ETV Bharat / state

জাগুনত আলফা (স্বা) ৰ চাৰ্জেণ্ট মেজৰ বিবেক অসম ওৰফে বাস্তৱ ফুকনক আটক

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:17 PM IST

ULFA I Cadre Nabbed
চাৰি যুৱকক শাৰীৰিক অত্যাচাৰৰ অভিযোগ অসম ৰাইফলছৰ বিৰুদ্ধে

ULFA I Cadre Held : জাগুনৰ ফানেঙ গাঁৱত আলফা (স্বা) ৰ চাৰজেণ্ট মেজৰ বিবেক অসম ওৰফে বাস্তৱ ফুটনক আটক ৷ অভিযানৰ নামত নিৰীহ চাৰি যুৱকক শাৰীৰিক অত্যাচাৰৰ অভিযোগ অসম ৰাইফলছৰ বিৰুদ্ধে ।

আলফা (স্বা) ৰ চাৰজেণ্ট মেজৰ বিবেক অসমক আটক

তিনিচুকীয়া, 27 ডিচেম্বৰ : বিগত কিছুদিন ধৰি আৰক্ষী-সেনাই আলফা (স্বা) ৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তেই বুধবাৰে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত জাগুনৰ ফানেঙ গাঁৱত আৰক্ষী আৰু অসম ৰাইফলছে‌ বিশেষ অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় আলফা (স্বা) ৰ স্বয়ম্ভু চাৰজেণ্ট মেজৰ বিবেক অসম ওৰফে বাস্তৱ ফুকনক ৷ অভিযানকাৰী সেনা-আৰক্ষীৰ পাঁচজনীয়া দলটোৱে বাহিৰা পোচাকত এখন এম্বুলেন্সত গৈ চলাইছিল এই অভিযান ৷

অভিযানত বিবেক অসমক আটক কৰিবলৈ সক্ষম হোৱাৰ পাছতে লগত থকা আন এগৰাকী আলফাৰ দুধৰ্ষ কেডাৰে অভিযানকাৰীৰ উমান পাই পলাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি বিবেক অসমৰ স’তে আছিল আলফাৰ দুধৰ্ষ কেডাৰ মৃগাং অসম ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অভিযানৰ কালচোৱাত অসম ৰাইফলছৰ জোৱানে নিৰীহ চাৰিগৰাকীকৈ লোকৰ ওপৰত আতিশয্য চলায় ৷

গকুল বৰুৱা, নিয়ন গগৈ, ৰমেন গোঁহাই আৰু খলিদ্ৰ বৰুৱা নামৰ যুৱক কেইজনক অভিযানকাৰীৰ দলে আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যুৱক কেইগৰাকীক ঘৰৰ কাষত কাম কৰি থকা অৱস্থাতে আলফাৰ সন্দেহত অসম ৰাইফলছৰ এটা দলে বলপূৰ্বকভাৱে ফানেঙ পাহাৰলৈ যায় আৰু যুৱক কেইগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে ৷ শেষত যুৱক কেইগৰাকীক অসম ৰাইফলছে চিকিৎসাৰ বাবে নগদ দুই হেজাৰ টকা দি মুকলি কৰি দিয়ে ৷

ইফালে ফানেঙ গাঁৱৰ যুৱক কেইজনক অসম ৰাইফলছে মাৰ-ধৰ কৰাক লৈ গাঁৱৰ স্থানীয় মহিলা সকলে অসম ৰাইফলছৰ দলটোক আগভেটি ধৰে ৷ দুই পক্ষৰ মাজত হতাহতি হয় আৰু শেষত অসম ৰাইফলছে বন্দুক দেখুৱাই নিজৰ বীৰত্ব প্ৰদৰ্শন কৰে ৷ ইয়াৰ পাছৰে পৰা এই অঞ্চলটোত আলফা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলে অসম আৰক্ষী আৰু অসম ৰাইফলছৰ বৃহৎ দলে ৷

লগতে পঢ়ক : আলফাৰ লগত সম্পৰ্ক আছিল দীপাংকৰ গগৈৰ : আৰক্ষী অধীক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.