ETV Bharat / state

অব্যাহতি পোৱা টাই-আহোম যুৱ পৰিষদৰ দুগৰাকী নেতাৰ বিৰুদ্ধে সৰৱ বিষয়ববীয়া

author img

By

Published : Dec 14, 2020, 12:18 PM IST

অব্যাহতি পোৱা টাই-আহোম যুৱ পৰিষদৰ দুগৰাকী নেতাৰ বিৰুদ্ধে সৰৱ বিষয়ববীয়া
অব্যাহতি পোৱা টাই-আহোম যুৱ পৰিষদৰ দুগৰাকী নেতাৰ বিৰুদ্ধে সৰৱ বিষয়ববীয়া

অব্যাহতি প্ৰদান কৰাৰ পাচতো ভিন্ন স্থানত সভা-সমিতি অয়োজন কৰা টাই-আহোম যুৱ পৰিষদৰ দুগৰাকী নেতাৰ বিৰুদ্ধে সৰৱ বিষয়ববীয়া ৷

তিনিচুকীয়া, 14 ডিচেম্বৰ: টাই-আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দ্বীপ দুৱৰা আৰু দিগন্ত তামুলীয়ে সংগঠনটোৰ সাংবিধানিক নীতি বৰ্হিভূত কাম কৰাৰ বাবে কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে প্ৰায় ১৫-২০ খন জিলা সমিতিৰ সমৰ্থনত যোৱা কিছুদিন তেওঁলোকক সংগঠনটোৰ মজিয়াৰ পৰা অব্যাহতি প্ৰদান কৰিছিল ৷ কিন্তু সংগঠনটোৰ পৰা অব্যাহতি দিয়াৰ পাচতো দুয়োজন নেতাই বিভিন্ন জিলা, আঞ্চলিক সমিতি সমূহলৈ গৈ অন্যান্য বিষয়ববীয়া সকলৰ অজ্ঞাতে সভা-সমিতি অনুষ্ঠিত কৰি ফুৰিছিল ৷

দেওবাৰে মাকুম বনমালী শইকীয়া ভৱনত তেনেদৰে এখন সভা অনুষ্ঠিত কৰি থকাৰ খবৰ অন্যান্য বিষয়ববীয়াসকলে পোৱাৰ পাচতে সেই স্থানত উপস্থিত হয় সংগঠনটোৰ বিষয়ববীয়াসকল ৷ তাৰ পাচতেই সভাখন আধাতে সামৰি দুয়োজন নেতাই তাৰ পৰা পলায়ন কৰে ৷ সেই নেতা কেইগৰাকীক অনাগত দিনত টাই-আহোম যুৱ পৰিষদৰ হৈ কোনো ধৰণৰ অনুষ্ঠানতে আমন্ত্ৰণ নকৰিবলৈ আহ্বান জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷

লগতে পঢ়ক: ধেমাজিত ই-ৰিক্সাৰ বেটাৰী লৈ উধাও চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.