ETV Bharat / state

NFSA rice scam : চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব, পলাতক অৱস্থাত অভিযুক্ত সচিবজন

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:03 PM IST

NFSA rice scam in tinsukia
চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউলত ব্যাপক দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ । তিনিচুকীয়াৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজাববীয়াকৈ তদন্ত কৰি বাতিল কৰিছে সমবায় প্ৰতিষ্ঠানখনৰ অনুজ্ঞাপত্ৰ ।

চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব

তিনিচুকীয়া, 12 ছেপ্টেম্বৰ: তিনিচুকীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউলত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । ধলাৰ ছৈখোৱাঘাট সমবায় সমিতি লিমিটেডৰ সচিব ভূৱন সোণোৱালে চাউল কেলেংকাৰীত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত তিনিচুকীয়াৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজাববীয়াকৈ তদন্ত কৰি বাতিল কৰিছে সমবায় প্ৰতিষ্ঠানখনৰ অনুজ্ঞাপত্ৰ ।

ছৈখোৱাঘাট সমবায় সমিতি লিমিটেডৰ সচিব ভূৱন সোণোৱালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জুলাই মাহৰ 1063 কুইন্টল 55 কেজি চাউলৰ কেলেংকাৰী সংঘটিত কৰিছিল ৷ ভূৱন সোণোৱালে জুলাই মাহৰ সুলভ মূল্যৰ চাউল এক কেজিও দিয়া নাছিল সমবায়খনৰ এজেণ্টক ৷ চৰকাৰী চাউলৰ কেলেংকাৰী অনিয়মকলৈ ধলা আৰক্ষী থানাত ভূৱন সোণোৱালৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷ বৰ্তমান পলাতক অৱস্থাত আছে দুৰ্নীতিগ্ৰস্ত সচিব ভূবন সোণোৱাল ৷

NFSA rice scam in tinsukia
সমবায় সমিতিৰ সচিব অভিযুক্ত ভূবন সোণোৱাল

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদন্তকাৰী বিষয়াক 16-17, 17-18, 18-19, 19-20 বৰ্ষৰ হিচাপ দিব পৰা নাই সমবায়খনৰ দুৰ্নীতিগ্ৰস্ত সচিব ভূবন সোণোৱালে ৷ উল্লেখ্য যে, 2015 চনৰো ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ 1653 কুইন্টল 15 কেজি চাউলৰ অনিয়মকলৈও এটা গোচৰ আদালতত চলি আছে ভূৱন সোণোৱালৰ বিৰুদ্ধে ৷ ইপিনে, শদিয়া আৰক্ষীয়ে ধলা থানা গোচৰ ৰুজু কৰি ভূৱন সোণোৱালক বিচাৰি আছে যদিও পলাতক ভূৱন সোণোৱালক আটক কৰিব পৰা নাই শদিয়া আৰক্ষীয়ে ৷

NFSA rice scam in tinsukia
চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক পুহেশ্বৰ সোণোৱালে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষী তথা জিলা প্ৰশাসনক দাবী জনাইছে ৷ লগতে পলাতক দুৰ্নীতিগ্ৰস্ত সমবায়খনৰ সচিব ভূৱন সোণোৱালক জেৰা চলায় এই চাউল কেলেংকাৰীত আৰু কোন কোন বৰ বৰ বিষয়া জড়িত আছে তেওঁলোককো তদন্তৰ আওতালৈ আনিবলৈ দাবী তুলিছে ৷

লগতে পঢ়ক: Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.