ETV Bharat / state

আলি-আয়ে-লৃগাং উদযাপনৰ পৰা বঞ্চিত লাইকা-দধিয়াবাসী

author img

By

Published : Feb 17, 2021, 9:19 PM IST

laika-dodiya-protest-in-tinsukiya
আলি-আয়ে-লৃগাং উদযাপনৰ পৰা বঞ্চিত লাইকা-দধিয়াবাসী

আলি-আয়ে-লৃগাং উদযাপনৰ বঞ্চিত লাইকা-দধিয়াবাসী ৷ পুনৰ সংস্থাপন দাবীত মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱৰ দিনাও প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে দধিয়াবাসী ৷

তিনিচুকীয়া, 17 ফেব্ৰুৱাৰী : আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । ফাগুনৰ প্ৰথমটো বুধবাৰৰ পৰাই অসমৰ অন্যতম জনগোষ্ঠী মিচিং লোকসকলে পালন কৰে আলি-আয়ে-লৃগাং । মাংগলিক ৰীতি-নীতিৰে উলাহ-মালহৰে পালন কৰিলে আলি-আয়ে-লৃগাং ৷ কিন্তু তিনিচুকীয়াৰ লাইকা-দধিয়াৰ মিচিং জনজাতীয় লোকসকলৰ মাজত নাই আলি-আয়ে-লৃগাংৰ কোনো উছাহ ।

কিয়নো বিগত প্ৰায় দুটামাহে লাইকা-দধিয়াৰ মিচিং জনজাতীয় ৰাইজে পুনৰ সংস্থাপনৰ দাবীত সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । কিন্তু আজি পৰ্যন্ত পুনৰ সংস্থাপন প্ৰদান নকৰিলে চৰকাৰে । যাৰবাবে জাতীয় উৎসৱৰ দিনটোত বঞ্চিত হ'ব লগা হ'ল লাইকা-দধিয়াবাসী ৷

আলি-আয়ে-লৃগাং উদযাপনৰ পৰা বঞ্চিত লাইকা-দধিয়াবাসী

লগতে পঢ়ক : যুদ্ধংদেহি গতিৰে আগবাঢ়িছে টীকাকৰণ

উল্লেখযোগ্য যে, লাইকা-দাধিয়াৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছিল । সেই অনুসৰি 28 জানুৱাৰীত ৰাজহ মন্ত্ৰী যোগেন মোহন, ধেমাজিৰ বিধায়ক ৰণোজ পেগু আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই TMPK আৰু লাইকা-দাধিয়াবাসীৰ লগত আলোচনাত মিলিত হৈ লাইকাবাসীৰ বাবে তিনিচুকীয়া জাগুনৰ নামফাই আৰু দাধিয়াবাসীৰ বাবে লখিমপুৰৰ আধাখনাত পুনৰ সংস্থাপন দিয়াৰ কথা কৈছিল ।

সেই হিচাপে লাইকাৰ 62 টা পৰিয়ালক জাগুণৰ নামফাইত সংস্থাপনৰ বাবে প্ৰেৰণ কৰিছে ৷ আনহাতে দধিয়াবাসীৰ বাবে এতিয়া কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে । যাৰবাবে ভয় আৰু শংকাত দিন কটাইছে দধিয়াবাসীয়ে ৷

লগতে পঢ়ক : সময়সীমা সমাপ্ত: কি হ'ব অপহৃতৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.