বলগীয়া হল বৰপেটা জিলাৰ হাউলীৰ এজন কাজী ৷ কাজী গৰাকীৰ লগতে আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ কিন্তু এখন বিবাহ অনুষ্ঠিত কৰি কিয় থানাৰ আলহী হ'ব লগা হ'ল কাজী গৰাকী ?

বৰপেটা,24 আগষ্ট: বৰপেটা জিলাৰ হাউলীৰ পৰা মঙলবাৰে হাউলী আৰক্ষীয়ে আটক কৰিছে ৰুস্তম আলী নামৰ এজন কাজীক ৷ কাজী গৰাকীৰ বিৰুদ্ধে ভেৰালদি ৰুৰেল ডেভেলপমেন্ট এচ'চিয়েচন নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে হাউলী থানাত ৰুজু কৰা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে কাজী গৰাকীক ৷ কিছুদিন পূৰ্বে সম্পন্ন কৰা এখন বিবাহৰ বাবেই গ্ৰেপ্তাৰ হৈছে এই গৰাকী কাজী ৷ এতিয়া আপোনাৰ মনত হয়টোল প্ৰশ্ন উদয় হৈছে বিবাহ সমাপন কৰি কিয় গ্ৰেপ্তাৰ হল কাজী গৰাকী ?

আচলতে এখন বাল্য বিবাহ অনুষ্ঠিত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কাজী গৰাকীক ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে,এগৰাকী কিশোৰীক এজন যুৱকৰ সৈতে নিকাহ কৰাই দিয়া ঘটনাৰ সৈতে জড়িত আছিল কাজী ৰুস্তম আলী ৷ এই সন্দৰ্ভত কাজী ৰুস্তম আলীৰ বিৰুদ্ধে হাউলী থানাত ৰুজু হৈছিল এক গোচৰ ৷ অৱশেষত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুস্তম আলীক ৷ আৰক্ষীৰ চকুত ধূলি দি বাক্সা জিলাৰ মছলপুলৰৈ পালয়ন কৰিবলৈ লওতেই হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাজী গৰাকীক ৷

হাউলীত বিয়া পাতি গ্ৰেপ্তাৰ এজন কাজী

উল্লেখ্য যে, বাল্য বিবাহৰ উক্ত গোচৰটোত আৰক্ষীয়ে ইতিমধ্যে আন তিনিজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ বাল্য বিবাহৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এনেদৰে এজন কাজীৰ গ্ৰেপ্তাৰক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ৰুস্তম আলীক সম্প্ৰতি হাউলী আৰক্ষী থানাত সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়কঃ ৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্ৰ বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.