অমৃতকালৰ আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক - Barpeta Chandmama model hospital
Chandmama model hospital: নামত হে চলিছে কলগাছিয়াৰ চান্দমামা আদৰ্শ চিকিৎসালয় । 2010 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে ৰোগী । চিকিৎসক থকা সত্বেও নিজৰ কৰ্তব্য পালন নকৰাৰ অভিযোগ ৰাইজৰ । পৰ্যাপ্ত চিকিৎসক, নাৰ্চ নিযুক্তিৰ দাবী বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ।

Published : May 17, 2024 at 12:00 PM IST
কলগাছিয়া, 17 মে’ : ৰাজ্যত প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন হোৱা বুলি ৰাজ্য চৰকাৰখনে দাবী কৰি অহাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উদ্বেগজনক এখন ছবি পোহৰলৈ আহিছে ৷ পৰ্যাপ্ত চিকিৎসক থকা সত্বেও স্বাস্থ্য সেৱা লাভৰ পৰা ৰোগী বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে এটা স্বাস্থ্যকেন্দ্ৰত ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ চান্দমামা আদৰ্শ চিকিৎসালয়ত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । পৰ্যাপ্ত চিকিৎসক থকা সত্বেও চিকিৎসালয়খনত চিকিৎসকৰ অভাৱে দেখা দিছে । যাৰ ফলত ৰোগীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ।

জানিব পৰা মতে চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি ডাঃ ৰঞ্জিত মণি ডেকা, ডাঃ শ্বাহ আলম, ডাঃ মইনুল হক, ডাঃ মণিৰ উদ্দিন দেৱান, ফাৰ্মাচিষ্ট নিপন দাস আৰু ৱাৰ্ড বয় নাজিম উদ্দিন চৰকাৰীভাবে উপলব্ধ হৈ আছে যদিও কোনো দিনেই তেওঁলোকৰ দায়িত্ব পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে । উপৰোক্ত চিকিৎসক কেইজনে নিজৰ সুবিধা অনুযায়ী আন চিকিৎসালয়ৰ সৈতে যুক্ত হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । যাৰ ফলত জৰুৰীকালীন ৰোগীসকল চিকিৎসাৰ অভাৱত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ।
এখন মডেল চিকিৎসালয়ত যদি চিকিৎসকেই নাথাকে বা ৰোগীসকলে যদি চিকিৎসা সেৱা নাপায় তেন্তে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কি উন্নয়ন হৈছে বুলিও সচেতন মহলৰ মনত প্ৰশ্নৰ উদয় হৈছে । 2010 চনত তদানীন্তন স্বাস্থ্য মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ইফালে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামকো তীব্ৰ সমালোচনা কৰি অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক চান্দমামা মডেল চিকিৎসালয়ৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব আৰোপ কৰি পৰ্যাপ্ত চিকিৎসক, নাৰ্চ আদি নিযুক্তি দিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে ।
লগতে পঢ়ক: দুজন চিকিৎসকৰে চলিছে নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়

