ETV Bharat / state

Protest at Tinsukia: মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত তিনিচুকীয়াত শ‌ শ মহিলাৰ বিক্ষোভ

author img

By

Published : Mar 28, 2023, 7:27 AM IST

KMSS protest for microfinance loan waiver
তিনিচুকীয়াত মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত শ‌ শ মহিলাৰ বিক্ষোভ

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত তিনিচুকীয়াত সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্ল’গানেৰে শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে (Women demand microfinance loan waiver) ৷

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত শ‌ শ মহিলাৰ বিক্ষোভ

তিনিচুকীয়া, 28 মাৰ্চ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসনাধীন বিজেপি চৰকাৰখনে নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ অসমৰ মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেইয়া নিৰ্বাচন পাৰ হোৱাৰ লগে লগে ফুটুকাৰ ফেন হৈ পৰিল ৷ একাংশ মহিলাই ঋণ মাফৰ সুফল পোৱাৰ বিপৰীতে অধিকাংশ মহিলাই ঋণ মাফৰ নামত পালে কেৱল প্ৰতাৰণা । ফলত দিন দিনে বাঢ়ি অহা মূল্যবৃদ্ধিৰ দিনত দৰিদ্ৰ এই মহিলা সকলৰ বাবে মাইক্ৰ'ফাইনেন্স হৈ পৰিছে এক অভিশাপ স্বৰূপ ।

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীৰে তিনিচুকীয়াত সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্ল’গানেৰে শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে (KMSS protest for microfinance loan waiver) ৷

কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ যে, ৰাজ্য চৰকাৰে মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগে লগে সভা অনুষ্ঠিত কৰি হিতাধীকাৰীক চেক বিতৰণ কৰে যদিও এই কাৰ্যত ভালেখিনি অসোঁৱাহ থাকি গ'ল । যাৰ বাবে গৰিষ্ঠ সংখ্যক যোগ্য হিতাধিকাৰী বঞ্চিত হ'ল । সেয়ে প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰি মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ সজোৰ দাবী উত্থাপন কৰিছে বুলি মন্তব্য কৰে (KMSS protest in Tinsukia)।

তদুপৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী তথা ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে যদিও ৰাজ্য চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । অতিশীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি ৰাইজক সকাহ দিবলৈ আমি চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰী সকলে । লগতে প্ৰতিবাদকাৰীসকলে ঋণ বিচাৰি গাঁৱৰ মহিলাসকলক ভয় ভাবুকি প্ৰদান কৰা এজেণ্টসকলক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ মাথোঁ নিৰ্বাচনৰ আগত কথাৰ ফুলজাৰি মৰা চৰকাৰখনে আগন্তুক নিৰ্বাচনৰ আগত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে (Women demand microfinance loan waiver) ৷

লগতে পঢ়ক:Constituency delimitation of Assam : ২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিৰোধিতা চিপিআই এমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.