ETV Bharat / state

Vegetable price hike:মূল্যবৃদ্ধিৰ বিৰোধিতাৰে তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 8, 2023, 8:20 PM IST

Vegetable price hike
মূল্যবৃদ্ধিৰ বিৰোধিতাৰে তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে তিনিচুকীয়াত প্ৰতিবাদ ৷ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

মূল্যবৃদ্ধিৰ বিৰোধিতাৰে তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়া,৮ জুলাইঃ পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে তিনিচুকীয়াত প্ৰতিবাদ ৷ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু তিনিচুকীয়া বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত সাব্যস্ত কৰে প্ৰতিবাদ । তিনিচুকীয়া কংগ্ৰেছ ভৱনৰ পৰা প্ৰতিবাদকাৰীসকলে চিৰাপট্টি চাৰিআলিলৈ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদত অংশগ্ৰহণ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰণৱ বৰুৱাই ৷ বৰুৱাই কয়,"অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সাধাৰণ মানুহৰ হাতৰ মুঠিৰ পৰা বাহিৰলৈ গৈছে । কংগ্ৰেছ ক্ষমতাত থকা সময়ত বিজেপিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল । আমি চৰকাৰক পৰামৰ্শ দিব নিবিচাৰো, কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য নিয়ন্ত্ৰণ কৰাটো তেওঁলোকৰ দায়িত্ব। ইন্ধন, ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি শাক-পাচলিলৈকে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে।’’

সমান্তৰালভাৱে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয় ‘‘বিজেপিয়ে জনসাধাৰণৰ বাবে আচ্ছে দিনৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল ৷ বৰ্তমান তেওঁলোকৰ জনবিৰোধী নীতিৰে তেওঁলোকে পদ্ধতিগতভাৱে মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীক ধ্বংস কৰিছে। সামগ্ৰীৰ মূল্যই আকাশলংঘী স্পৰ্শ কৰিছে । আজি সাধাৰণ মানুহে শাক-পাচলি কিনা বন্ধ কৰি দিছে । কাৰণ এই বিলাক তেওঁলোকৰ ক্ৰয়ৰ ক্ষমতাৰ বাহিৰলৈ গৈছে।’’

বিলাহীৰ দাম প্ৰতি কিঃগ্ৰাঃ ১৫০ টকা স্পৰ্শ কৰিলে । কোনো এটাও শাক-পাচলিৰ দাম প্ৰতি কিঃগ্ৰাঃ ১০০ টকাৰ তলত নহয়। সাধাৰণ মানুহে কেনেকৈ পাচলি ক্ৰয় কৰিব পাৰিব । যদিহে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰা নহয় তেন্তে সাধাৰণ ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:Tai ahom students union protest:টাই আহোম ছাত্ৰ সন্থাই জ্বলালে যোগান মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.