ETV Bharat / bharat

মোদী-শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ পাকিস্তানী শৰণাৰ্থীৰ - Citizenship through Caa

Citizenship through CAA : লোকসভা নিৰ্বাচনৰ সময়সূচীৰ ঠিক পূৰ্বে 11 মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলীৰ বিষয়ে অৱগত কৰিছিল । ইয়াৰ পাচতে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই যোৱা 15 মে’ত দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷ নাগৰিকত্ব বিচৰা 14 জন আবেদনকাৰীক শাৰীৰিকভাৱে আৰু ইমেইলৰ জৰিয়তে আন কেইবাজনো আবেদনকাৰীক ডিজিটেল স্বাক্ষৰিত প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

Etv bharat assam
মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ পাকিস্তান লোকৰ (Etv bharat assam)
author img

By ANI

Published : May 17, 2024 at 10:12 AM IST

4 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 17 মে’ : পাকিস্তানৰ পৰা অহা আৰু দিল্লীত বাস কৰা শৰণাৰ্থীসকলে নাগৰিকত্ব (সংশোধনী) আইনৰ জৰিয়তে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।

15 মে’ত কেন্দ্ৰীয় চৰকাৰে CAA ৰ অধীনত নিয়মসমূহ অৱগত কৰাৰ পাচত দুমাহৰ ভিতৰতে প্ৰথম পৰ্যায়ৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে । মজনু কা টিলাত বাস কৰা এগৰাকী পাকিস্তানৰ শৰণাৰ্থী শীতল দাসে নাগৰিকত্ব লাভ কৰি কয়, "আমি যোৱা 5 অক্টোবৰত পাকিস্তানৰ পৰা দিল্লীলৈ আহিছিলো । CAA ৰ বিল গৃহীত হোৱাত আমি বহুত সুখী হৈছিলো । ইয়াৰ পিাচত আমি নাগৰিকত্ব ল'বলৈ চেষ্টা কৰিছিলো যাতে আমিও কিছু কাম আৰম্ভ কৰিব পাৰো । আমি এমাহ আগতে নাগৰিকত্বৰ বাবে আবেদন কৰিছিলো আৰু আমি 15 মে’ত লাভ কৰিছিলো । এতিয়া আমাৰ ভৱিষ্যতো উজ্জ্বল হ’ব ৷"

মজনু কা টিলাত বাস কৰা আন এগৰাকী পাকিস্তানী শৰণাৰ্থী যশোধাই তেওঁলোকক এতিয়া ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হ’ব আৰু তেওঁলোকক “পাকিস্তানী” বুলি কোৱা নহ’ব বুলি উল্লেখ কৰি আনন্দ প্ৰকাশ কৰে । তেওঁ কয়, "আমি 2013 চনত ইয়ালৈ আহিছিলো । পানী আৰু বিদ্যুতৰ সৈতে জড়িত বহু অসুবিধাৰ সন্মুখীন হৈছিলো । এতিয়া আমাৰ নাগৰিকত্ব আছে । কিন্তু আমাৰ সন্তানৰ ভৱিষ্যত উজ্জ্বল হ'ব । নাগৰিকত্বৰ বাবে আমি বহুত কষ্ট কৰিবলগীয়া হৈছিল । আমি সুখী আৰু প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো ।"

আন এগৰাকী শৰণাৰ্থী অমৃতাই CAA ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰাৰ পাচত চিকিৎসক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে । অমৃতাই কয়, "2013 চনত আমি যেতিয়া আহিছিলো তেতিয়া স্কুল বা বিদ্যুতৰ সুবিধা নাছিল । এতিয়া, আমাৰ দুয়োটা আছে । মই ডাঙৰ হৈ চিকিৎসক হ'ব বিচাৰো ।"

মীৰা নামৰ এগৰাকীয়ে কয়, "আমি 3/4 বছৰ আগতে নাগৰিকত্বৰ বাবে আবেদন কৰিছিলো । নাগৰিকত্ব পাম বুলি ঘোষণা কৰাৰ সময়ত আমি অহাৰ 8/9 বছৰ হ'ল । মই মোৰ নাতিনীৰ নামো ৰাখিলোঁ 'নাগ্ৰীকতা'। আমি বহুত সুখী । মোৰ দুটা সন্তানে নাগৰিকত্ব লাভ কৰিছে । যিয়েই এই কাম কৰিছে আৰু আমাৰ বিষয়ে চিন্তা কৰিছে তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ ।"

দিল্লীৰ আদৰ্শ নগৰত বাস কৰা আৰু নাগৰিকত্বৰ প্ৰমাণ পত্ৰ লাভ কৰা আবেদনকাৰীৰ ভিতৰত অন্যতম ভৱনাই প্ৰমাণ পত্ৰ লাভ কৰাৰ লগে লগে আনন্দ প্ৰকাশ কৰে । তেওঁ কয়, "মই নাগৰিকত্ব পাইছো আৰু মই বহুত সুখী অনুভৱ কৰিছো, মই আৰু অধিক পঢ়িব পাৰিম । মই 2014 চনত ইয়ালৈ আহিছিলো আৰু এই CAA আইন পাছ হোৱাৰ সময়ত মই বহুত সুখী হৈছিলো । পাকিস্তানত আমি ছোৱালীবোৰে পঢ়িব পৰা নাছিলো আৰু বাহিৰলৈ ওলাই যোৱাটোও কঠিন আছিল ।"

তেওঁ লগতে কয়, "আমাৰ পৰিয়ালৰ বহু সদস্য এতিয়াও আছে যিয়ে ভাৰতলৈ আহিব বিচাৰে কিন্তু তেওঁলোকে ভিছাজনিত সমস্যাৰ সন্মুখীন হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক ইমান সহায় কৰিছে । আমি প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনাইছো । মই এগৰাকী শিক্ষয়িত্ৰী হ’ব বিচাৰো আৰু এই অঞ্চলত বাস কৰা মহিলাসকলক শিক্ষিত কৰিব বিচাৰো ।"

লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ কিছুদিন পূৰ্বে চলিত বৰ্ষৰ 11 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ নিয়মসমূহৰ অধিসূচনা জাৰি কৰে । কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই যোৱা 15 মে’ত নতুন দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷ নাগৰিকত্ব বিচৰা 14 জন আবেদনকাৰীৰ হাতত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে আন বহু আবেদনকাৰীক ইমেইলৰ জৰিয়তে ডিজিটেল স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতৰ নাগৰিকত্ব লাভ 14 গৰাকীৰ - Citizenship Certificates Under CAA