ETV Bharat / state

Protest at Margherita : মাৰ্ঘেৰিটাত কাৰ প্ৰতিবাদৰ সন্মুখীন হ’ল শিলাদিত্য দেৱ !

author img

By

Published : Aug 19, 2023, 10:34 PM IST

শনিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বিজেপি নেতা শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিৰ লগতে সংগঠনটটোৰ কেইবাখনো আঞ্চলিক সমিতিয়ে প্ৰতিবাদৰ জৰিয়তে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

Protest at Margherita Against BJP Leader
শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

বিজেপি নেতা শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিচুকীয়া, 19 আগষ্ট : শনিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত উপস্থিত হয় বিজেপি নেতা শিলাদিত্য দেৱ ৷ বিজেপিৰ নেতাগৰাকী উপস্থিত হোৱাৰ পাছতেই আৰম্ভ হয় এক প্ৰতিবাদ ৷ এটা ৰাজনৈতিক দলত থাকি কেনেদৰে এটা অৰাজনৈতিক সংগঠন গঠন কৰিব আৰু মাৰ্ঘেৰিটাৰ একাংশ শাসকীয় দলৰ সদস্যক লৈ নিৰ্বাচনৰ পূৰ্বে সংগঠনৰ নতুন সমিতি গঠন কৰিবলৈ লোৱা কাৰ্যক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিৰ লগতে সংগঠনটোৰ কেইবাখনো আঞ্চলিক সমিতিয়ে প্ৰতিবাদৰ জৰিয়তে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

শিলাদিত্য দেৱ মুৰ্দাবাদ, শিলাদিত্য দেৱ গ' বেক ধ্বনিৰে মাৰ্ঘেৰিটাৰ সভাস্থলী কঁ‌পাই তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদত উপস্থিত থাকে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অজিত দেৱনাথ, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক শুভ্ৰজিত নন্দী, উপদেষ্টা ৰবীন্দ্ৰ নাথ দত্ত, প্ৰশাসনিক সম্পাদক দেৱাংশু ৰয়, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সুদীপ দে, সম্পাদক নানকি দে, লিডু আঞ্চলিক সমিতিৰ সম্পাদক চিৰঞ্জীৱ আচাৰ্য , ডুমডুমা আঞ্চলিক সমিতিৰ লগতে ছৈখোৱা আঞ্চলিক সমিতিৰ সভাপতি নিখিল দেৱনাথ, তালাপ আঞ্চলিক সমিতিৰ সম্পাদক শংকৰ নন্দীকে ধৰি ভালে সংখ্যক সদস্য ৷

উল্লেখযোগ্য যে, এটা অৰাজনৈতিক সংগঠন গঠনৰ বাবে অনুষ্ঠিত হোৱা এক সভাত অংশগ্ৰহণৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত হৈছিল বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ৷ নেতাগৰাকীৰ এই কাৰ্যৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷

প্ৰতিবাদকাৰীসকলে কয় যে, কেইজনমান ৰাজনৈতিক দলৰ ব্যক্তিক লৈ শিলাদিত্য দেৱে মাৰ্ঘেৰিটাত অসম বেংগলী পৰিষদ নামেৰে এক অৰাজনৈতিক সংগঠন গঠন কৰিছে ৷ বেংগলী পৰিষদ গঠন কৰিবলৈ ব্যক্তিকেইজন অৰাজনৈতিক হ’ব লাগে ৷ কিন্তু মাৰ্ঘেৰিটাত এই সংগঠন গঠনৰ বাবে যি কেইজন ব্যক্তিয়ে উদ্যোগ লৈছে সেই কেইজন বিজেপিৰ সৈতে জড়িত ৷ আৰু এইকেইজন ব্যক্তিক লৈ শিলাদিত্য দেৱে নতুন কমিটি গঠন কৰিছে ৷ সমাগত 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে শিলাদিত্য দেৱে এই কাৰ্য কৰিছে বুলি কোৱাৰ লগতে এই কামৰ জৰিয়তে অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টি কৰি ভোট বিভাজন কৰিবলৈ শিলাদিত্য দেৱ উঠিপৰি লাগিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ শিলাদিত্য দেৱৰ এই কাৰ্যৰ বিৰুদ্ধে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ লগতে সংগঠনটোৰ কেইবাখনো আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি কয় সংগঠনটোৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক : Pijush Hazarika: ভাল-বেয়া সকলো কামৰে দায়িত্ব সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ; মন্ত্ৰী পীযুষৰ ন-পুৰণি বিজেপিক লৈ ৰাজনৈতিক শৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.