ETV Bharat / bharat

উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত কপিল চিব্বাল - SCBA President Kapil Sibal

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 11:54 AM IST

SCBA President Kapil Sibal: চতুৰ্থবাৰৰ বাবে উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল কপিল চিব্বাল । বাৰ এছ'চিয়েশ্যনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী জ্যেষ্ঠ অধিবক্তা প্ৰদীপ ৰায়ক তেওঁ পৰাস্ত কৰে ।

SCBA President Kapil Sibal
উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত কপিল চিব্বাল (ANI)

নেশ্যনেল ডেস্ক, ১৭ মে' : দেশৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন (এছচিবিএ)ৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে । চিব্বালে ১,০৬৬ টা ভোট লাভ কৰে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী জ্যেষ্ঠ অধিবক্তা প্ৰদীপ ৰায়ক পৰাস্ত কৰে । চতুৰ্থবাৰৰ বাবে চিব্বাল এছচিবিএৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ অন্যতম অধিবক্তা চিব্বালে ৮ মে'ত উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ (এছচিবিএ) সভাপতি পদৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল । চিব্বালে অন্তিমবাৰৰ বাবে ২০০১-০২ চনত এছচিবিএৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ তাৰ পূৰ্বেও দুবাৰ ক্ৰমে ১৯৯৫-৯৬ আৰু ১৯৯৭-৯৮ চনত এই পদত অধিষ্ঠিত হৈছিল ।

উল্লেখ্য যে চিব্বাল হাৰ্ভাৰ্ড ল' স্কুলৰ স্নাতক আৰু তেওঁ ১৯৮৯-৯০ চনত ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল । তেওঁক ১৯৮৩ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত কপিল চিব্বালক শুভেচ্ছা জ্ঞাপন কৰিছে । ৰমেশৰ মতে কপিল চিব্বালে উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েচনৰ নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হৈছে । উদাৰ, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰগতিশীল শক্তিৰ বাবে এয়া এক ডাঙৰ জয় বুলিও তেওঁ উল্লেখ কৰে । এয়া ৰাষ্ট্ৰীয় ভাৱে অতি সোনকালে ঘটিব পৰা পৰিৱৰ্তনৰ এক ট্ৰেইলাৰ হ'ব পাৰে বুলিও তেওঁ উল্লেখ কৰিছে । তেওঁৰ মতে ইয়াৰ দ্বাৰা সকলো হতবাক হ'ব ।

উল্লেখ্য যে কপিল চিব্বাল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হোৱাৰ লগতে দেশৰ বহু গুৰুত্বপূৰ্ণ গোচৰত প্ৰতিনিধিত্ব কৰি আহিছে । তেওঁ উদাত্ত কণ্ঠৰ বাবে জনাজাত । অৱশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তেওঁক প্ৰায়ে সৰব হোৱা দেখা যায় । বিগত বছৰ অসম সন্দৰ্ভত কৰা এক মন্তব্যৰ জৰিয়তে বিতৰ্কত সোমাই পৰিছিল চিব্বাল । অসমক ম্যানমাৰৰ অংগ বুলি কৈ সমালোচনাৰ সন্মুখীন হৈছিল চিব্বাল । অসমত কপিল চিব্বালৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হোৱাও দেখা গৈছিল ।

লগতে পঢ়ক :মোদী-শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ পাকিস্তানী শৰণাৰ্থীৰ - Citizenship Through Caa
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.