ETV Bharat / state

তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষানৰ কেইবাটাও অঞ্চল ভ্ৰমণ

author img

By

Published : Jun 4, 2021, 7:37 PM IST

minister-sanjay-kisan-visit-tinisukia-constituency
তিনিচুকীয়াত দিনযোৰা কাৰ্যসূচীৰে মন্ত্ৰী সঞ্জয় কিষানৰ কেইবাটাও অঞ্চল ভ্ৰমণ

তিনিচুকীয়া সমষ্টিৰ কেইবাটাও অঞ্চল ভ্ৰমণ অসম চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষানৰ ৷ কেইবাখনো চাহ বাগিছাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শ্ৰমিকসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ৷

তিনিচুকীয়া, 4 জুন: ক'ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ২ জুনত অসম চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষানে দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়া সমষ্টিৰ কেইবাটাও অঞ্চলত ভ্ৰমণ কৰে । প্ৰথমে তিনিচুকীয়াৰ বজালনি ৭ নং চাহ বাগিচাত উপস্থিত হৈ মন্ত্ৰী সঞ্জয় কিষানে চাহ বাগিচাৰ পৰিচালকৰ সৈতে বাগিচাৰ পৰিস্থিতিৰ বুজ লয় আৰু চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত মাস্ক বিতৰণ কৰে ।

তিনিচুকীয়াত দিনযোৰা কাৰ্যসূচীৰে মন্ত্ৰী সঞ্জয় কিষানৰ কেইবাটাও অঞ্চল ভ্ৰমণ

মন্ত্ৰীজনে চাহ বাগিচাৰ শ্ৰমিক সকলক মাস্ক ব্যৱহাৰ কৰি সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে যদি স্বাস্থ্য বেয়া লাগে তেন্তে লগে লগে স্বাস্থ্যকেন্দ্ৰত উপস্থিত হ'বলৈ আহ্বান জনায় । ইয়াৰ পাচত লাংকাছি চাহ বাগিচাৰ কন্টেনমেন্ট জ’নত উপস্থিত হৈ কন্টেইনমেন্ট জ'নৰ আইচলেশ্যনত থকা ক'ভিড আক্ৰান্ত লোকসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মন্ত্ৰীজনে চাহ বাগিচাৰ শ্ৰমিক সকলক মাস্ক বিতৰণ কৰে ।

ইয়াৰ পাচত লিডুত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰি কিষানে অঞ্চলৰ ৰাইজৰ সতে মত বিনিময় কৰে । উল্লেখ্য যে, ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিডৰ সময়ত ৰাইজক সজাগ কৰি তুলিবলৈ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকী এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।

লগতে পঢ়ক : মানাহৰ বুকুত বিলীন হোৱাৰ দিশে অভয়াপুৰীৰ গোলাপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.