ETV Bharat / state

আৰক্ষীৰ জালত মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িওৱা মাষ্টাৰমাইণ্ড হাছিম আলী

author img

By

Published : Aug 24, 2021, 10:53 PM IST

mastermind-hashim-ali-arrested-carrying-explosives-from-meghalaya
আৰক্ষীৰ জালত মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িওৱা মাষ্টাৰমাইণ্ড হাছিম আলী

শিলৰ কোৱেৰীত শিল ভঙা আৰু ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মৰাৰ বাবে এই বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি আহিছিল হাছিম আলীয়ে ।

ছয়গাঁও, ২৪ আগষ্ট: অৱশেষত সোণাপুৰত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীৰ মাষ্টাৰমাইণ্ড হাছিম আলী জালত পৰিল কামৰূপ আৰক্ষীৰ । উল্লেখযোগ্য যে, যোৱা ২০ আগষ্টৰ নিশা মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িয়াই লৈ অহা অৱস্থাত তালাচী চলাই আৰক্ষীয়ে আটক কৰিছিল সামগ্ৰীসহ মইনুল হক নামৰ লোকজনক ।

তাৰ পাছতে মইনুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে অভিযান চলাই ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা পথাৰৰ তথা ঘটনাৰ মাষ্টাৰমাইণ্ড হাছিম আলীক মঙলবাৰে গৰৈমাৰীৰ আলিকাষৰ পৰা ছয়গাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । জানিবপৰা মতে, সাধাৰণ পোচাকত যোৱা ছয়গাঁও আৰক্ষীৰ দলটোৱে মাষ্টাৰমাইণ্ড হাছিম আলীক অতি কৌশলগতভাৱে আটক কৰে ৷

আৰক্ষীৰ জালত মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িওৱা মাষ্টাৰমাইণ্ড হাছিম আলী

উল্লেখযোগ্য যে, শিলৰ কোৱেৰীত শিল ভঙা আৰু ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মৰাৰ বাবে এই বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি আহিছিল হাছিম আলীয়ে । একেদৰে হাছিম আলী নামৰ লোক জনে দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা মইনুল হক নামৰ লোকজনৰ জৰিয়তে অবৈধ ভাৱে সৰবৰাহ কৰি আছিল এই বিস্ফোৰক সামগ্ৰী সমূহ ।

লগতে পঢ়কঃ ৩৪ গৰাকী অসম বিত্ত সেৱা বিষয়াক নিযুক্তিপত্ৰ বিতৰণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ

আনহাতে বিগত দিন কেইটাত পলাশবাৰী আৰু ছয়গাঁও আৰক্ষীয়ে মেঘালয়ৰ ৰিভয় জিলাৰ অন্তৰ্গত নংপো থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত অভিযান চলাই থকাৰ পিচত অৱশেষত কামৰূপ আৰক্ষীৰ জালত পৰিল এই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড হাছিম আলী ।

মঙলবাৰে বিয়লি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে এই ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত এক সংবাদমেল অনুষ্ঠিত কৰি মেঘালয়ৰ নংপো থানাত ১০৪/২১ নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰা বুলি জানিবলৈ দিয়ে ।

আনহাতে ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়, বিস্ফোৰক সামগ্ৰীৰ অবৈধ ব্যৱসায় আদিৰ বিৰুদ্ধে কামৰূপ আৰক্ষী সদায়ে সজাগ বুলি মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত বহুত সফলতা লাভ কৰা বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়কঃ নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.