ETV Bharat / state

AASUৰ বিৰুদ্ধে কিয় সৰৱ বাঘজানবাসী ?

author img

By

Published : Nov 20, 2021, 5:45 PM IST

AASU
AASUৰ বিৰুদ্ধে কিয় সৰৱ বাঘজানবাসী

এইবাৰ আছুৰ বিৰুদ্ধে জাঙুৰ সৰৱ হৈ পৰিল বাঘজানৰ লোকসকল । আছু বিৰুদ্ধে সংবাদমেল সম্বোধন কৰিলে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই । কিন্তু বাঘজানবাসীৰ দৃষ্টিত কি অপৰাধ কৰিলে আছুৱে ?

তিনিচুকীয়া,২০ নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Student Union) বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিল তিনিচুকীয়াৰ বাঘজানবাসী । আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ (Sankar Jyoti Barua) বিৰুদ্ধে সৰৱ হৈ পৰিল বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ । বাঘজান গাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সংঘৰ উদ্যোগত সংবাদমেলৰ আয়োজন কৰা হয় । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই সংবাদমেল সম্বোধন কৰি যোৱা ১৭ নৱেম্বৰত অসমৰ এখন বাতৰি কাকতত প্ৰকাশিত আছুৰ (AASU) সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা হিমন্ত মৰাণে আছু সম্পাদকগৰাকীৰ মন্তব্যক ধিক্কাৰ জনোৱাৰ লগতে ভৱিষ্যতে বাঘজান কাণ্ডৰ (Baghjan Incident) ওপৰত অধ্যয়ন নকৰাকৈ কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা মনোজ হাজৰিকাই উক্ত বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই যেনেধৰণৰ মন্তব্য দাঙি ধৰিছে তেওঁ যেন এগৰাকী অইলৰ মুখপাত্ৰহে । তেওঁ আচলতে অসম বিৰোধী বুলি কাক সজাব বিচাৰিছে অতি সোনকালে স্পষ্ট কৰিব লাগে বুলি সংঘৰ উপদেষ্টাগৰাকীয়ে দাবী কৰে ।

AASUৰ বিৰুদ্ধে কিয় সৰৱ বাঘজানবাসী

লগতে অইল ইণ্ডিয়া লিমিটেডে বন, পানী, জলবায়ুৰ ক্ষেত্ৰত থকা বহু আইন ভংগ কৰি কাম কৰি আহিছে । তেনে ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কিয় নীৰৱ ভূমিকা পালন কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে মনোজ হাজৰিকাই । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু বাঘজানবাসী ৰাইজে অইল বিৰোধী নহয় বুলিও তেওঁলোকে সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দিয়ে ।

বিগত সময়চোৱাত বাঘজানবাসীৰ পক্ষত আছুৱে থিয় দি মন্তব্য আগবঢ়াইছিল; কিন্তু বৰ্তমান আছুৱে বাঘজানবাসীৰ পক্ষত থিয় দিয়াৰ বিপৰীতে স্বাৰ্থ পূৰণৰ বাবেই অইলৰ পক্ষত থিয় দিয়া নাই নে বুলিও আছুলৈ সন্দেহৰ আঙুলি তোলে । আনহাতে গুইজানস্থিত স্কাই লেণ্ডৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে মনোজ হাজৰিকাই । তেওঁ কয় যে গুইজানস্থিত এৰাসুঁতিত ইতিমধ্যে যিটো স্কাই লেণ্ড (Sky land) স্থাপন কৰিছে ই সম্পূৰ্ণ অবৈধ । গতিকে ইয়াৰ ওপৰত তদন্ত কৰি অতি সোনকালে ইয়াক বন্ধ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায় সংঘই ।

সংঘৰ উপদেষ্টা যতীন চেতিয়াই আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালে উচিত ক্ষতিপূৰণ পোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাটো অপৰাধ নেকি বুলিও আছুক প্ৰশ্ন কৰে ।

লগতে পঢ়ক :Pure Drinking Water Scheme: মহানগৰীৰ ৭০ শতাংশ মানুহেই বঞ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.