ETV Bharat / state

Panitola Cup 2023 football tournament:পঞ্চম বাৰ্ষিক পানীতোলা কাপ-২৩ ফুটবল প্ৰতিযোগিতা আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:22 AM IST

The fifth annual Panitola Cup-23 football tournament starts
ফুটবল প্ৰতিযোগিতা আৰম্ভ

পানীতোলা স্পৰ্টচ ক্লাৱ খেলপথাৰত দেওবাৰ ২৯ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ পঞ্চম বাৰ্ষিক "পানীতোলা কাপ ২০২৩" ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷

ফুটবল প্ৰতিযোগিতা আৰম্ভ

তিনিচুকীয়া, 30 অক্টোবৰ : সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, পানীতোলা-বৰুৱাহোলা আঞ্চলিক সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু পানীতোলা আঞ্চলিক ক্ৰীড়া সন্থা আৰু পানীতোলাবাসী ৰাইজৰ সহযোগত পানীতোলা স্পৰ্টচ ক্লাৱ খেলপথাৰত দেওবাৰ ২৯ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ পঞ্চম বাৰ্ষিক "পানীতোলা কাপ ২০২৩" ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ প্ৰতিযোগিতাখনি মুঠ ৮ টা দলকলৈ অনুষ্ঠিত কৰা হৈছে । কাৰ্যসূচী অনুসৰি পুৱা পতকা উত্তোলন কৰে পানীতোলা-বৰুৱাহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ভূৱন বৰুৱাই আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি তুষাৰ প্ৰতীম শইকীয়াই । স্মৃতি তৰ্পণ কৰে পানীতোলা-বৰুৱাহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক কুলদীপ কাকতি আৰু অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক হিৰকজ্যোতি বড়া আৰু প্ৰাঞ্জল বৰাই ।

ইয়াৰ পাচতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই । পৰৱৰ্তী সময়ত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধক্ষ্য দেৱৰ্ষি চেতিয়াই । বিশেষ অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি, ডিব্ৰুগড় জিলাৰ সম্পাদক বিতোপন দুৱৰা, তিনিচুকীয়াৰ বিশিষ্ট ক্ৰীড়া সংগঠক নীলকান্ত ফুকন, সমাজকৰ্মী অনিমেষ চেতিয়া, তিলেশ্বৰ তেলী ।

আৰম্ভণিৰ খেলখনত ডিব্ৰু ইউনাইটেড ফুটবল দলে চিউপুৰ ফুটবল ক্লাৱক টাইব্ৰেকাৰত ৩-১ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে । খেল পৰিচালনাত সহায় কৰে ৰকি চাউৰক, ভূৱন চাউৰক, প্ৰাণজ্যোতি চুতীয়া আৰু ৰিয়াজ চুতীয়াই । সোমবাৰে খেলত অংশগ্ৰহণ কৰিব মাকুম কচিং চেণ্টাৰ বনাম দিনজান স্পৰ্টচ একাডেমিয়ে । প্ৰতিযোগিতাখনিৰ সফল সমাপ্তিৰ কামনাৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তুষাৰ প্ৰতীম শইকীয়াই সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

লগতে পঢ়ক : Motok Youth Students Association: অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীলৈ বেংমৰা সমন্বয় বঁটা মটক যুৱ ছাত্ৰ সন্মিলনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.