T20 ক্ৰিকেট বিশ্ব কাপৰ জুৱাৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ অভিযান

author img

By

Published : Nov 6, 2021, 9:41 PM IST

Tinsukia police raid against T20 Cricket World Cup gambling

T20 ক্ৰিকেট বিশ্ব কাপৰ জুৱাত নামিছে একাংশ লোক ৷ শেহতীয়াকৈ অন'লাইনত পৰিচালিত এনে জুৱা খেলৰ লগত নাম সাঙুৰ খাই পৰিছে তিনিচুকীয়াৰ বিকাশ বেৰীয়া আৰু নীতিশ বেৰীয়া নামৰ দুগৰাকী লোক ৷

নিউজ ডেস্ক, 6 নৱেম্বৰ : IPL নহয়, এইবাৰ T20 ক্ৰিকেট বিশ্ব কাপৰ জুৱাত নামিছে একাংশ লোক ৷ ইয়াৰ সমান্তৰালভাৱে নিশাটোৰ ভিতৰতে কোটি কোটি টকাৰ সপোন দেখা একাংশ লোকৰ পৰা সুযোগ গ্ৰহণ কৰি লুণ্ঠনৰ জাল তৰিছে অন'লাইন জুৱা খেলৰ এটা বৃহৎ চক্ৰই ৷ T20 ক্ৰিকেট বিশ্ব কাপৰ প্ৰতিখন খেলক লৈ লগোৱা হয় কোটি কোটি টকাৰ অনলাইন জুৱা ৷

অন'লাইনত পৰিচালিত এই জুৱা খেলৰ লগত নাম সাঙুৰ খাই পৰিছে তিনিচুকীয়াৰ বিকাশ বেৰীয়া আৰু নীতিশ বেৰীয়া নামৰ দুগৰাকী লোকৰ ৷ এক গোপন সূত্ৰ পম দেখি এই দুয়োগৰাকীৰ লোকৰ ঘৰত শনিবাৰে এক অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে ৷ বহিঃৰাজ্যৰ পৰা এই দুই গৰাকী লোকে অনলাইন যোগে চলাই আহিছিল জুৱা খেল ৷

T20 ক্ৰিকেট বিশ্ব কাপৰ জুৱাৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ অভিযান

লগতে পঢ়ক: মৰাণৰ বৃহৎ জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান; জব্দ হ'ল 33 খন চাইকেল

আৰক্ষীৰ এটা দলে বেৰীয়াৰ তিনিচুকীয়াস্থিত এটা কাৰ্যালয়ৰ লগতে লোক দুজনৰ বাসগৃহতো অভিযান চলায় ৷ অভিযানত অনলাইন জুৱা খেলত ব্যৱহাৰ কৰা এটা লেপটপ জব্দ কৰে অভিযানকাৰী দলটোৱে । T-20 বিশ্বকাপৰ প্ৰতিখন ৰোমাঞ্চকৰ আৰু হাই ভ'ল্টেজ মেচৰ বিপৰীতে হাজাৰৰ পৰা লাখ টকালৈ দৰ লগাই নিশাটো ভিতৰতে মুনাফা লুটাৰ অভিযোগ তিনিচুকীয়াৰ বেৰিয়াৰ এই দুজন লোকৰ বিৰুদ্ধে ৷

মুম্বাইৰ লগতে ৰাজ্যৰ বাহিৰৰ অন্য স্থানৰ পৰা অনলাইনত জুৱা খেল পৰিচালনা কৰে এই দুজন লোকে ৷ দুয়োজন লোক সমন্ধত ককাই-ভাই বুলি জানিব পৰা গৈছে ৷ এই দুই ভাতৃত আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও অভিযান অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক : মডেল ভাড়াঘৰ আইনৰ জৰিয়তে ৰাম-টাঙোন বিজেপি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.