ETV Bharat / state

Kidnapping at Namsai: নামচাইত তেল ডিপোৰ গাণনিকক অপহৰণ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

author img

By

Published : Apr 27, 2023, 10:41 AM IST

Updated : Apr 27, 2023, 11:29 AM IST

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামত চাঞ্চল্যকৰ অপহৰণকাণ্ড ৷ ৩ জনীয়া অচিনাক্ত অস্ত্ৰধাৰী এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে তেল ডিপোৰ এজন কৰ্মচাৰীক (Petrol Pump Cashier Kidnapped at Namsai) ৷

Petrol Pump Cashier Kidnapped at Namsai
নামচাইত চাঞ্চল্যকৰ অপহৰণকাণ্ড

নামচাইত তেল ডিপোৰ গাণনিকক অপহৰণ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

তিনিচুকীয়া, 27 এপ্ৰিল: অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামত চাঞ্চল্যকৰ অপহৰণকাণ্ড ৷ বুধবাৰে দিনৰ ভাগত তিনিচুকীয়া জিলাৰ মাকুমত সেনাবাহিনীয়ে IED উদ্ধাৰ কৰাৰ পাচত নিশা পুনৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামত সংঘটিত হয় এক অপহৰণকাণ্ড ৷ নামচাই জিলাৰ চৌখামস্থিত জেড পি এমৰ জেনিয়া নামচূমৰ মালিকানাধীন পেট্ৰল পাম্পত নিশা সংঘটিত হয় এই অপহৰণকাণ্ডটো (Petrol Pump Cashier Kidnapped at Namsai) ৷

নিশা প্ৰায় ৭.৫০ বজাত তেল ডিপোৰ এজন কৰ্মচাৰী (গাণনিক) দীনেশ শৰ্মাক ৩ জনীয়া অচিনাক্ত অস্ত্ৰধাৰী এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ৷ অপহৃত গাণনিক দীনেশ শৰ্মাৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে (Kidnapping at Namsai) ৷

ইফালে দীনেশ শৰ্মাক অপহৰণ কৰি খোজকাঢ়ি লৈ যোৱাৰ সময়ত জেড পি এমৰ বাহনৰ চালক মিঠাই মাৰাণ্ডীয়ে (২৮) অপহৰণকাৰীৰ ওপৰত ফ্লেছ লাইটৰ পোহৰ পেলাবলৈ চেষ্টা কৰাত তিনিবাৰকৈ গুলীচালনা কৰে অপহৰণকাৰীৰ দলটোৱে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মিঠাই মাৰাণ্ডী নামৰ ব্যক্তিজন ৷ পৰৱৰ্তী সময়ত আহত মাৰাণ্ডীক সংকটজনক অৱস্থাত নিশাই নামচাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (Unknown Miscreants Kidnapped Petrol Pump Cashier) ৷

অপহৰণকাণ্ড সংঘটিত হোৱাৰ পাচতে সমগ্ৰ নামচাই জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ সমান্তৰালভাৱে আৰক্ষী আৰু চি আৰ পি এফে তালাচী স্থাপন কৰিছে যাতে অপহৰণকাৰী দলটোৱে পলায়ন কৰিব নোৱাৰে ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও অপহৰণ কাণ্ডৰ সৈতে কোন পক্ষ জৰিত এইপৰ্যন্ত লাভ কৰা নাই কোনো তথ্য (Kidnapping at Arunachal) ৷

আনহাতে, অপহৰণ কাণ্ড সংঘটিত হোৱাৰ সময়ৰ কিছু দৃশ্য বন্দী হৈছে ডিপোৰ চিচিভিটি কেমেৰাত ৷ চিচিটিভিত বন্দী হোৱা দৃশ্য অনুসৰি সম্পূৰ্ণ সুসজ্জিত হৈ আহিছিল দলটো ৷ অপহৰণকাৰীৰ দলটোৱে হাতত AK47 ৰ দৰে মাৰণাস্ত্ৰ লৈ অহাৰ লগতে বুলেটপ্ৰুফ পৰিধান কৰি আহিছিল ৷ এইপৰ্যন্ত তেল ডিপোৰ স্বত্বাধিকাৰীলৈ অপহৰণকাৰীৰ মুক্তিপণ অথবা ধনদাবীৰ দৰে ফোন অহা নাই বুলি জানিব পৰা গৈছে যদিও হয়টো পূৰ্বে কোনো সংগঠনে ডিপোৰ স্বত্বাধিকাৰীৰ পৰা ধন দাবী কৰিবও পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: Child Marriage at Gohpur: নাবালিকাক পলুৱাই নি গহপুৰত ৰঙা ঘৰৰ আলহী হ'ল পিতা-পুত্ৰ

Last Updated : Apr 27, 2023, 11:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.