ETV Bharat / state

Motok Youth Students Association: অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীলৈ বেংমৰা সমন্বয় বঁটা মটক যুৱ ছাত্ৰ সন্মিলনৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 9:27 PM IST

কাকপথাৰ ডিৰাকত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু 'বেংমৰা সমন্বয় বঁটা’ ২০২৩ প্ৰদান অনুষ্ঠান ৷ এইবছৰ 'বেংমৰা সমন্বয় বঁটা’ বঁটা প্ৰদান কৰা হ’ব অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনক ৷

83rd Foundation Day of the All Assam Motok Youth Students Association
মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

তিনিচুকীয়া, ২৭ অক্টোবৰ : ৰাজ্যৰ এক অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মটকসকলৰ অন্যতম এটা ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আজি ৮৩ টা বৰ্ষত ভৰি দিলে ৷ ইয়াৰ লগত সংগতি ৰাখি ঐতিহাসিক বেংমৰা তথা বৰ্তমান তিনিচুকীয়া জিলাৰ ডিৰাকত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সংগঠনটোৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

তিনিচুকীয়া জিলা মটক যু্ৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত তথা ডিৰাক, কাকপথাৰ, ডুমডুমা, কৈলাসপুৰ আঞ্চলিক, বুঢ়িদিহীং আঞ্চলিক সমিতিৰ সহযোগত আৰু বৃহত্তৰ ডিৰাক-কাকপথাৰবাসী ৰাইজৰ আতিথ্যত ১ নং সৰু ডিৰাক ৰাজহুৱা খেলপথাৰৰ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা এই প্ৰতিষ্ঠা দিৱসতে সংগঠনটোৱে ‘বেংমৰা সমন্বয় বঁটা’ ২০২৩ প্ৰদান কৰিব । বঁটাটি প্ৰদান কৰিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনক ৷

আজিৰে পৰা কাকপথাৰ ডিৰাকত আৰম্ভ হোৱা সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতে পুৱা সংঠনৰটোৰ ৮৩ খন পতাকা উত্তোলন কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ নবীন-প্ৰবীণ বিষয়ববীয়াসকলৰ লগতে বহুকেইটা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আৰু আমন্ত্ৰিত গণ্যমান্য ব্যক্তিসকলে । পতাকা উত্তোলনৰ পাচতে স্মৃতি তৰ্পণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ স্মৃতি তৰ্পণৰ পাচত গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰা হয় ৷ ইয়াৰ পাচতেই বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কাইলৈ অৰ্থাৎ ২৮ অক্টোবৰৰ কাৰ্যসূচীৰ বাবে বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়কক আমন্ত্ৰণ জনাইছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : Protest in Tinsukia: জনজাতিকৰণ নহ’লে ই ভি এমত দিয়া হ’ব প্ৰত্যুত্তৰ: মটক ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.