ETV Bharat / state

তিনিচুকীয়াত বলীন চেতিয়াক ক’লা পতাকা প্ৰদৰ্শন

author img

By

Published : Jan 10, 2020, 12:13 AM IST

স্বয়ং বাসগৃহৰ সন্মুখতে বৃহস্পতিবাৰে ক’লা পতাকাৰ সন্মুখীন হয় শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া ৷ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি শদিয়াৰ চপাখোৱাত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদকাৰীৰ সন্মুখীন হয় বিধায়কগৰাকী ৷

তিনিচুকীয়া
ক’লা পতাকা

শদিয়া,9 নৱেম্বৰঃ বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিপক্ষে এতিয়াও জ্বলি আছে ৰাইজৰ ক্ষোভৰ দাবানল ৷ স্বয়ং বাসগৃহৰ সন্মুখতে বৃহস্পতিবাৰে ক’লা পতাকাৰ সন্মুখীন হয় শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া ৷ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি শদিয়াৰ চপাখোৱাত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদকাৰীৰ সন্মুখীন হয় বিধায়কগৰাকী ৷ স্থানীয় আছু, যুৱ ছাত্ৰ পৰিষদ, টাইপাকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সদস্যই বিজেপি বিধায়ক চেতিয়াক নিজা বাসগৃহৰ সন্মুখতে প্ৰদৰ্শন কৰে ক’লা পতাকা ৷

ক’লা পতাকা

বিষম পৰিস্থিতিৰ উমান পাই বিধায়কজনে খৰখেদাকৈ পলাই নিৰাপদ দুৰত্বত অৱস্থান কৰে ৷ আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰে যদিও বিফল হয় ৷

লগতে চাওকঃমোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল..!

Intro:-বিজেপি বিধায়ক বলিন চেতিয়াক নিজা গৃহৰ সন্মুখতে কলা পতাকা প্ৰদৰ্শন



শদিয়া :-নিজা সমষ্টিত আৰু নিজা বাসগৃহৰ সন্মুখতে আজি পুনৰ কা বিৰোধী প্ৰতিবাদকাৰীৰ কলা পতাকাৰ সন্মুখিন হয় শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই৷বিজেপি দলৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি আজি শদিয়া মহকুমাৰ সদৰ চপাখোৱাত থকা বিধায়ক জনৰ নিজা গৃহত তেখেতে উপস্থিত হওঁতেই বাসগৃহটোৰ চৌহদৰ বাহিৰৰ পৰিৱেশ উত্তাল কৰে কা বিৰোধী প্ৰতিবাদকাৰীয়ে৷শদিয়াৰ আছু,যুৱ ছাত্ৰ পৰিষদ,টাইপাকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সদস্যই বিজেপি দলৰ বিধায়ক বলিন চেতিয়াক নিজা বাসগৃহৰ সন্মুখতে কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷বলিন চেতিয়া গ’ বেক,বিজেপি লেইলেই চেইচেই,কা আমি নামানো আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে৷পৰিস্থিতি উত্তাল হোৱা দেখি
পিছ মূহূৰ্ততে বিধায়কজনে খৰ খেদাকৈ নিজা বাসগৃহৰ পৰা নিৰাপদ স্হানলৈ উলাই যায়৷আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰী সকলক বাধা দিয়াৰ চেষ্টা কৰে যদিও বিফল হয়৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.