ETV Bharat / bharat

আজিৰে পৰা পুনৰ মুকলি তাজমহল আৰু আগ্ৰা ফৰ্ট

author img

By

Published : Sep 21, 2020, 8:24 AM IST

আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল আৰু আগ্ৰা ফৰ্ট ৷ বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল তাজমহল আৰু আগ্ৰা ফৰ্ট ৷

Taj Mahal and Agra Fort reopened from today
আজিৰে পৰা পুনৰ মুকলি তাজমহল আৰু আগ্ৰা ফৰ্ট

নিউজ ডেস্ক,21ছেপ্টেম্বৰ: আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ল বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহল আৰু আগ্ৰা ফৰ্ট ৷ বিশ্ব তথা দেশত কৰ'ণা ভাইৰাছে সৃষ্টি কৰা সন্ত্ৰাসৰ বাবে বিগত মাৰ্চ মাহৰ পৰাই পৰ্যটকৰ বাবে বন্ধ হৈ আছিল তাজমহল আৰু আগ্ৰা ফৰ্ট ৷ 17মাৰ্চৰ পৰা বন্ধ হৈ থকা এই পৰ্যটনস্থলী দুখন আজি ক'ভিড প্ৰট'কলৰ মাজেৰে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

অন্য এক খবৰৰ বাবে: ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 1,56,680 লৈ বৃদ্ধি

ইফালে, পৰ্যটকসকলৰ বাবে গ্ৰহণ কৰা হয় কেতবোৰ নিয়ম ৷ প্ৰতিদিনে ৫ হাজাৰ লোকে তাজমহল আৰু আঢ়ৈ হাজাৰ লোকে আগ্ৰা ফৰ্ট পৰিদৰ্শন কৰিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ তাজমহলত পুৱাৰ ভাগত ২৫০০ আৰু আবেলিৰ ভাগত ২৫০০ লোক প্ৰৱেশ কৰিব পাৰিব ৷ ইয়াৰ লগতে তাজমহল আৰু আগ্ৰা ফৰ্টৰ ভিতৰত প্ৰৱেশ কৰা সকলো পৰ্যটকে ক’ভিড প্ৰতিৰোধৰ বাবে প্ৰদান কৰা সকলো নীতি-নিৰ্দেশাৱলী মানি চলিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰিছে ন্যায়লয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.