ETV Bharat / state

আত্মনির্ভৰশীলতাৰ পথ দেখুৱালে তিনিচুকীয়াৰ সোনকণ গোঁহাইয়ে

author img

By

Published : Sep 21, 2020, 1:46 PM IST

আত্মনির্ভৰশীলতাৰ পথ দেখুৱালে তিনিচুকীয়াৰ সোনকণ গোঁহাইয়ে
আত্মনির্ভৰশীলতাৰ পথ দেখুৱালে তিনিচুকীয়াৰ সোনকণ গোঁহাইয়ে

বহিঃ ৰাজ্যত কাম বিচৰাতকৈ নিজ ৰাজ্যতে বিভিন্ন কৰ্মৰ যোগেদি আত্মনির্ভৰশীল হ'ব পৰা যায় । অসমৰ যুৱ-প্ৰজন্মক আত্মনির্ভৰশীলতাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ লগতে স্বাৱলম্বিতাৰ প্ৰকৃত ৰূপ দেখুৱালে সোনকণ গোঁহাইয়ে ।

তিনিচুকীয়া, 21 চেপ্টেম্বৰ : এসময়ত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ ঘাটি আছিল ঠাই ডোখৰ বিদ্ৰোহী সংগঠনৰ সঘন আহ যাহে প্ৰতিদিনেই অঞ্চলটোক অশান্ত কৰি ৰাখিছিল ৷

কিন্তু এতিয়া সেই দিন নাই ৷ তিনিচুকীয়াৰ কঠালগুৰিৰ কথাকেই কৈছো ৷ যাক এসময়ৰ অশান্ত অঞ্চল তথা বিদ্ৰোহী সংগঠনৰ সদস্যসকলৰ আহ যাহে আতংকিত কৰি ৰখাৰ বিপৰীতে কঠালগুৰিত এতিয়া আৰম্ভ হৈছে জীৱন সংগ্ৰামৰ যাত্ৰা ৷

আত্মনির্ভৰশীলতাৰ পথ দেখুৱালে তিনিচুকীয়াৰ সোনকণ গোঁহাইয়ে

তিনিচুকীয়াৰ সোনকণ গোঁহাইয়ে এই ঠাইতে আৰম্ভ কৰিছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন ৷ এই ব্যক্তিজনে কাঠৰ আচবাব প্ৰস্তুত কৰি নিজৰ স্বাৱলিতাৰ পথ বাচি উলিয়াইছে । তেওঁ প্ৰস্তুত কৰা সামগ্ৰী বিচনা, টেবুল, চকী, বেঞ্চ, ডেক্স, আলনা আদি জিলাখনৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰে । এই সঁজুলিসমূহ বিক্ৰী কৰিয়েই তেওঁৰ চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আহিছে । তেওঁ প্ৰায় ১১ টাকৈ বছৰ কাঠেৰে নিৰ্মাণ কৰি আহিছে বিভিন্ন ধৰণৰ সঁজুলি আচবাব আদি ৷

নৱপ্ৰজন্মলৈ তেখেতৰ এটাই অনুৰোধ নিৱনুৱা হিচাপে বহিঃ ৰাজ্যত কাম বিচৰাতকৈ নিজ ৰাজ্যতে বিভিন্ন কৰ্মৰ যোগেদি আত্মনির্ভৰশীল হ'ব পৰা যায় । তেওঁ অসমৰ যুৱ-প্ৰজন্মক আত্মনির্ভৰশীলতাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ লগতে কঢ়িয়াই আনিছে সুখবৰ ৷ ঘৰতে থাকক, স্বাৱলম্বী হওঁক ৷

লগতে পঢ়ক : আজিৰে পৰা পুনৰ মুকলি তাজমহল আৰু আগ্ৰা ফৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.